- ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবীৰে তিনি দিনত দহখন বাটৰ নাট প্ৰদৰ্শন
- সাত শতাধিক লোকৰে স্বাক্ষৰিত পত্ৰ প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ
গুৱাহাটী, ২৫ জুন: ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবীৰে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত আৰু কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ সহযোগত ২৩ জুনৰ পৰা কামৰূপ মহানগৰ জিলাৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত তিনিদিনীয়া সজাগতামূলক বাটৰ নাট কাৰ্যসূচীৰ দেওবাৰে বিয়লি সামৰণি পৰে। 'ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰি ৰাইজৰ জীৱন ৰক্ষা কৰক' শীৰ্ষক বার্তাৰে ২৩ জুনৰ পৰা ২৫ জুনলৈ অনুষ্ঠিত বাটৰ নাট কাৰ্যসূচী ২৩ জুনৰ পুৱা হেঙেৰাবাৰীস্থিত স্বাস্থ্য সেৱা সঞ্চালকালয় চৌহদত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীলমাধৱ দাস, অতিৰিক্ত সঞ্চালক ডাঃ ৰূপলাল নুনিচা, যুটীয়া সঞ্চালক ডাঃ ভানু শইকীয়া আৰু ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ ৰাজ্যিক নডেল বিষয়া ডাঃ অৰুন্ধতী ডেকাই।
তিনিদিনীয়া বাটৰ নাট কাৰ্যসূচীৰ সময়চোৱাত ফৰামৰ সদস্য সকলে হাতে হাতে প্লে কাৰ্ড লৈ ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবী জনায়। বাটৰ নাট কাৰ্যসূচীৰ লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত সাত শতাধিক লোকে স্বাক্ষৰ কৰা এখন পত্ৰ দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লৈ প্ৰেৰণ কৰা হয়। এই পত্ৰ খনৰ জৰিয়তে ধঁপাতৰ আসক্তিৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ স্বাৰ্থত ধঁপাত নিয়ন্ত্ৰণ আইন অধিক কঠোৰ কৰিবলৈ প্ৰধান মন্ত্ৰীক আহ্বান জনোৱা হয়। বাটৰ নাট কাৰ্যসূচীৰ সময়চোৱাত ফৰামৰ উদ্যোগত তিনিদিন ধৰি সৰ্বসাধাৰণ লোকৰ মাজত এই স্বাক্ষৰ সংগ্ৰহ অভিযান চলোৱা হয়।