আপোনাক কোনো লোকে জানি-বুজি বাৰে বাৰে অপমান কৰিব চেষ্টা কৰিছে নেকি ?

আপোনাক কোনো লোকে জানি-বুজি বাৰে বাৰে অপমান কৰিব চেষ্টা কৰিছে নেকি ?

Has anyone tried to deliberately insult you again and again?


আপোনাক হৃদয়ত লগাকৈ আঘাত দিব চেষ্টা কৰিছে নেকি ? আপোনাক লাজ দিব বিচাৰিছে নেকি ? বা আপুনি হীনমন্যতাত যাতে আপুনি ভুগিব পাৰে, তাৰ বাবে প্ৰচেষ্টা চলাইছে নেকি ? বা আপোনাক অপমানসূচক মন্তব্য কৰিছে নেকি ?

যদি কৰিছে, তেন্তে তাৰ প্ৰতিক্ৰিয়া আপোনাৰ কেনেধৰণৰ ,বা কেনে ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ?

আপুনি যদি সেই কথাৰ দ্বাৰা প্ৰভাৱিত হৈ অধিক চিন্তা কৰে, তেন্তে আপুনি মানসিক অসুস্থতাত ভুগিব, নিজৰে ক'বনোৱাৰাকৈ লোকচানৰ সন্মুখীন হ'ব !মানসিক চাপ,হতাশাত ভুগিব পাৰে ! সেয়ে বেয়া মন্তব্যবোৰক আওকাণ কৰি, বিবেক আৰু বুদ্ধিমত্তাৰে কৌশলপূৰ্ণভাৱে শান্তভাৱে প্ৰত্যুত্তৰ দিব ,সেয়া বিবেচক লোকৰ বুদ্ধিমত্তা ! আপুনি সাৱলীলভাৱে স্পষ্টীকৰণ বিচাৰিব ! আপুনি ভাবিব যে এটা-দুটা অপমানজনক মন্তব্যই আপোনাৰ আত্মসন্মান নিঃশেষ কৰিব নোৱাৰে বা আপোনাৰ যোগ্যতাকো বিনষ্ট কৰিব নোৱাৰে, যদি কৰে, কেইদিনমানলৈ পাৰিব, এদিন দেখিব ,তেওঁ নিজেই ৰাৱণৰ স্বৰ্ণ লংকাৰ দৰেই, বা তাচপাতৰ দৰেই সহি পৰিব !মই ,আপুনি,আমি সকলো মানুহ, সেয়ে ভুল কেতিয়াবা হ'ব পাৰে, কেতিয়াবা কেতিয়াবা সমালোচনাৰো সন্মুখীন হ'ব,সেইবুলি আগুৱাই নাযাব নে, আগুৱাই যাবই লাগিব,কাৰণ জীৱন মানেই জটিল সংগ্ৰাম, কেইজনমান চকুচৰহা ,নিজকে মহান বুলি ভাবি লোৱা ব্যক্তিৰ পৰা আপুনি পিছুৱাই যাব নে ? জীৱনটো আপোনাৰ, সেয়ে আপুনি এখোজ-দুখোজকৈ নিজেই আগুৱাই যাব লাগিব ৷সেয়ে মানসিকভাবে সবল হওঁক, আগুৱাই যাওঁক-সদায়ে কওঁ--" পেটত ভোক, মনত অযুত সপোন, সন্মুখত অজস্ৰ বিফলতা,তথাপিও মানুহ হিচাপে মন যায় অসীম আকাশখন এবাৰ চুই চাবলৈ---

ভাল লাগিলে মন্তব্য জনাব, ৰাইজৰ মাজলৈ নিব বিচাৰিলে শ্বেয়াৰ কৰি দিব 

ধন্যবাদ ৷

অসীম কু: নাথ, নগাঁও, কাছমাৰী ৷

০৩ / ০৭/ ২০২৪   ৷

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.