ক্ষুদ্ৰ উদ্যোগ স্থাপনৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস এগৰাকী মহিলাৰ।

ক্ষুদ্ৰ উদ্যোগ স্থাপনৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস এগৰাকী মহিলাৰ।

লাহে লাহে  কৰ্মমুখী হৈছে অসমীয়া ।

ৰিলছ বনাই নহয় কৰ্ম উদ্যমেৰে দেখুৱাইছে আদৰ্শ ।

নগাওত নিৱনুৱা সকলৰ আদৰ্শ হিচাপে থিয় দিলে মুনমুন দেৱীয়ে। প্ৰথমবাৰৰ বাবে মৰিগাও-নগাও জিলাৰ দাতি কাষৰীয়া অঞ্চল জৰাবাৰীত আৰম্ভ হল অত্যাধুনিক মচলা উদ্যোগ । আমাৰ খাদ্য ৰুচিকৰ, সুগন্ধিযুক্ত আৰু আকৰ্ষণীয় কৰিবৰ কাৰণে মচলা ব্যৱহাৰ কৰা হয় । অতি প্ৰাচীন কালৰ পৰাই মচলাৰ ব্যৱহাৰ ভাৰতবৰ্ষত চলি আহিছে । প্ৰতিঘৰ ভোজনবিলাসী মানুহৰ ৰান্ধনিঘৰত মচলা থাকেই । আৰু গুড়ি মচলা কিনিলেও এগমাৰ্ক লেবেল থকা পেকেট মচলাহে কিনিব লাগে । বজাৰত এগমাৰ্ক লেবেল থকা নাপালে অন্য নাম থকা কোম্পানীৰ বস্তুহে কিনিব লাগে ।

fresh-masala-spice-industry-started-at-nagaon


এই নিৰ্ভেজাল মচলা তৈয়াৰৰ লক্ষ্য আগত ৰাখিয়েই মুনমুন দেৱীৰ মনলৈ এই চিন্তা । খোৱাদযুক্ত মচলাৰে বজাৰলৈ আহিবলৈ সাজু Fresh Masala | শুকুৰবাৰে নিজ ঘৰতেই এক উদ্যোগ স্থাপন কৰি মচলা উদ্যোগটোৰ শুভ উদ্ভোধন কৰে । বিবাহিত মহিলা গৰাকীক এই কামত উৎসাহ দি আহিছে নিজ স্বামী গৌতম নাথে । তেখেতৰ অলেখ প্ৰচেষ্টাত নিজ পত্নী কৰ্মমুখী কৰাৰ যি হেপাহ আজি যেন পূৰণ হৈছে । মচলা উদ্যোগটোৰ লগত ব্ৰেণ্ড এম্বেছাদৰ হিচাপে জড়িত হৈ আছে অসমৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী বৈকুন্থ প্ৰিঞ্চ পাঠক আৰু অম্ৰিতা গগৈ । জলকীয়া,জীৰা, ধনিয়া,আদিকে ধৰি অনেক মচলা বিক্ৰীৰে স্বাৱলম্বনৰ পথ বাছি লৈছে মহিলাগৰাকীৰ পৰিয়ালে । GS Industry ৰ এই যাত্ৰাত আপুনিও হ’ব পাৰিব সংগী । শুভাকাংশীৰ সু দিহা পৰামৰ্শৰে আগুৱাই যাওক Fresh Masala নামৰ এই উদ্যোগটো । কৰ্মমুখী হওক অসমীয়া । ইপিনে চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য বা বেংকৰ পৰা যদি লোন পাই তেন্তে ক্ষুদ্ৰ উদ্যোগটো আৰু বেছি আগুৱাই লৈ যোৱাৰ পৰিকল্পনাৰ কথাও দোহাৰে উদ্যমী মহিলা গৰাকীয়ে। অসমীয়া মহিলাৰ কৰ্মমুখী এই যাত্ৰা দুপত দুপে আগুৱাই যাওক তাৰে কামনাৰে মৰিগাওৰ পৰা পুলক নাথ  

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.