জুহি চাওলাই কিহৰ লোভত এই বৃদ্ধজনক বিয়া কৰাইছিল ? প্ৰকৃততে গিৰিয়েক কোন চিনি পায়নে ?

জুহি চাওলাই কিহৰ লোভত এই বৃদ্ধজনক বিয়া কৰাইছিল, প্ৰকৃততে গিৰিয়েক কোন চিনি পায়নে ?



জুহি চাওলা ৯০ দশকৰ বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী আছিল। এসময়ত সমগ্ৰ ভাৰতে তেওৰ অভিনয়ৰ লগতে তাইৰ সৌন্দৰ্য্য উপভোগ কৰিছিল। কিন্তু আজিও তেওঁৰ ৰূপৰ আশ্চৰ্য্য ইমান কমি যোৱা নাই। কিন্তু এই ধুনীয়া অভিনেত্ৰীগৰাকীৰ স্বামী কোন জানেনে?

১৯৯৫ চনত অভিনেত্ৰীগৰাকীয়ে অভিনয় জগতৰ পৰা বহু দূৰৈৰ এজন ব্যক্তি উদ্যোগপতি জয় মেহতাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। আৰু এই জয়ৰ জন্ম হৈছিল ১৯৬১ চনৰ ১৮ জানুৱাৰীত। তেওঁৰ দাদা আছিল বিখ্যাত টাইকুন কালিদাস মেহতা। তেওঁলোকৰ পাৰিবাৰিক ব্যৱসায় ভাৰতৰ পৰা আফ্ৰিকা, কানাডা, আমেৰিকালৈ বিয়পি পৰিল।



নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত পঢ়া-শুনা সমাপ্ত কৰি জয় ভাৰতলৈ উভতি আহি ঘৰতে পৰিয়ালৰ ব্যৱসায়ত মনোনিৱেশ কৰে। বৰ্তমান তেওঁৰ কোম্পানীটোৰ বজাৰ মূল্য প্ৰায় ৪১৩০ কোটি টকা। আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ দলতো ধন বিনিয়োগ কৰিছিল।

কিন্তু ব্যৱসায়ত প্ৰৱেশৰ আৰম্ভণিতে উদ্যোগপতি যশ বিৰলাৰ ভগ্নী সুজাতা বিৰলাই তেওঁক বিয়া কৰাইছিল। কিন্তু বিমান দুৰ্ঘটনাত সুজাতাৰ মৃত্যু হয়। আৰু তেতিয়াৰ পৰাই জয় একপ্ৰকাৰ ভাঙি গৈছে। আৰু এই সময়ত জুহি চাওলা বন্ধু হিচাপে জয়ৰ কাষত থিয় হৈ আছিল। ইয়াৰ পিছত তেওঁলোকৰ সম্পৰ্ক আগবাঢ়িল।



জয়ৰ প্ৰথম পত্নীৰ মৃত্যুৰ পিছত জুহি সদায় জয়ৰ কাষত আছিল প্ৰিয় বন্ধু হিচাপে। তাৰ পাছত লাহে লাহে তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ পৰিণত হ’ল। কিন্তু এই সকলোবোৰৰ মাজতে গাড়ী দুৰ্ঘটনাত জুহিৰ মাকৰো মৃত্যু হয়। আৰু এই ঘটনাত জুহি ভাঙি পৰিল।

তাৰ পিছত জয় আৰু জুহীয়ে ১৯৯৫ চনৰ ডিচেম্বৰ মাহত পৰ্দাৰ আঁৰত বিবাহপাশত আবদ্ধ হয়। তাৰ পিছত ২০০১ চনত জানহৱীৰ জন্মৰ সময়ত জুহি আৰু জয়ৰ বিবাহ পোহৰলৈ আহে। সম্প্ৰতি জয় মেহতা পত্নী, সন্তান আৰু ব্যৱসায়ক লৈ সুখী।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.