বোৱাৰী নোহোৱাই ভাল
পিছচোতালৰ মূৰতে এজোপা ডাঙৰ কৰ্দৈ গছ। তাৰ তলতে তিনিটা শিলেৰে উধান পুতি ঠাণ্ডাদিন বোৰত বাৰীৰ জেং জোং খৰিবোৰ বুটলি আনি গৰম পানী কৰে। পুৱাৰ চাহৰ খোলাটো কেতিয়াবা তাতেই সামৰে।বাৰীৰ মিঠাআলু, কাঠআলু আৰু কেতিয়াবা চুঙা চাউল দোৱাভজা চিৰায়েও শুভা কৰে।এক কথাত এই জুহালখনে ঠাণ্ডা দিনত ঘৰৰ সকলো সদস্যৰ সমিল মিলৰ এখন ঘৰুৱা মঞ্চ।
নতুন ঘৰ এখনত তাই এই সকলো কাম নিয়াৰিকৈ কৰি ভাতৰ খোলাত বঢ়িব লাগে।ঘৰৰ ডাঙৰ বোৱাৰী, শাহুৱেকে সকলো তাইকে এৰি দিছে।দিনৰ দিনটো টাকুৰী ঘুৰদি ঘৰখনৰ ভিতৰত ইটো সিটোকৈ কামবোৰৰ পিছে পিছে ঘুৰি ঘুৰি তাইৰ নিজৰ বাবে আহৰিয়ে নোপোৱা হৈছে। শাহুৱেকৰ কাঢ়া নিৰ্দেশ- ঘৰৰ ডাঙৰ বোৱাৰী যেতিয়া সকলো চম্ভালিব লাগিব।ঘৰত থাকোতে ঘৰচিৰিকা চৰাইজনীৰ দৰে সকলো সময়তে জঁপিয়াই ফুৰা ছোৱালীজনীয়ে মাজে মাজে ভাগৰি পৰে, হতাশ হৈ পৰে। কিন্তু কি কৰিব তাই? মনৰ কথা এষাৰ পাতিবলৈও ওচৰত মানুহজন নাই।বছৰৰ দুমাহমানহে লগত পায়।বাকী সময়খিনি সীমান্তত ৰখীয়া হৈ থাকেগৈ।মোবাইল ফোনতে খবৰ এটা লোৱাৰ বাদে তাইৰ আৰু একো উপাই নাথাকে।শাহু শহুৰৰ কাৰা নীতি-নিয়মৰ মাজত তাই নিজকে বন্দী বন্দী লাগি আহিব ধৰিছে।প্ৰতিটো খোজতে শাহুৱেকৰ কাঢ়া চকু-
এৰি অহা বিচনাত দুনাই দিনত শুব নাপায়, গা নুধুৱাকৈ ইটো বস্তু নুচুবা, সিটো নকৰিবা, ডঙৰৰ ছাঁ গচকি নাজাবা, ওচৰেদি গলে হাওলি যাবা, চেন্দেল নিপিন্ধিবা, পিন্ধিলেও চুচুৰাই শব্দ কৰি নাযাবা, দেউনা দলি পাৰ হওঁতে ভৰি চুচৰাই পাৰ হ’বা, পানী পতাত নবহিবা, চকীত নবহিবা মুঠতে তাই আগৰ পৰা কৰি অহা সকলোবোৰ কামৰ আগত না লাগি গ’ল।চাহ দিওঁতে বাতিটো মাটিত দিয়াৰ আগত ঠাই কণ মোহাৰি সেৱা কৰা, দিনটো এশ এবুৰি মানুহক সেৱা সুশ্ৰষা কৰোতে তাইৰ কঁকালৰ পৰা ভৰিৰ কলাফুল লৈকে বিষত তৰণি নোপোৱা হয়। দিনৰ দিনটো যেতিয়া সকলো আওহা মাৰি বিচনাত পৰেগৈ তাই উশাহ বোৰ চুটি হৈ আহিব ধৰে।ক’ব নোৱাৰা এক অবুজ বেদনাসিক্ত ভাগৰে তাইক হেঁচা মাৰি ধৰে।নিসংগ বিচনাখনত উবুৰিখাই পৰি তাই ভাবে কপালত এইখিনিকে লিখা আছিলে নে?কিয় বাৰু তাইক ভগৱানে ইমান পৰীক্ষা কৰিছে?
সিদিনা ককায়েকে আহি খবৰ লৈ গৈছিল।যাবৰ সময়ত ‘কেনে আছ তই’ বুলি সুধোতে তাইৰ বুকুৰ ভিতৰত এক বুজাব নোৱাৰা কোলাহলে উকমুকাই খুন্দামাৰি ওলাই আহিব খুজিছিল।তেঁওৱে বিছাৰি দিছে সুখৰ ঠিকনাটো এতিয়া দুখ হব নে? গাঁৱতে ভালোপোৱাৰ ঠিকনাটো এৰি কিয় বাৰু তাই সুখী নহব? আবতৰত ফুলা গোলাপৰ পাহিটোৰ দৰে মুখত হাঁহি অকণ ওলমাই সিপ এটা গিলি কৈছিল-
‘ঠিকেই আছো ককাইদেউ, তই চিন্তা নকৰিবি।একো অসুবিধা হোৱা নাই।কি অসুবিধা হ’ব নো মোৰ? আৰু তইচোন আছই। শাহু, শহুৰ, দেউৰ সকলো আছে..।মই সঁচাই সুখী হৈ আছো ককাইদেউ। বহুত বহুত বেছি সুখী..।’
পিছৰ ফাললৈ তাই দুচকুৱেদি দুধাৰি চকুলো নিগৰি আহিব খুজিছিল।কিন্তু সকলো সম্বৰণ কৰি এক সফল অভিনেত্ৰিৰ দৰে ককায়েকক বিদায় দিলে। বিছনাত কিমান সময় তাই পৰি ৰৈছিল মনত নাই।গাৰুটো তিতি গৈছিল কব নোৱাৰাকৈ। বোৱাৰী হোৱাৰ যে এয়াই নিয়তি তাই বুজি পাইছিল। কিজানি সময়েও বুজিছিল...।
কিয় কিয় তাইৰ আজি এনেকুৱা হৈছে?বুকুৰ ভিতৰত কিয় ইমান কোলাহল অনুভৱ কৰিছে?কিয়?? কিহৰ বাবে? এৰি অহা যৌৱনটোৰ বাবে নে? বুকুখন বিষাই আহিছে তাই। সেমেকি থকা চকুযোৰি মোহাৰিলৈ এবাৰ জুকিয়াই চালে কথাবোৰ। সুখ...! এৰা তাই সুখীয়ে হৈ আছে। আছেনে ???
কিহৰ বাবে কাৰ বাবে বুকুৰ ভিতৰত ইমান কোলাহ’ল?
তাই গিৰিয়েক?
ওঁহো তাইৰ দেখুন গিৰিয়েকৰ কথা মনত পৰিলেও বুকুৰ ভিতৰত কোনো কোলাহল সৃষ্টি নহয়।
তেনেহলে কাৰ? কোন?
তাইৰ ভালপোৱা! এৰা তাইৰ মৰম।
যাৰ মৰমে তাইৰ বুকুৰ ভিতৰখনত বান হৈ উঠিছিল।যাৰ হাঁহিবোৰ অনবৰতে তাইৰ কানত গুণগুণাই থাকে, কথাবোৰে অনবৰত বুকুৰ ভিতৰত খলখলাই থাকে।পাৰিছে জানো তাই বুকুৰ মৰমবোৰ বিবাহিত স্বামিক দিবলৈ?দেহটোৰ বাদে হয়টো তাই নোৱাৰিব।যাক তনমন দি তাই জীৱনৰ সৰ্বোচ্ছ উজাৰি দি আহিছে সেই জনৰ বাদে আনক পাৰিব নে তাই দিব?
নিসংগ বিচনাত তাইৰ এই প্ৰশ্নবোৰে বাৰে বাৰে আমনি কৰি থাকে।উজাগৰি ৰাতি তৰাবোৰৰ সতে কলকলাই থাকে।কিমান দিনলৈ তাই অভিনয় কৰিব লাগিব? তাই বাৰু পাৰিব নে?
দিনটোৰ ভাগৰৰ টোপোলাটোৱে হেঁচা মাৰি ধৰি নীদ্ৰা দেৱীৰ কোলালৈ লৈ যায় পুৱা হয় নতুন সূৰুযৰ কিৰণত চকুত এবুকু সপোন আঁকি দিনটোলৈ আগবাঢ়ে-
‘কিজানি এবাৰ...
এবাৰ তাইৰ মৰমৰ মিঠালগা হাঁহিটো, কথাবোৰ শুনিব পোৱা হ’লে...”
জীৱনবোৰ এনেকুৱাই নিজে সঁজা জুপুৰিত আনে ঘুমতি মাৰে। ৰঙীণ জীৱনবোৰ হৰ্থাতে ভাঙি ঠানবান হৈ পৰে। কোন বাৰু জগৰীয়া? সময় নে সমাজ নে ব্যক্তিবিশেষ নে তাইৰ কপাল? এৰা কপালৰ ৰেখাবোৰকে তাই জগৰীয়া কৰে। মোহাৰিবলৈ এখন যাদুকৰী চাদৰ পোৱাহলে....!!