- এগৰাকী মুছলমান ছোৱালীয়ে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম
- ৰামক ভাল পায় বাবেই ৰামলৈ বিয়া হোৱাৰ হেপাহ আছিল ছোৱালী জনীৰ
- মুছলমান যুৱতীগৰাকীৰ পৰিয়ালে বাধা কৰিছিল যদিও শুনা নাছিল তাই
- মুছলমান ছোৱালী গৰাকীৰ নাম ফৰাহ আনছাৰী
- হিন্দু যূৱক জনৰ নাম ৰাম
ফৰাহ আনছাৰী নামৰ এগৰাকী মুছলমান ছোৱালীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰি ৰাম নামৰ হিন্দু মানুহ এজনক বিয়া কৰাইছিল। আৰু তাই নাম হৈ পৰিল ‘জানকী’। ঘটনাটো উত্তৰ প্ৰদেশৰ বাৰেলীৰ। ২০২৩ চনৰ ৩০ ডিচেম্বৰত ভূটা থানাৰ অধীনস্থ অযোধ্যা ধাম মন্দিৰত দুয়োৰে বিবাহ হয়।
তেওঁলোকৰ কোনো পৰিয়ালৰ লোকেই বিয়াত উপস্থিত নাছিল। আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰি নিৰাপত্তাৰ দাবী জনাইছে দম্পতীহালে। এই বিষয়ে অৱগত কৰি ২৩ বছৰীয়া জানকীয়ে কয়, ‘মই বহু বছৰ ধৰি ৰামক চিনি পাইছো। আমি একেলগে এখন ব্যক্তিগত বিদ্যালয়ত পঢ়িছিলো। তেতিয়াৰ পৰাই আমি ইজনে সিজনৰ প্ৰেমত পৰিছো। ৰামক বিয়া কৰাব বিচাৰিছিলো; গতিকে, মই হিন্দু ধৰ্ম গ্ৰহণ কৰিলোঁ। বিয়াৰ পিছত মোৰ নাম সলনি কৰি জানকী হ'ল। এই সকলোবোৰ মই নিজৰ ইচ্ছামতে কৰিছো”।
B-TECH সম্পূৰ্ণ কৰাৰ পিছত ৰামে ভূটাত টিউচন ল’বলৈ আৰম্ভ কৰে। এজন হিন্দু পুৰুষৰ সৈতে তেওঁৰ প্ৰেমৰ বিৰোধিতা কৰিছিল ফাৰাহৰ পৰিয়ালে। বিয়াৰ ৩ দিন আগতে ফাৰাহৰ পৰিয়ালে তাইক এটা কোঠাত আবদ্ধ কৰি মাৰপিটো কৰিছিল। কিন্তু প্ৰেমে নামানিলে কোনো বাধা আৰু অৱশেষত এই বিষয়ে তথ্য পোৱাৰ লগে লগে ৰামে তাইৰ ঘৰলৈ গৈ পোনে পোনে ভূটা থানালৈ লৈ যায়। ইয়াৰ পিছত দুয়োৰে বিয়া হৈছিল ভূটা থানাৰ অধীনস্থ অযোধ্যা ধাম মন্দিৰত। এই উপলক্ষে ভূটাৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক মিষ্টাৰ সৰ্বেন্দ্ৰ, ব্লক মেনেজাৰ পৰমত্মা স্বৰূপ আৰু আন বহুকেইজনে নৱবিবাহিত দম্পতীক আশীৰ্বাদ দিয়ে। এতিয়া দুয়ো সুবেই সুখী ।