মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰী সকলক সম্বৰ্ধনা

 



মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰী সকলক সম্বৰ্ধনা

মৰিগাঁও ৩ জুন : মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰী সকলক  ভাৰপ্ৰাপ্ত অধ্যক্ষ নবীন চন্দ্ৰ কোঁৱৰৰ সঞ্চালনাত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত বিদ্যালয় কৰ্তৃপক্ষই বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মৰিগাঁৱৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সকলক বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আজি বিশেষ সম্বৰ্ধনা আৰু শুভাশিস প্ৰদান কৰে। 



উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলা অতিৰিক্ত উপায়ুক্ত দ্ৰুতিভা বৰা, বিদ্যালয় সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঁঞা, বিদ্যালয় পৰিচালনা ও উন্নয়ন সমিতিৰ সভাপতি অতনু শৰ্মা, সাংবাদিক সন্থাৰ সম্পাদক জিতু মনি নাথ, মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক ৰূপজ্যোতি মেধীৰ লগতে বিদ্যালয় অভিভাৱক গোটৰ সভাপতিৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকল।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.