মৰিগাঁও জিলাৰ আয়ুক্ত দেবাশীষ শৰ্মাই আজি ১ নৱেম্বৰ তাৰিখে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ সৈতে জিলাখনৰ দলংঘাট উন্নয়ন খণ্ডৰ চাবুকধৰা মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বিদ্যালয়খনৰ আন্তঃগাথঁনি তথা অৱস্থাৰ বুজ লয়

 মৰিগাঁও জিলাৰ আয়ুক্ত দেবাশীষ শৰ্মাই আজি ১ নৱেম্বৰ তাৰিখে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ সৈতে জিলাখনৰ দলংঘাট উন্নয়ন খণ্ডৰ চাবুকধৰা মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বিদ্যালয়খনৰ আন্তঃগাথঁনি তথা অৱস্থাৰ বুজ লয়।আয়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বহু গঠনমূলক পৰামৰ্শ আগবঢ়োৱাৰ লগতে তেওঁলোকক উৎসাহিত কৰিব পৰা বক্তব্য আগবঢ়ায়। তেওঁ কয় যে সফলতা অৰ্জনৰ বাবে সাৰে থকা অৱস্থাত নিজৰ জীৱনটোক লৈ সপোন দেখাৰ প্ৰয়াস কৰিব লাগিব। 



তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিজে ভালপোৱা কামবোৰ অতি দায়বদ্ধতাৰে কৰি যাবলৈ আহ্বান জনায়। তেওঁ কয় যে কোনো কামেই সৰু নহয়। অকামিলা হৈ পৰনিন্দা কৰি জীৱনটো কটাই দিয়াতকৈ সৰু কাম এটাকো নিষ্ঠাৰে কৰিলে জীৱনৰ পথত দৃঢ়তাৰে আগবাঢ়ি যাব পাৰি। তেওঁ কয় যে নিজকে কেতিয়াও বহুত ডাঙৰ বুলি ভাবিব নালাগে। সৰু সৰু কামেৰে আগবাঢ়ি নিজকে সমাজৰ বাবে উৎসৰ্গা কৰিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ বৰেণ্য কবি চন্দ্ৰধৰ বৰুৱাৰ "ধূলিকনা মই" কবিতাটো আবৃত্তি কৰে। 


অনুষ্ঠানত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে কয় যে সফলতা অৰ্জনৰ দিশত মাধ্যম কেতিয়াও হেঙাৰ নহয়। শিক্ষাই মানুহক প্ৰকৃত নাগৰিক হিচাপে গঢ়ি তোলাত সহায় কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান সময়ত বৃত্তিমূলক শিক্ষায়ো এগৰাকী ছাত্ৰক শীৰ্ষলৈ লৈ যাব পাৰে। তেওঁ কয় যে এতিয়া সমগ্ৰ বিশ্ব এক গোলকীয় গাঁও হৈ পৰিছে। এতিয়া মোবাইল ফোনতে এগৰাকী ছাত্ৰই সকলো তথ্য লাভ কৰিব পাৰে। মোবাইল ফোন ব্যৱহাৰ কৰোঁতে তেওঁ সাৱধান হ'বলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়। তেওঁ শিক্ষাৰ লগতে খেলা-ধূলা, সংগীত আৰু অন্যান্য দিশতো চৰ্চা অব্যাহত ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.