" শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীত ককা আইতা দিৱস পালন

শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীত ককা আইতা দিৱস পালন

শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীত ককা আইতা দিৱস পালন 

বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ চৰাইবাহীৰ অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীত ছাত্ৰ ছাত্ৰী সকলক লগত লৈ ককা আইতা আৰু নাতীৰ মাজৰ সু-সম্পৰ্কৰ কথাবোৰ আলোকপাত কৰা হয় ! ককা আইতাক আজিৰ বহু ল'ৰা ছোৱালীয়ে বৃদ্ধ অৱস্থাত অৱহেলা বা অনিহা কৰা দেখা যায় । সাম্প্ৰ্তিক সময়চোৱাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বহল প্ৰয়োভৰে ককা আইতাৰ নাতিৰ লগত থাকিব লগা সু-সম্পৰ্ক ক’ৰবাত নহয় ক’ৰবাত ম্লান ঘটিছে ।

নাতি-নাতিনী এতিয়া ব্যস্ত মবাইল বন্ধু-বান্ধবীৰ লগত । সুখ দুখৰ সমভাগী নোহোৱা মাক দেউতাকৰ প্ৰতি গুৰুত্ব নথকা লৰা ছোৱালীয়ে কেনেকৈ ঘৰখনৰ লোক সকলক চিনি পাব ? এই চিনি পোৱা, বুজি পোৱা ্বহু কথা আৰম্ভ হয় নিজৰ ঘৰ খনৰ পৰা । বোৱাৰীয়েকৰ সন্তানটি জন্ম হোৱাৰ পিছতেই নিজ মাকত কৈ অলপ হ লেও বেছি মৰম পায় আইতাকৰ পৰা । সাধু কথা শুনাৰ পৰা বিৰত আজিৰ নাতি । সন্ধ্যা ঢাৰি পাতি আকাশলৈ চাই তৰা গণাৰ দিন ক্ৰমান্বয়ে কমিছে ।


Pic :-Sankardev vidya niketan charaibahi

 ডাঙৰক সন্মান সৰুক মৰম কৰা, ককা-আইতাৰ প্ৰতি থাকিব লগা শ্ৰদ্ধা-আদৰ-সন্মান পুনৰ এবাৰ সুদৃঢ় কৰিবৰ বাবে চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনত বৃহস্পতিবাৰে ককা আইতা দিৱস পালন কৰা হয় । য’ত ছাত্ৰ-ছাত্ৰী সকলৰ নিজ নিজ ককা আইতাক নিমন্ত্ৰণ জনাই শাৰী পাতি এইদৰে সেৱা- শুশ্ৰূষা কৰা হয় । 

Pic :-Sankardev vidya niketan charaibahi

ইয়াৰ পিছতেই ককা আইতা আৰু নাতি সকলৰ মাজত মনৰ ভাৱৰ আদান প্ৰদান কৰা হয় । বিদ্যালয় খনৰ প্ৰধানাচায্য ভাগ্যৰাম নাথ দেৱে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰতিটো দিশতেই আগবাঢ়ি যোৱাৰ যি ৰেখা অংকন কৰি গৈছে তাৰ বাবেই বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকল তাৰেই এক জলন্ত উদাহৰণ । দিনযোৰা কাৰ্য্যসূচীৰ অন্তত শান্তী পাঠেৰে অনুষ্ঠানৰ সামৰণি পৰে ।

Post a Comment

Previous Post Next Post

People Like