LP Head Teachers will return the tablets given by the government to the government
চৰকাৰে দিয়া টেবলেট চৰকাৰকে ঘুৰাই দিব । কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয় শিক্ষকৰ শিক্ষা সেঁতু পৰ্টেলৰ প্ৰশিক্ষণত অসহযোগ প্ৰধান শিক্ষকৰ পদত নিযুক্তৰ দাবী উপযুক্ত আন্তঃগাথঁনিৰে চিম কাৰ্ড, ৰিচাৰ্ছ বন্দবস্তি কৰক
মু্ল উদ্দ্যেশ্য
- কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয় শিক্ষকৰ শিক্ষা সেঁতু পৰ্টেলৰ প্ৰশিক্ষণত অসহযোগ
- প্ৰধান শিক্ষকৰ পদত নিযুক্তৰ দাবী
- উপযুক্ত আন্তঃগাথঁনিৰে চিম কাৰ্ড, ৰিচাৰ্ছ বন্দবস্তি কৰক
মৰিগাঁও জিলাৰ অন্তৰ্গত কপিলী শিক্ষা খণ্ডৰ প্ৰাথমিক বিদ্যালয় সমূহৰ শিক্ষক সকলে আজি চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত
চলি থকা শিক্ষা সেঁতু পৰ্টেলৰ প্ৰশিক্ষণ গ্ৰহণত অসহযোগ কৰে। লগতে দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে
সৰ্বশিক্ষা মিছন মৰিগাঁৱৰ ডি পি অ ৰাজেন গোস্বামীৰ হাতত। শিক্ষক সকলৰ দাবী ১৯৮২ চনৰ পৰা প্ৰাথমিক বিদ্যালয় সমূহত প্ৰধান শিক্ষকৰ পদত নিযুক্ত প্ৰদান কৰা নাই। প্ৰাথমিক শিক্ষক সন্মিলনীয়ে দাবী কৰি আহিছে যদিও শিক্ষা বিভাগে গুৰুত্ব নিদি শিক্ষাৰ দিশত বিভিন্ন দ্বায়িত্ব অৰ্পণ কৰিও সহযোগ প্ৰদান কৰা নাই প্ৰধান শিক্ষকৰ পদত নিযুক্ত প্ৰদানৰ ক্ষেত্ৰত। সম্প্ৰতি শিক্ষা সেঁতু পৰ্টেৰ প্ৰশিক্ষণত
অসহযোগ কৰি আগন্তুক ২২ মে'লৈ অপ্ৰেক্ষা কৰিব বিভাগীয় পদক্ষেপলৈ।অন্যথা
বিভাগীয় শিক্ষা সেঁতু পৰ্টেলৰ টেবলেট সমূহ শিক্ষা খণ্ডত ওভতাই দিয়া হ'ব বুলি কপিলী শিক্ষা খণ্ডৰ প্ৰাথমিক বিদ্যালয় সমূহৰ শিক্ষক সন্মিলনীৰ সম্পাদক ভৱজিৎ দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।