চন্দ্ৰযান-৩ মিছন: চন্দ্ৰৰ মালিক কোন জানেনে?

চন্দ্ৰযান-৩ মিছন: চন্দ্ৰৰ মালিক কোন জানেনে ?



চন্দ্ৰযান ৩ মিছনঃ চন্দ্ৰযান-৩ অভিযানত ভাৰতে ইতিহাস ৰচনা কৰে। চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ল ভাৰত। অৱশেষত অপেক্ষাৰ সুখৰ অন্ত। এই প্ৰতিবেদনত চন্দ্ৰ সম্পৰ্কীয় কিছু তথ্য পাঠকৰ সন্মুখত দাঙি ধৰা হৈছে।

১) প্ৰশ্ন : ভাৰতৰ চন্দ্ৰযান-১ চন্দ্ৰপৃষ্ঠত কি বিচাৰি পালে?

উত্তৰঃ ভাৰতৰ চন্দ্ৰযান-১ বিমানে ২০০৯ চনত চন্দ্ৰপৃষ্ঠত পানী আৱিষ্কাৰ কৰিছিল।


২) প্ৰশ্ন : চন্দ্ৰত কোনজন ভাৰতীয় অভিনেতাই এটুকুৰা মাটি কিনিছিল?

উত্তৰঃ সুশান্ত সিং ৰাজপুতে চান্দৰ মাটি এটুকুৰা ৫৫ লাখ টকাত কিনিলে। কেৱল সেয়াই নহয়, টেলিস্কোপত চকু ৰাখি চন্দ্ৰৰ ভূমি চোৱাচিতা কৰিছিল অভিনেতাজনে।


৩) প্ৰশ্ন : কোন বছৰত মানুহে প্ৰথমে চন্দ্ৰত ভৰি দিছিল?

উত্তৰঃ ১৯৬৯ চনত।


৪) প্ৰশ্ন : চন্দ্ৰ পৃথিৱীৰ পৰা কিমান দূৰত?

উত্তৰঃ পৃথিৱীৰ কেন্দ্ৰৰ পৰা চন্দ্ৰৰ কেন্দ্ৰলৈ গড় দূৰত্ব ৩ লাখ ৮৪ হাজাৰ ৪০০ কিলোমিটাৰ।


৫) প্ৰশ্ন : প্ৰতি বছৰে চন্দ্ৰ পৃথিৱীৰ পৰা কিমান দূৰলৈ গতি কৰে?

উত্তৰঃ ৩.৭৮ চে.মি.


৬) প্ৰশ্ন : চন্দ্ৰৰ পোহৰ পৃথিৱীলৈ যাবলৈ কিমান সময় লাগে ?

উত্তৰঃ ১.৩ ছেকেণ্ড।


৭) প্ৰশ্ন : চন্দ্ৰক কিয় পৃথিৱীৰ উপগ্ৰহ বুলি কোৱা হয়?

উত্তৰঃ চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি থকাৰ বাবে উপগ্ৰহ।



৮) প্ৰশ্ন : চন্দ্ৰযান-৩ৰ লেণ্ডাৰ আৰু ৰভাৰৰ নাম কি?

উত্তৰঃ চন্দ্ৰযান-৩ৰ লেণ্ডাৰ নাম বিক্ৰম, ৰভাৰৰ নাম প্ৰজ্ঞান।


৯) প্ৰশ্ন : চন্দ্ৰত প্ৰথম কোনটো খেল খেলা হৈছিল ?

উত্তৰ : গলফ খেলা।


১০) প্ৰশ্ন : চন্দ্ৰৰ উপৰিভাগত যদি দাগ থাকে তেন্তে সেই দাগ কেতিয়াও আঁতৰোৱা নহয় কিয়?

উত্তৰঃ চন্দ্ৰত বায়ু-পানী নথকাৰ বাবে ইয়াত কোনো পৰিৱৰ্তন নহয়।


১১) প্ৰশ্ন : চন্দ্ৰৰ বয়স কিমান?

উত্তৰ : ৪.৫১ বিলিয়ন বছৰ।


১২) প্ৰশ্ন : চন্দ্ৰৰ আটাইতকৈ ডাঙৰ পৰ্বত কোনটো?

উত্তৰঃ লাইবনিট্জ পৰ্বত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱস্থিত আৰু ইয়াৰ উচ্চতা ৩৫ হাজাৰ ফুট।


১৩) প্ৰশ্ন : শান্তিসাগৰ ক'ত অৱস্থিত?

উত্তৰঃ চন্দ্ৰৰ পিছফালে থকা ধূলিক্ষেত্ৰখনক শান্তিসাগৰ বোলে, যিখন সম্পূৰ্ণ আন্ধাৰ।


১৪) প্ৰশ্ন : চন্দ্ৰই পৃথিৱীক এবাৰ ঘূৰিবলৈ কিমান দিন লাগে?

উত্তৰঃ প্ৰায় ২৭ দিন ৮ ঘণ্টা।


১৫) প্ৰশ্ন : চন্দ্ৰ কাৰ মালিক আপুনি জানেনে?

উত্তৰঃ ১৯৬৭ চনৰ বহিঃ মহাকাশ চুক্তি অনুসৰি কোনো দেশ বা ব্যক্তিৰ বহিঃ মহাকাশ বা চন্দ্ৰ বা আন গ্ৰহত মালিকীস্বত্ব দাবী কৰাৰ অধিকাৰ নাই। যিকোনো দেশে চন্দ্ৰত নিজৰ পতাকা ৰোপণ কৰিব পাৰে, কিন্তু কোনেও মালিক হ’ব নোৱাৰে।

Post a Comment

Previous Post Next Post

People Like