ফটা নোট আপোনাৰ লগত আছে নেকি ? RBI য়ে দিছে নতুন নিয়ম : জানো আহক

যেতিয়া এখন নোট ফাটি যায়, বা অনিষ্ট হয় তেতিয়া আমি সমস্যাত পৰো। সেই নোটখন কোনো দোকান আদিত গ্ৰহণ নকৰাৰ বাবেও আমি সমস্যাত পৰিব লগা হয়। কিন্তু আজি আমি আপোনালোকক জনাওঁ‌ যে ফটা নোট সলনি কৰাৰ বাবে RBI এ কিছুমান গাইডলাইন জাৰি কৰিছে।

Times Guwahati


আহকচোন আমি জানো কোনবোৰ গাইডলাইন RBI এ জাৰি কৰিছে।


এই গাইডলাইন অনুসৰি বেংকসমূহে গ্ৰাহকৰ ফটা অথবা অনিষ্ট হোৱা নোট সলনি কৰি দিব লাগিব। কিন্তু এই ক্ষেত্ৰত নোটখন প্ৰকৃত হয় নে নহয়, সেই নোটখনৰ অৱস্থাটোও বিশেষভাৱে পৰ্যবেক্ষণ কৰা হ'ব। লগতে চোৱা হ'ব যে নোটখন ইচ্ছাকৃতভাৱে নষ্ট কৰা নেকি।

exchange your damaged currency notes


যিটো বেংকত আপুনি নোটখন সলনি কৰিব, সেইটো বেংকৰ আপুনি গ্ৰাহক  নহ'লেও আপোনাক নোটখন সলনি কৰি দিব পাৰিব। এইক্ষেত্ৰত পূৰ্বৰ দৰে কোনো অতিৰিক্ত শুল্ক দিয়াৰো প্ৰয়োজন নাই। সেই নোটখন আপুনি আপোনাৰ একাউণ্টত পইছা জমা কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰিব।

এইক্ষেত্ৰত চাব লাগিব যাতে নোটখন বেছিকৈ পোৰা, অথবা অধিক বেয়া অৱস্থাত নাথাকে। এনেক্ষেত্ৰত সেইনোটখন RBI ৰ ইছ্যু অফিচতহে জমা কৰিব পৰা যাব।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.