ঘৰৰ 'এন্টিলিয়া'তকৈ বেছি সময় ক'ত কটায় মুকেশ আম্বানীয়ে?
বিলাসিতা জীৱনৰ আৰত কোন ? এন্টিলাক ক’ত থাকেগৈ মুকেশ আম্বানি ?
ভাৰতৰ বিখ্যাত ব্যৱসায়ী, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানী । কোটিপতি হোৱাৰ উপৰিও তেওঁৰ ৰাজকীয় জীৱনশৈলীৰ বিষয়ে কম বেছি পৰিমাণে সকলোৱে জানে।
মুকেশ আম্বানী এজন ভাৰতীয় গুজৰাটী হিন্দু যদিও তেওঁৰ জন্ম (১৯৫৭) য়েমেনৰ এডেনত। পিছলৈ তেওঁৰ পৰিয়াল মুম্বাইলৈ গুচি যায় আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হয়। পিতৃ ধীৰুভাই আম্বানীৰ মৃত্যুৰ পিছত মুকেশ আৰু ভাতৃ অনিল বিভিন্ন কোম্পানীত অংশীদাৰ হৈ পৰে। অৱশ্যে ২০১৬ চনত মুকেশ আম্বানীয়ে JIO আৰম্ভ কৰি প্ৰচণ্ড সফলতা অৰ্জন কৰিছিল।
ব্যৱসায়ৰ উপৰিও মুকেশ আম্বানী বিভিন্ন কাম-কাজৰ লগত জড়িত। এইবোৰ কামত দিন কটায়। মুম্বাইৰ তেওঁৰ বিখ্যাত ঘৰ এন্টিলিয়াত ৬০০ কৰ্মচাৰী আছে। কিন্তু মুকেশ আম্বানীয়ে এই বিলাসী ঘৰটোৰ বাহিৰে আন ঠাইত বেছি সময় কটায়, আৰু এই তথ্য তেওঁৰ ঘৰৰ কৰ্মচাৰীয়ে ফাদিল কৰিছিল।
২৭ মহলীয়া এন্টিলিয়া মুম্বাইৰ দক্ষিণ বম্বে অঞ্চলত এক ল্যাণ্ডমাৰ্কত পৰিণত হৈছে। ২০১০ চনত নিৰ্মাণ কৰা এইখন আম্বানী পৰিয়াল ২০১২ চনত ইয়ালৈ আহিছিল। কিন্তু তথাপিও মুকেশ আম্বানী ইয়াত বেছি সময় নাথাকে। আচলতে তেওঁ পত্নী নীতা আম্বানীৰ সৈতে বহিঃৰাজ্যত অধিক সময় কটায়।
২০২১ চনত মুকেশ আম্বানীয়ে লণ্ডনৰ ষ্ট’কছ পাৰ্ক ক্ৰয় কৰি ইয়াত নিৰ্মিত বিলাসী ঘৰটোত বেছিভাগ সময় কটায়। ৩০০ একৰত বিস্তৃত এই মাটিৰ মূল্য ভাৰতীয় মুদ্ৰাত প্ৰায় ৫৯২ কোটি। ষ্টক পাৰ্কত আছে ৪৯টা বিলাসী শোৱা কোঠা আৰু ছুইট, ২৭টা ফুটাযুক্ত গলফ খেলপথাৰ, ১৩টা টেনিছ ক’ৰ্ট আৰু ১৪ একৰ ব্যক্তিগত বাগিচা।
এন্টিলিয়াত কাম কৰা লোকসকলে কয় যে মুকেশ আম্বানীয়ে বেছিভাগ সময় লণ্ডনৰ ঘৰত কটায় আৰু ইভেণ্টৰ বাবে ভাৰতলৈ উভতি আহে। আম্বানী পৰিয়ালে চলিত বৰ্ষৰ ১৫ আগষ্টৰ দিনটো দেশৰ বাহিৰত লণ্ডনৰ ঘৰত উদযাপন কৰে। লণ্ডনত থকা তেওঁৰ ঘৰটো পৃথিৱীৰ আটাইতকৈ দামী ঘৰবোৰৰ ভিতৰত অন্যতম।