মাত্ৰ ১ মিনিটত হ’ব চাৰ্জ, চাৰ্জিং সমস্যা সমাধান, কম খৰচত দীঘলীয়া যাত্ৰা

bajaj-to-solve-charging-problem-for-electric-scooters


দিনক দিনে বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা। ওলা, অকিনাৱা, আথাৰ, টিভিএছৰ দৰে বহু কোম্পানীয়ে ইতিমধ্যে বজাৰত মুকলি কৰিছে ইলেক্ট্ৰিক স্কুটাৰ। যদিও এই ইলেক্ট্ৰিক স্কুটাৰবোৰৰ মাইলেজ অসাধাৰণ, তথাপিও ইয়াৰ চাৰ্জিং ব্যৱস্থা অৰ্থাৎ উন্নত চাৰ্জিং আন্তঃগাঁথনি ভাৰতত এতিয়াও উপলব্ধ নহয়। ই-স্কুটাৰ ভাল হ’লেও বৈদ্যুতিক বাহনেৰে বেছি দূৰত্ব অতিক্ৰম কৰিব নোৱাৰিবও পাৰে। কাৰণ ভাৰতত এতিয়াও ইলেক্ট্ৰিক স্কুটাৰ চাৰ্জিঙৰ বাবে সেই অৰ্থত ভাল চাৰ্জিং ষ্টেচনৰ আন্তঃগাঁথনি নাই। এই সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে ভাৰতীয় জনপ্ৰিয় কোম্পানী এটা। কোম্পানীটোৰ এই ধাৰণা সফল হ’লে বহু চালকৰ সমস্যা সমাধান কৰিব পৰা যায়।

 Electric Scooter যদি ক্ৰয় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক ঃ ৭০০২২৩৪৭৩১

সংবাদ মাধ্যমৰ খবৰ অনুসৰি কোম্পানীটোৱে ইতিমধ্যে নিজৰ প্ৰিমিয়াম ইলেক্ট্ৰিক স্কুটাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। কোম্পানীয়ে এই স্কুটাৰখন বজাৰলৈ আনিব পাৰে শ্বেপেবল বেটাৰীৰ সৈতে। কোৱা হৈছে যে মাত্ৰ ১ মিনিটত বেটাৰী সলনি কৰিব পাৰি। এই বৈদ্যুতিক স্কুটাৰখন ভাৰতীয় বজাৰলৈ অনাৰ মূল লক্ষ্য হৈছে গ্ৰাহকৰ চাৰ্জিঙৰ সমস্যা দূৰ কৰা। ভাৰতত বৈদ্যুতিক বাহন চাৰ্জিং সুবিধা এতিয়াও ভালদৰে বিকশিত হোৱা নাই। চাৰ্জিঙৰ সমস্যা সম্পূৰ্ণৰূপে নাইকিয়া নোহোৱালৈকে বাজাজৰ ধাৰণাটোৱে এক উপযোগী ভূমিকা পালন কৰিব পাৰে। বাজাজৰ এই প্ৰিমিয়াম ইলেক্ট্ৰিক স্কুটাৰখনে OLA, TVSৰ দৰে ইলেক্ট্ৰিক স্কুটাৰৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব।

 Electric Scooter যদি ক্ৰয় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক ঃ ৭০০২২৩৪৭৩১ (মৰিগাও,নগাও)

Bajaj কোম্পানীৰ এই প্ৰিমিয়াম Electric Scooter খন হ’ব ভাৰতৰ প্ৰথমখন প্ৰিমিয়াম  Electric Scooter যিয়ে শ্বেপেবল বেটাৰীৰ সৈতে আহিব। যদি আপুনি দূৰলৈ ক’ৰবালৈ যাবলৈ পৰিকল্পনা কৰিছে আৰু মাজভাগত বেটাৰী শেষ হৈ যায়, তেন্তে আপুনি তৎক্ষণাত বেটাৰী সলনি কৰিব পাৰে। কোনো ধৰণৰ হেঁচা নোহোৱাকৈ। ১ মিনিটৰ ভিতৰত স্কুটাৰৰ বেটাৰী সলনি কৰিব পাৰিব। কোম্পানীটোৱে এই স্কুটাৰখন Front disc brakes, Digital Instrument Cluster, LED lights, regenerative braking আদি Smart featuresৰ সৈতে মুকলি কৰিব।

 Electric Scooter যদি ক্ৰয় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক ঃ ৭০০২২৩৪৭৩১

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.