" বৃদ্ধি পালে জীৱনদায়ীনি ঔষধৰ দাম, এপ্ৰিল মাহৰ পৰা বৃদ্ধি পালে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম Some of the major changes implemented in the country

বৃদ্ধি পালে জীৱনদায়ীনি ঔষধৰ দাম, এপ্ৰিল মাহৰ পৰা বৃদ্ধি পালে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম Some of the major changes implemented in the country

Some of the major changes implemented in the country


মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক

এপ্ৰিল মাহৰ পৰা বৃদ্ধি পালে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম

বৃদ্ধি পালে জীৱনদায়ীনি ঔষধৰ দাম

আনফালে ইটোৰ পিছত সিটো পৰিবৰ্তনে বিপদত পেলাইছে সাধাৰণ জনতাক

নিমাত চৰকাৰ, নিমাত দল সংগঠন

LPG ৰ মূল্যৰ পৰা FasTag KYC লৈকে দেশত কাৰ্যকৰী হোৱা কৈইটামান ডাঙৰ পৰিৱৰ্তনে আপোনাৰ ওপৰত প্ৰত্যক্ষ ভাৱে প্ৰভাৱ পেলাব। ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা নতুন বিত্তীয় বৰ্ষৰ প্ৰথম দিনাই দেশত বহু পৰিৱৰ্তন হৈছে। ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা নতুন বিত্তীয় বৰ্ষ আৰম্ভ হৈছে আৰু তাৰ সমান্তৰালকৈ দেশত বহুতো ডাঙৰ ডাঙৰ পৰিৱৰ্তন (Rule Change From Today)ও ৰূপায়ণ কৰা হৈছে, যিবোৰ আপোনাৰ বিত্তীয় স্বাস্থ্যৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। এল পি জি চিলিণ্ডাৰৰ মূল্য, ক্ৰেডিট কাৰ্ড আৰু এন পি এছকে ধৰি বহু নিয়ম সলনি হৈছে। 

প্ৰথম পৰিৱৰ্তন: এল পি জি গেছৰ মূল্য

প্ৰতি মাহৰ প্ৰথম দিনাই তেল বিপণন কোম্পানীসমূহে এল পি জিৰ মূল্য সংশোধন কৰে। আনকি চলিত মাহৰ প্ৰথম দিনটোতো কোম্পানীসমূহে চিলিণ্ডাৰৰ দাম সলনি কৰিছে। কিন্তু এই পৰিৱৰ্তন ঘৰুৱা LPG চিলিণ্ডাৰৰ মূল্যত হোৱা নাই, বৰঞ্চ ১৯ কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যতহে এই পৰিৱৰ্তন কৰা হৈছে। ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা দিল্লীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৩০.৫০ টকা হ্ৰাস পাই ১৭৬৪.৫০ টকা হৈছে।

দ্বিতীয় পৰিৱৰ্তন: EPFO ৰ নতুন নিয়ম

এই নতুন নিয়মৰ অধীনত EPF একাউণ্টধাৰীয়ে চাকৰি সলনি কৰাৰ লগে লগে তেওঁৰ পুৰণি PF বেলেঞ্চ নতুন একাউণ্টলৈ ট্ৰেন্সফাৰ হ’ব। ইয়াৰ সুবিধা হ’ব যে চাকৰি সলনি কৰাৰ পিছত আপুনি আপোনাৰ পুৰণি পি এফ বেলেঞ্চ নতুন একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব নালাগিব, বৰঞ্চ ই স্বয়ংক্ৰিয়ভাৱে ট্ৰেন্সফাৰ হ’ব।

তৃতীয় পৰিৱৰ্তন: NPS ৰ নিয়ম

Pension Fund Regulatory and Development Authority (PFRDA) ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা (NPSক অধিক সুৰক্ষিত কৰাৰ বাবে আধাৰ ভিত্তিক দুপদক্ষেপৰ প্ৰমাণীকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই ব্যৱস্থাপ্ৰণালী সকলো পাছৱৰ্ড ভিত্তি NPS ব্যৱহাৰকাৰীৰ বাবে হ'ব, যি ১ এপ্ৰিলৰ পৰা প্ৰণয়ন কৰা হৈছে। 

চতুৰ্থ পৰিৱৰ্তন: FasTag KYC

যদি আপুনি ৩১ মাৰ্চ, ২০২৪ৰ ভিতৰত Fastag KYC আপডেট নকৰিলে, তেন্তে আপুনি ১ এপ্ৰিলৰ পৰা Fastag ব্যৱহাৰ কৰাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনালোকক জনাওঁ যে NHAI এ Fastag KYC বাধ্যতামূলক কৰিছে।

পঞ্চম পৰিৱৰ্তন: বীমা পলিচি ডিজিটেলাইজেচন Insurance Policy Digitization

ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষই বীমা পলিচীৰ বাবে ডিজিটেলাইজেশ্যন বাধ্যতামূলক কৰিছে, যিটো ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। এই নিৰ্দেশনাৰ অধীনত জীৱন, স্বাস্থ্য আৰু সাধাৰণ বীমাকে ধৰি বিভিন্ন শিতানৰ সকলো বীমা পলিচি ইলেক্ট্ৰনিকভাৱে জাৰি কৰা হ’ব। ই-বীমাত বীমা আঁচনিসমূহ ই-বীমা একাউণ্ট (ইআইএ) নামেৰে জনাজাত এক সুৰক্ষিত অনলাইন প্লেটফৰ্মৰ জৰিয়তে পৰিচালনা কৰা হ’ব।

ষষ্ঠ পৰিৱৰ্তন: SBI Credit Card ৰ পৰিৱৰ্তন

ইতিমধ্যে SBI কাৰ্ডে ঘোষণা কৰিছিল যে ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা কিছুমান ক্ৰেডিট কাৰ্ডৰ ভাড়া পৰিশোধৰ লেনদেনত পুৰস্কাৰ পইণ্ট সংগ্ৰহ বন্ধ কৰা হৈছে। ইয়াৰ ভিতৰত আছে AURUM, SBI Card Elite, SBI Card Elite Advantage, SBI কাৰ্ড পালছ আৰু SimplyClick SBI কাৰ্ড।

Addhar car LINK Pan

আধাৰৰ সৈতে পেন সংযোগৰ অন্তিম তাৰিখ ৩০ জুন। যদি আপুনি পান কাৰ্ডধাৰীৰ লগত আধাৰৰ সৈতে আপোনাৰ পেন লিংক কৰা নাই, তেন্তে তেওঁৰ পেন নিষ্ক্ৰিয় হৈ পৰিব। ইয়াৰ পূৰ্বে আধাৰৰ সৈতে পেনক সংযোগ কৰাৰ অন্তিম তাৰিখ আছিল ৩১ মাৰ্চ।

ৰেলৰ টিকট নতুন নিয়ম

১ এপ্ৰিলৰ পৰা ৰেলৱেই সাধাৰণ টিকটৰ ধন পৰিশোধৰ ক্ষেত্ৰতো সালসলনি কৰিছে। যদি আপুনি সাধাৰণ টিকটেৰে যাত্ৰা কৰে তেন্তে এই খবৰটো আপোনাৰ বাবে উপযোগী। ১ এপ্ৰিলৰ পৰা ৰে’লৱেই সাধাৰণ টিকটৰ ধন পৰিশোধৰ বাবেও ডিজিটেল QR ক’ড অনুমোদন জনাইছে, যাৰ জৰিয়তে যাত্ৰীসকলে এতিয়া UPI ৰ জৰিয়তে সাধাৰণ ৰে’লৰ টিকট ক্ৰয় কৰিব পাৰিব।

পেট্ৰল-ডিজেলৰ মূল্যৰ কোনো পৰিৱৰ্তন নহয়

১ এপ্ৰিল (সোমবাৰ)ত পেট্ৰ’ল-ডিজেলৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। নতুন দিল্লীত পেট্ৰ’লৰ মূল্য ৯৪.৭২ টকা, মুম্বাইত ১০৪.২১ টকা, কলকাতাত ১০৩.৯৪ টকা, অসমত ৯৮ টকা  আৰু চেন্নাইত ১০০.৭৫ টকা হৈছে।

এতিয়াৰে পৰা ৩% দামী হৈ পৰিব KIA কোম্পানীৰ বাহন

ভাৰতত বিক্ৰী হোৱা সকলো বাহনৰ মূল্য ৩ শতাংশ বৃদ্ধি কৰিবলৈ ওলাইছে, যিটো ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে । আনহাতে, আন এটা বৃহৎ বাহন নিৰ্মাতা কোম্পানী Toyota Kirloskar Motorও নিজৰ নিৰ্বাচিত কিছুমান মডেলৰ মূল্য ১ শতাংশ বৃদ্ধি কৰিছে, এইবাৰ কোম্পানীটোৱে দ্বিতীয়বাৰৰ বাবে নিজৰ বাহনৰ মূল্য বৃদ্ধি কৰিবলৈ ওলাইছে। 

এতিয়া সিদ্ধান্ত আপোনাৰ নিৰ্বাচনৰ বতৰত চমক দেখুৱাৰ । 

Post a Comment

Previous Post Next Post

People Like