PNB BANK ৰ নতুন নিয়মঃ কোটি কোটি PNBৰ গ্ৰাহকৰ বাবে বেংকে ১ মে’ৰ পৰা এনে লেনদেনৰ পৰা চাৰ্জ ল’বলৈ ওলাইছে
PNB BANK has announced that it will charge for crores of PNB customers from such transactions from May
PNBৰ নতুন নিয়ম: যদি আপুনি পঞ্জাৱ নেচনেল বেংক অৰ্থাৎ পিএনবিৰ গ্ৰাহক, তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ আছে। ১ মে’ৰ পৰা নতুন নিয়ম ৰূপায়ণ কৰিবলৈ ওলাইছে পিএনবিয়ে। এই নিয়মৰ অধীনত যদি আপোনাৰ একাউণ্টত ধন নাথাকে আৰু আপুনি এটিএমৰ পৰা ধন উলিয়াই লয়, তেন্তে আপুনি চাৰ্জ দিব লাগিব।
PNBৰ ৱেবছাইট অনুসৰি যদি আপোনাৰ একাউণ্টত পৰ্যাপ্ত পৰিমাণৰ বেলেঞ্চ নাথাকে আৰু এটিএমৰ লেনদেন নহয় তেন্তে নগদ ধন উলিওৱাৰ লেনদেনৰ বাবে ১০ টকা + জিএছটি লোৱা হ’ব। PNB য়ে নিজৰ গ্ৰাহকক কয়, “প্ৰিয় গ্ৰাহক, w.e.f. ০১.০৫.২০২৩ তাৰিখে অপৰ্যাপ্ত বেলেঞ্চৰ বাবে বিফল হোৱা ঘৰুৱা এটিএম নগদ ধন উলিওৱাৰ লেনদেনৰ ওপৰত ১০ টকা + জিএছটি চাৰ্জ আৰোপ কৰা হ’ব।
ডেবিট কাৰ্ডৰ চাৰ্জত পুনৰীক্ষণ Revision in debit card charges
PNB য়ে জনোৱা মতে, বেংকে Debit Card আৰু Prepaid Card ইছ্যুৰ Charges আৰু বাৰ্ষিক maintaines চাৰ্জৰ সংশোধন কৰি আছে। ইয়াৰ উপৰিও ডেবিট কাৰ্ডৰ জৰিয়তে কৰা PoS আৰু ই-কমাৰ্চৰ লেনদেনত চাৰ্জ লোৱা হ’ব। কিন্তু গ্ৰাহকৰ বেংক একাউণ্টত পৰ্যাপ্ত ধন নাথাকিলে আৰু ইয়াৰ বাবে লেনদেন কৰিব নোৱাৰিলেহে এই চাৰ্জ আৰোপ কৰা হ’ব। অৰ্থাৎ যেতিয়া আপুনি Amazon Flipkart ৰ দৰে ই-কমাৰ্চ ৱেবছাইটৰ পৰা সামগ্ৰী ক্ৰয় কৰে আৰু POS আৰু ডেবিট কাৰ্ডেৰে ধন পৰিশোধ কৰে, কিন্তু কিবা কাৰণত আপোনাৰ একাউণ্টত পৰ্যাপ্ত পৰিমাণৰ বেলেঞ্চ নাথাকে আৰু লেনদেন বিফল হয়, তেতিয়াও বেংকে জৰিমনা বিহাৰ পৰিকল্পনা কৰিছে .
তলত PNB ৰ ৱেবছাইট অনুসৰি বিফল ATM লেনদেনৰ বাবে নিৰ্দেশনা দিয়া হৈছে।
১/ বিফল ATM লেনদেন সম্পৰ্কীয় অভিযোগ ৭ কৰ্মদিনৰ ভিতৰত সমাধান কৰিব লাগিব।
২) বিফল হোৱাৰ তাৰিখৰ পৰা ৩০ দিনৰ ভিতৰত যদি লেনদেন নহয় তেন্তে প্ৰতিদিনে ১০০ টকা ক্ষতিপূৰণ বেংকে দিব।
৩/ যদি কোনো সমস্যা বা অভিযোগ থাকে তেন্তে গ্ৰাহক সেৱা নম্বৰ ০১২০-২৪৯০০০০০ বা ১৮০০১৮০২২২২, ১৮০০ ১০৩ ২২২২ নম্বৰত যোগাযোগ কৰিব পাৰে।