পাৰমাণৱিক অস্ত্রৰে অসমকো লক্ষ্য কৰি লোৱাৰ হুংকাৰ পাকিস্তানৰ
ভাৰতৰ বিৰুদ্ধে পুনৰ পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিছে পাকিস্তানে৷ এই পাৰমাণৱিক যুদ্ধত অসমকো লক্ষ্য কৰি নিয়াৰ ক্ষমতা আছে বুলি দাবী কৰিছে ইছলামাবাদে৷ পাকিস্তানৰ জ্যেষ্ঠ মন্ত্রী শ্বেখ ৰছিদে অতি চাঞ্চল্যকৰ এই বিবৃতি প্রদান কৰিছে । পাকিস্তানৰ এটা বেচৰকাৰী চেনেলত দিয়া সাক্ষাৎকাৰত ৰছিদে কয় যে ভাৰতে যদি পাকিস্তান আক্রমণ কৰে তেনেহ’লে পাকিস্তানৰ ওচৰত পাৰমাণৱিক যুদ্ধৰ বাহিৰে আন কোনো বিকল্প নাথাকিব৷ কাৰণ পৰম্পৰাগত যুদ্ধত ভাৰতৰ লগত যুঁজিব নোৱাৰে পাকিস্তান৷ সেয়েহে পাৰমাণৱিক অস্ত্র ব্যৱহাৰ কৰিবলৈ পাকিস্তান বাধ্য হ’ব৷ পাকিস্তানৰ কোনো অন্য অস্ত্ৰ নাই ভাৰত বা অন্য দেশৰ লগত যুদ্ধ কৰিবলৈ । প্ৰতি বছৰে এনেকৈয়ে ভাৰতক ভাবুকি দি আহিছে পাকিস্তানে ।
কিন্তু অতি আচয্যকৰ বিষয় এই যে ভাৰতত থকা মুছলমান লোকসকলক ৰক্ষা কৰিহে দেশখনে পাৰমাণৱিক অস্ত্র প্রয়োগ কৰিব বুলি মন্ত্রী ৰছিদে স্পষ্ট কৰি দিয়ে৷ পাকিস্তানৰ ছামা টিভিক দিয়া সাক্ষাৎকাৰত তেওঁ কয় যে পাকিস্তানৰ হাতত অতি সূক্ষ্ম তথা নিখুঁত পাৰমাণৱিক অস্ত্র আছে৷ ভাৰতৰ মুছলমান লোকসকলক বচাই নির্দিষ্ট কিছুমান ঠাইতহে পাকিস্তানে এই অস্ত্রবোৰ প্রয়োগ কৰিব৷ মুছলমান সকলক সহযোগ কৰিবলৈহে আহ্বান জনালে মন্ত্ৰী জনে । ইয়াৰ পিছতেই মন্ত্রী ৰছিদৰ মন্তব্য– পাকিস্তানৰ হাতত এতিয়া আনকি অসমলৈকে আঘাত হানিব পৰাকৈ পাৰমাণৱিক অস্ত্র মজুত আছে৷ তেওঁ কয় যে ভাৰতে ভালদৰেই জানে যে পাকিস্তান পৰম্পৰাগত যুদ্ধত ক্ষান্ত নাথাকে৷ সেয়েহে ভাৰতে যদি পাকিস্তান আক্রমণ কৰিব বিচাৰে তেনেহ’লে নতুন দিল্লীয়ে জনা উচিত যে সেয়া হ’ব অন্তিমখন যুদ্ধ৷ কাৰণ তাৰ পিছত আৰু একো নাথাকে৷ পাকিস্তানে ভাৰতে আক্ৰমন কৰাৰ ভয়ত কৈছে নে অন্য উদ্দেশ্য সেৱাটো পৰবৰ্তি পৰ্যায়ত গম পোৱা যাব ।
মন কৰিবলগীয়া যে ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক যুদ্ধৰ ভাবুকি পাকিস্তানৰ এয়া প্রথম নহয়৷ যোৱা বছৰ কেইবাবাৰো দেশখনৰ প্রধানমন্ত্রী ইমৰান খানেও পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিছিল৷ জম্মু আৰু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্রত্যাহাৰ কৰাৰ পিছত ইমৰান খানে পোনে পোনে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক সম্বোধন কৰি পাৰমাণৱিক অস্ত্রধাৰী দুই দেশ যদি সন্মুখসমৰত লিপ্ত হয় তাৰ পৰিণতি কি হ’ব পাৰে তাৰ বিষয়ে জনাইছিল । কেৱল ভাৰত, পাকিস্তান বুলি নহয় সমগ্র বিশ্ব ইয়াৰ দ্বাৰা ক্ষতিগ্রস্ত হ’ব পাৰে৷ লক্ষণীয়ভাৱে পাকিস্তানৰ পাৰমাণৱিক যুদ্ধৰ ভাবুকিক লৈ ভাৰতে কোনো দিন ভয় নকৰে । ভাৰতৰ প্ৰতিজন সেনা জোৱান সাজু হৈ আছু পাকিস্তানক উত্তৰ দিবলৈ । ইছলামিক সংগঠন গুৰুত্ব দিয়া কেৱল এটা সম্প্ৰদায়ক গুৰুত্ব দিয়া এই লংকা নগৰি পাকিস্তানক কি উত্তৰ দিব ভাৰতে ? পাৰমাণবিক বোমাই দুয়োখন দেশক কিমান ক্ষতি কৰিব ? কিমান নিৰিহৰ প্ৰাণ যাব । সেয়া ভবাটো দুৰৰে কথা কেৱল মুছলমান হিন্দুৰ মাজত ভেদাভেদ আনিবলৈ অহনিশে চেষ্টা চলাই আছে সন্ত্ৰাসবাদক পুহি ৰখা পাকিস্তানে ।
End