তাজ হোটেলত ৭৫ টকাত নাচিছিল ছলমান কেনেকৈ ছুপাৰষ্টাৰ হৈছিল ?

এবাৰ তাজ হোটেলত ৭৫ টকাত নাচিছিল ছলমান কেনেকৈ ছুপাৰষ্টাৰ হৈছিল ?


এতিয়া ছলমান খান বলীউডৰ অন্যতম আগশাৰীৰ অভিনেতা। ১৯৮৯ চনত ‘বিবি হো তো এচি’ ছবিৰ জৰিয়তে তেওঁ বলীউডত অভিষেক ঘটায়। তেওঁৰ অনুৰাগীক বহু ব্লকবাষ্টাৰ চিনেমা দিছে। বলীউডত ভৰি দিয়াৰ আগতে তেওঁ ‘তাজ’ হোটেলত সামান্য টকাৰ বিনিময়ত নাচিছিল, তাৰ পৰাই ছলমান কেনেকৈ ছুপাৰষ্টাৰ হ’ল?

যদিও বৰ্তমান তেওঁ সফলতাৰ শিখৰত আছে, তথাপিও তেওঁৰ পথ বৰ সহজ নাছিল। তেওঁ বলীউডৰ সৰ্বাধিক দৰমহা পোৱা অভিনেতাসকলৰ ভিতৰত অন্যতম। শুনা যায় যে এবাৰ তেওঁ তাজ হোটেলত সামান্য টকাৰ বিনিময়ত নাচিছিল। যদিও সেই সময়ত তেওঁ বলীউডৰ অভিনয় জগতত প্ৰৱেশ কৰা নাছিল।

তেওঁৰ অনুৰাগীক ‘দবাং’, ‘ৰেডি’, ‘টাইগাৰ জিন্দা হায়’ৰ দৰে বহু জনপ্ৰিয় চিনেমা উপহাৰ দি বক্স অফিচতো বিপুল সফলতা লাভ কৰিছে। চিনেমাত অভিনয় কৰাৰ আগতে তেওঁ মাত্ৰ ৭৫ টকাত তাজ হোটেলত নাচিছিল। শেহতীয়াকৈ সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত তেওঁ নিজৰ জীৱনৰ পৰিঘটনাসমূহৰ ওপৰত আলোকপাত কৰে।

লগতে তেওঁ কয়, ‘চিনেমাৰ পৰ্দালৈ অহাৰ আগতেও তেওঁ নাচ-গান কৰি ভাল পাইছিল। তেওঁৰ এজন বন্ধুৱে ৭৫ টকাত তাজ হোটেলত নৃত্যশিল্পী হিচাপে কাম কৰিছিল। তাৰ বন্ধুৱেই তেওঁক তাত নাচিবলৈ পৰামৰ্শ দিছিল।যদিও ছলমান খানে কৈছিল যে তেওঁ আগতে ধেমালিৰ বাবে এই কাম কৰিছিল।

আজি ২১ এপ্ৰিলত মুক্তি পাব 'কিছি কা ভাই কিচি কি জান'। এই ছবিখনৰ প্ৰচাৰৰ বাবে এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ নিজৰ জীৱনৰ এই পুৰণি অধ্যায় অৰ্থাৎ জীৱনৰ প্ৰথম দৰমহাটোৰ ওপৰত আলোকপাত কৰে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.