PMEGP ৰ Loan ৰ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে মৰিগাঁৱ জিলাৰ চৰাইবাহী বৰভগীয়াত এখনি বিশেষ সজাগতা সভাৰ আয়োজন



চৰকাৰে ঋণ প্ৰদান কৰিব বিচাৰি আছে , কিন্তু জনসাধাৰণে ঋণ ল'বলৈ বিচৰা নাই !

১৫ বছৰত চৰকাৰী ঋণ লৈ উদ্যোগ সংস্থাপনো কৰিছে !

চাকৰিৰ অভাৱত ভূগিছে নেকি আপুনি? তেন্তে চৰকাৰে দি আছে এই বৃহৎ সুযোগ 

ভাৰত বৰ্ষত চাকৰি পোৱা লোকৰ সংখ্যা মাত্ৰ ৪% ! এই হাৰৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী আঁচনি সমূহৰ সদ ব্যৱহাৰ কৰাৰ সংকল্পৰে আগুৱাই আহিব লাগিব কৰ্ম উদ্যমী নতুন প্ৰজন্মৰ প্ৰতিভাবান যুৱক যুৱতী

এনে সত চিন্তাৰে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে মৰিগাঁৱ জিলাৰ   চৰাইবাহী বৰভগীয়াত এখনি বিশেষ সজাগতা সভা 

মৰিগাঁও, ৪ জুলাই : মৰিগাঁও জিলা চৰাইবাহীৰ অন্তৰ্গত বৰভগীয়া গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নিয়োগ স্বৃজন আচনিৰ সন্দৰ্ভত এখন সজাগতা  সভা অনুস্থিত  হয়। বৰভগীয়া পঞ্চায়তৰ সভাঘৰত অনুষ্ঠিত সজাগতা সভাত নিৱনুৱা যুৱক-যুৱতীয়ে নতুনকৈ ব্যৱসায় কৰিবলৈ আৰু উদ্যোগিক ক্ষেত্ৰত আগবাঢ়ি যাবলৈ খাদী গ্ৰামোন্নয়ন ব'ৰ্ড ৰ তৰফৰ পৰা গ্ৰাম্য অঞ্চলত ৩৫ শতাংশ ৰাজসাহায্যযুক্ত লোণ কেনেদৰে লাভ কৰিব পাৰি আৰু কিদৰে আগবাঢ়িলে সঠিক পৰ্যায়ত এটা ক্ষুদ্ৰ উদ্যোগ গঢ় দিব পাৰে তাৰেই ওপৰত গুৰুত্ব পূৰ্ণ বক্তব্য দাঙি ধৰি সু-দিহা-পৰামৰ্শ আগবঢ়োয়া হয় ।



 বৰভগীয়া পঞ্চায়তৰ সভাপতি হীৰেন নাথৰ সভাপতিত্বত হোৱা সজাগতা সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ভাষন ৰাখে মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰমোদ শৰ্মা,খাদী গ্ৰাম্য উদ্যোগৰ কাৰিকৰী বিষয়া বাবুল মণ্ডল, জিলা উদ্যোগ আৰু বাণিজ্যিক কেন্দ্ৰৰ বিষয়া যুগমল ডেকাৰজা আৰু অভিষেক শইকীয়া, প্ৰধানমন্ত্ৰী নিয়োগ স্বৃজন আচনিৰ নডেল বিষয়া অভিষেক শইকীয়া, বেংকৰ বিষয়া (এল ডি এম) নিত্যানন্দ বৈশ্য , চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমল নাথ  , ভাৰতীয় ষ্টেট বেংক  মৰিগাঁও শাখাৰ বিষয়া অভিজিত ডাছ  খাদী গ্ৰাম্য উদ্যোগ বিভাগৰ  মৰিগাঁও জিলাৰ সমন্নৰক্ষী কাকলী দেবী ,গ্ৰামীণ বিকাশ বেংক চৰাইবাহী শাখাৰ বিষয়া টমছা সিংহ , কে ভি আই চি'থ টেকনিকেল এক্সপাৰ্ত বাবুল মণ্ডলকে প্ৰমুখ্যে কৰি বিষয়া সকলে বক্তব্য ৰাখে । সভাত সাংবাদিক পৰিষদৰ  মৰিগাঁও জিলা সমিতি সভাপতি সুশীল নাথ,যুব সাংবাদিক পুলক নাথ, কৃষ্ণ কুমাৰ নাথৰ লগতে 

অচ্যুত নাথ আৰু বিশিষ্ট ব্যৱসায়ী ভাস্কৰ জ্যোতি শইকীয়া উপস্থিত থাকে । আনহাতে সভাত বৰভগীয়া পঞ্চায়ৰ শতাধিক পুৰুষ -মহিলা আৰু যুৱক-যুৱতীয়ে ভাগ লয় ।|

প্ৰেৰক -Pulak Nath (8011767104)

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.