এতিয়াৰে পৰা বেংক কৰ্মচাৰীয়ে কৰিব নোৱাৰে বেয়া ব্যৱহাৰ !
কথাতে বঁটা, কথাতে গটা। কিছুমান ব্যক্তিৰ ব্যৱহাৰে আপোনাক দিয়ে মিঠা সোৱাদ আনহাতে আনকিছুমানৰ ব্যৱহাৰে দিয়ে তিতা সোৱাদ।নিজৰ ব্যৱহাৰেই নিজৰ পৰিচয় বোলা কথাষাৰে সকলোৰে মনত স্থান ল'ব নোৱাৰে।
শেহতীয়াকৈ চৰকাৰী কাৰ্যালয়সমূহৰ কিছুমান কৰ্মচাৰীৰ ব্যৱহাৰে কাৰ্যালয়লৈ যোৱা লোকক আঘাত হানিছে। ডাঙৰৰো সন্মান থকাৰ দৰে সৰুৰো সন্মান আছে বুলি এচাম লোকে অনুভৱ কৰিব নোৱাৰে।
পিছে চৰকাৰে SBI ৰ ব্যৱহাৰ নজনা কৰ্মচাৰীক এশিকনি দিয়াৰ উদ্দেশ্যে এক কৌশলপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।আপোনাৰ মানসিক আঘাত উপশম হব।
SBI ৰ গ্ৰাহকলৈ দুটা বিশেষ নম্বৰ চৰকাৰে দিছে। সেই নম্বৰ দুটাত অভিযোগ দিলেই SBI ৰ কৰ্মচাৰীৰ জীৱনলৈ আহিব সংকট। ট'ল ফ্ৰী নম্বৰ দুটা হ'ল-১৮০০৪৫২৩৮০০ আৰু ১৮০০১১২২১১ ।
অকল সেয়াই নে? আৰু উপযুক্ত আৰু সহজ প্ৰক্ৰিয়া চৰকাৰে গ্ৰাহকৰ বাবে ব্যৱস্থা কৰিছে। ৮০০২৮০২০২০-এই নম্বৰত 'UNHAPP' বুলি লিখি পঠিয়ালেই আপোনাৰ ব্যৱহাৰৰ দ্বাৰা হোৱা আঘাতৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

