![]() |
What can cause kidney disease, how to keep two kidneys healthy |
কি কাৰণত কিড্নি অসুস্থ হব পাৰে। জন্মগত ত্ৰুটি, কিড্নিৰ ষ্টোন, কিড্নিৰ সংক্ৰমণ আৰু কিড্নিৰ কেন্সাৰ আদি কিড্নিৰ ৰোগ। কিড্নিৰ জন্মগত ত্ৰুটি বুলিলে কিড্নিত তৈয়াৰ হোৱা প্ৰস্ৰাৱ, যি নলীপথেৰে বাহিৰলৈ ওলায়, সেয়া বন্ধ থকাকে বুজায়।
কিড্নি দুটা সুস্থ ৰখাৰ উপায়
কিড্নি সুস্থ ৰখাৰ প্ৰথম আৰু সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ল পানী বেছিকৈ খোৱাটো। গ্ৰীষ্মকালত প্ৰায় দুই লিটাৰ আৰু শীতকালত প্ৰায় ডেৰ লিটাৰ পানী নিয়মিত খোৱা উচিত। যেতিয়াই পানীৰ পিয়াহ লাগে, লগে লগে পানী খাব লাগে। ৰাস্তাত ঘূৰা-পকা অথবা কৰ্মস্থলীলৈ যাওঁতে লগত পানীৰ পৰিমাণ বেছি থকা ফল খাওক। পানী খোৱাৰ সময়ত ইয়াৰ বিশুদ্ধতাৰ ওপৰতো লক্ষ্য ৰাখক। অপৰিশোধিত পানী খালে উপকাৰতকৈ অপকাৰহে বেছি হব। পানী উতলাই ঠাণ্ডা কৰি খোৱাটো সকলোতকৈ ভাল উপায়। পথৰ দাঁতিৰ কটা ফল-মূল বা কলড ড্ৰিংক খোৱাতকৈ নোখোৱাই ভাল।
বিশেষ কিছুমান খাদ্য যেনে-ৰেডমিট, গৰু বা পঠাৰ মাংস কিড্নিৰ সুস্থতাৰ বাবে ভাবুকিস্বৰূপ। ইয়াৰ সলনি মাছ বা মুৰ্গীৰ মাংস খাব পাৰি। কিড্নিৰ বাবে ই বিশেষ ক্ষতিকাৰক নহয়।
বেছি পৰিমাণে দুগ্ধজাত দ্ৰব্য খোৱা ভাল নহয়। বংশগত কিড্নি ষ্টোনৰ প্ৰৱণতা থাকিলে একেবাৰে নোখোৱাই ভাল।
অক্সালেট বা ইউৰিক এচিড সমৃদ্ধ খাদ্য কিড্নিৰ ষ্টোন গঠনত বিশেষ ভূমিকা আছে। কিড্নিৰ সমস্যা থকা বা বংশগত কিড্নিৰ সমস্যা থকাসকলে পালেংশাক, চীনাবাদাম, কাজুবাদাম, কচু, মানকচু আদি নোখোৱাই ভাল।