নাগৰিকত্ব সংশোধনী আইনৰ আশংকাত আত্মহত্যা এজন লোকৰ Man dies by suicide due to 'fear of CAA', says family



নাগৰিকত্ব সংশোধনী আইনৰ আশংকাত আত্মহত্যা এজন লোকৰ

ককাকৰ বাসগৃহত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ

বাংলাদেশলৈ উভতি যোৱাৰ আশংকাত আত্ম্যহত্যা ৩১ বছৰীয়া দেবাছিছ সেনগুপ্তাৰ

বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ আশংকাত আত্মহত্যা কৰি এজন লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে পৰিয়ালৰ লোকে।

নেতাজী নগৰৰ বাসিন্দা ৩১ বছৰীয়া দেবাছিছ সেনগুপ্তাৰ আত্মহত্যাৰ ফলত মৃত্যু হোৱা বুলি অভিযোগ উঠিছে আৰু তেওঁক মৃত অৱস্থাত সোণাৰপুৰ গ্ৰাম্য চিকিৎসালয়লৈ অনা হৈছিল। ককাকৰ বাসগৃহত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো

পৰিয়ালৰ লোকে দাবী কৰে যে CAAক লৈ দেৱাশিশ অত্যাধিক আতংকিত হৈ পৰিছিল। মৃত ব্যক্তিজনৰ দেউতাক বাংলাদেশৰ পৰা আহিছিল আৰু ইয়াতেই জন্ম হৈছিল দেৱাশীষ। কিন্তু মৃতকজনে বাংলাদেশলৈ ঘূৰাই পঠোৱাৰ আশংকাত সদায় ভয় খাইছিল।"

অৱশ্যে দেৱাশীয়ে কোনো ছুইচাইড নোট এৰি যোৱা নাই আৰু আৰক্ষীয়ে তেওঁৰ মৃত্যুৰ কাৰণ নিশ্চিত কৰা নাছিল। তেওঁৰ পৰিয়ালৰ লোকে দাবী কৰে যে নাগৰিকত্ব বিষয়ক লৈ দেবাশিছে সঘনাই আতংকিত হৈ আহিছে। "আমি তেওঁক কৈছিলো যে তেওঁ ভাৰতত জন্মগ্ৰহণ কৰিছে আৰু CAA লৈ চিন্তা কৰা উচিত নহয়। তেওঁ সদায় নিজৰ নথি-পত্ৰৰ বিষয়ে আলোচনা কৰিছিল আৰু আধাৰত জন্ম তাৰিখ সম্পৰ্কীয় সমস্যা থকাৰ সময়তে পিতৃৰ নথি-পত্ৰ হেৰাই গৈছে বুলি কৈছিল। ই আছিল নিৰন্তৰ চিন্তাৰ বিষয়।" দেবাশিৰৰ দেউতাক বহুত বুঢ়া আৰু তেওঁ আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী।

ইফালে, তৃণমূলৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে পাঁচজনীয়া প্ৰতিনিধি দল গঠন কৰি মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰি শোকৰ সময়ত তেওঁলোকৰ সৈতে থিয় দিছে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.