পৰ্ণ উদ্যোগত পুৰুষতকৈ মহিলাই অধিক ধন উপাৰ্জন কৰে।
আপুনি জানেনে এজন শীৰ্ষ পুৰুষ পৰ্ণ ষ্টাৰে কিমান টকা উপাৰ্জন কৰে? ইয়াৰ উত্তৰ দিবলৈ আমি আপোনালোকক ক’ম এজন প্ৰাক্তন পুৰুষ তাৰকাৰ বিষয়ে। ডেনি ৱাইল্ড নামেৰে অনুষ্ঠান পৰিৱেশন কৰা ক্রিষ্টোফাৰ জিমচেগৰ মতে আগতে তেওঁ ভাল টকা উপাৰ্জন কৰিছিল।
দ্য ইণ্ডিপেণ্ডেণ্টৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ক্রিষ্টোফাৰে প্রকাশ কৰে যে তেওঁ আগতে চুক্তিৰ পিছত প্রতিমাহে প্রায় ২ লাখ ৬৭ হাজাৰ টকা (৩,৩০০ পাউণ্ড) উপাৰ্জন কৰিছিল। ইয়াৰ বাবে তেওঁ সপ্তাহত মাত্ৰ ৬ দিন কাম কৰিবলগীয়া হৈছিল। ক্রিষ্টোফাৰে কয় যে আগতে প্ৰতিটো দৃশ্যৰ বাবে প্ৰায় ২০ হাজাৰ টকা (২৪৫ পাউণ্ড) পাইছিল। কিন্তু তেওঁ অধিক জনপ্ৰিয় হোৱাৰ লগে লগে এই পৰিমাণ দুগুণতকৈও অধিক বৃদ্ধি পালে।
ভাৰত একমাত্ৰ সমাজ য'ত নাৰীয়ে শাসন কৰে
প্ৰাক্তন পৰ্ণ ষ্টাৰে প্ৰায় ১০ বছৰ ধৰি এই উদ্যোগটোত কাম কৰিছিল, য’ত তেওঁ ৬০০ৰো অধিক দৃশ্যত অভিনয় কৰিছিল। এনে পৰিস্থিতিত ইমানবোৰ কাম কৰি ক্রিষ্টোফাৰে যথেষ্ট পৰিমাণৰ ধন উপাৰ্জন কৰিছিল। ক্রিষ্টোফাৰে কয় যে পঢ়া-শুনাৰ লগতে চাকৰিৰ প্রয়োজন হ’লেই তেওঁ পৰ্ণৰ ফালে মুখ কৰিছিল। কেৰিয়াৰ আৰম্ভ হৈছিল সৰু সৰু নগ্ন ফটোগ্ৰাফী এচাইনমেণ্টৰ পৰা। পৰ্ণ শ্বুটৰ বিজ্ঞাপন দেখি এবাৰ চেষ্টা কৰাৰ ইচ্ছাৰে ফটোশ্বুট এটা কৰিলে।
ক্রিষ্টোফাৰে আৰু বুজাইছে যে পৰ্ণৰ কেৰিয়াৰ বৃদ্ধি পোৱাৰ লগে লগে তেওঁৰ এগৰাকী পুৰণি প্ৰেমিকায়ে তেওঁক লছ এঞ্জেলছৰ কিছুমান প্ৰাপ্তবয়স্ক প্ৰযোজক আৰু পৰিচালকৰ সৈতে চিনাকি কৰাই দিছিল আৰু তাৰ পিছত লাহে লাহে সফলতা আহিবলৈ আৰম্ভ কৰিছিল।
ক্রিষ্টোফাৰৰ মতে পর্ন উদ্যোগত পুৰুষতকৈ মহিলাই অধিক ধন উপাৰ্জন কৰে, প্ৰতিটো দৃশ্যৰ বাবে তেওঁলোকক প্ৰায় ৬৫ হাজাৰ টকা (৮০০ পাউণ্ড) দিয়া হয়। কিন্তু আজিকালি অধিক লোকে উদ্যোগটোত যোগদান কৰিছে, ইয়াৰ বাবেই উপাৰ্জন আগৰ দৰে হ’ব নোৱাৰে। কিন্তু ডাঙৰ ডাঙৰ পৰ্ণ ষ্টাৰৰ বাবে উপাৰ্জনৰ দুৱাৰ এতিয়াও মুকলি।
ইয়াৰ উপৰিও ক্রিষ্টোফাৰে লগতে কয় যে ভাল টকা থকাৰ পাছতো পৰ্ণ কৰাটো ইমান সহজ নহয়। ইয়াত যৌন সংক্ৰামক ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়, লগতে সম্পৰ্কত উত্তেজনাও বৃদ্ধি পায়।