ASSAM : জুনমনি ৰাভৰ মৃত্যুৰ গোচৰৰ তদন্ত চলি থকাৰ মাজতে নগাঁও, লখিমপুৰৰ SP ক বদলি
এটা ডাঙৰ পদক্ষেপত অসমৰ নগাঁও আৰু লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকসকলক ২০ মে’ত বদলি কৰা হয় বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে।
প্ৰাথমিক খবৰ অনুসৰি উপ-পৰিদৰ্শক জুনমনি ৰাভাৰ দুৰ্ঘটনাত মৃত্যুৰ সৈতে জড়িত হাই-প্ৰফাইল মৃত্যুৰ গোচৰৰ তদন্ত চলি থকাৰ মাজতে লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা আৰু নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা ডলীক বদলি কৰা হয়।
ইফালে, SI JUNMONI RABHA ৰ মৃত্যুৰ গোচৰত অসম চৰকাৰে এই দুৰ্ঘটনা গোচৰটো চিবিআইক গতাই দিয়াৰ সিদ্ধান্ত লৈছে।
ইয়াত উল্লেখযোগ্য যে মৃত উপ পৰিদৰ্শক (এছ আই) JUNMONI RABHAৰ পৰিয়ালে আৰক্ষী বিষয়াজনৰ হত্যাকাণ্ডৰ অভিযোগত CBIৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰক দাবী জনাই আহিছে।