ভুল যেতিয়া ভাঙে : যত্নৰ ফল অতি সোৱাদ : মঃ নছিৰ আহমেদ

যত্নৰ ফল অতি সোৱাদ : মঃ নছিৰ আহমেদ



ভাৰতৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰৰ দিনত আমাৰ অসমত এজন ষষ্ঠমানত পঢ়া ছাত্ৰই ১৪২ পৃষ্ঠাৰ এখন উপন্যাস লেখি নিজে প্রকাশ কৰি অসম্ভৱকো সম্ভৱ কৰি দেখুৱালে ১৯৬৫ চনত । ছাত্ৰজন মৰিগাঁও জিলাৰ জালুগুটি | হাইস্কুলৰ ছাত্ৰ মহম্মদে নছিৰ আহমেদ সালমাৰী গাঁও। ১৯৬২ চনত ভাৰতত চীনা যুদ্ধ হৈছিল, এইজন নহিব | আহমেদ সাপমাৰী গাঁৱৰ এল.পি. স্কুল পাছ কৰি জালুগুটি হাইস্কুলত গৈ নাম ভৰ্ত্তি কৰিলেগৈ ১৯৬২ চনত। এওঁ | স্কুলৰ পাঠ্যপুথি পঢ়িও বাহিৰা কিতাপ পঢ়ি পঢ়ি নিজে কিতাপ লেখিবলৈ এবছৰৰ মূৰত এইজন নছিব আহমেদে আক তেওঁৰ ক্লাছৰ বন্ধু উনাবড়ীৰ ইউনুছ আলী ঠাকুৰীয়া এই দুয়োজন ছাত্র বন্ধুয়ে লগহৈ গৈ নগাঁৱৰ ঢাকাই পতিত | বুদ্ধীন্দ্ৰ কুমাৰ বৰুৱাৰ “জনতা ছাপা ঘৰত” “ভুল যেতিয়া ভাঙে" নামৰ এই সামাজিক উপন্যাসখন নিজে প্রকাশক | হৈ ছপাই আনি অসম্ভৱকো সম্ভৱ কৰি দেখুৱালে জালুগুটি হাইস্কুলত ১৯৬৫ চনত।

তেতিয়া জালুগুটি হাইস্কুলত ছাৰসকল আছিল জৱাহৰলালৰ দিনত এম. এ. বি. টি জমছের আলী হেড্‌ছাৰ ইলাৰাম দাস, পূর্ব জালুগুটি। ৰমেশ নাথ আৰু ধৰ্ম্মেশ্বৰ নাথ, চৰাইবাহী। ছিয়াৰ ৰহমান মাজবাড়ী। ছিৰাজ মাষ্টৰ | ৰহলো। ইৰফান আলী আৰু বীৰেন ডেকা দন্দুৱা। ফটিক নাথ, গোছৰাবড়ী আৰু জুলহাছ আলী, জালুগুটি। এই | শিক্ষক কেইজনৰ সু-শিক্ষাৰ গুণত এজন ষষ্ঠমানৰ ছাত্ৰই এই অসম্ভৱকো সম্ভৱ কৰি দেখুৱালে ১৯৬৫ চনতে। এই উপন্যাস পঢ়ি চাই 'ডক্টৰেট” অধ্যাপক নৱকান্ত বৰদলৈয়ে সুন্দৰ মন্তব্য লিখি দিলে এইজন নছিব আহমেদ মৰিগাঁও জিলাৰ উপন্যাসৰ "বাটকটী” বুলি। পিছত মৰিগাঁও জিলা সাহিত্যৰ সমিতিয়ে এই নছিব আহমেদ জিলাব উপন্যাস সাহিত্যৰ বাটকটীয়া বৃত্তিত এজন কৃষকো বুলি লেখনি দিলে বিৰিঞ্চি শৰ্মাই ১-০৫-২০০০ তাৰিখে। ধৰ্মতুল আঁহতগুৰি গিৰিকান্ত বৰাই "আজি” নামৰ কাকতখনত এইজন নছিব আহমেদ মৰিগাঁও জিলাৰ উপন্যাসৰ বাটকটীয়া আৰু এজন কৃষকজন বুলি ফটো সহঃ প্ৰচাৰ কৰি দিলে ৯/৭/২০০৩ তাৰিখে।



 সাংবাদিক ৰাতুল ডেকাই 'নতুন দৈনিক কাকতখনত এইজন নছিব আহমেদ মৰিগাঁও জিলাৰ উপন্যাসৰ বাটকটীয়া আৰু কৃষক সাহিত্যিক বুলি ফটো সহ প্ৰচাৰ কৰি দিলে ১৪/০৮/২০০৩ তাৰিখে। কি কৃষি কৰ্ম কৰি লাভ বান হৈছিল কাকতত প্ৰচাৰ কৰি দিয়াত এই লেখনি পাই সদৌ অসম পথাৰ পৰিচালনা সমিতি কৃষি বিভাগ চৌহদ। উলুবাৰী, গুৱাহাটী সচিব প্রধান 'হিৰেণ শৰ্ম্মাই' এইজন নছিব আহমেদক মতাই নি সাক্ষাৎকাৰ লৈ প্ৰশংসা পত্ৰ দিলে। ০৫/২০০৬ তাৰিখে।

নগাঁও অনাতাৰ কেন্দ্ৰই এইজন নছির আহমেদক দুবাৰ মতাই নি সাক্ষাৎকাৰ লৈ অল ইণ্ডিয়া প্ৰচাৰ কৰি দিলে। | দুবাৰ পিছত অনতাৰত নাটক কৰাত অনাতাঁৰৰ সঞ্চালিকা "নাজীলা - জাফৰে” নাট্যকাৰ বুলি লিখিত পত্র দিলে ২১/০৬/২০০৭ তাৰিখে। এইজন নছিব আহমেদক।

এইজন নছির আহমেদক চৰকাৰে সাহিত্যিক পেঞ্চন দিলে ২০০৮ চনত। চৰকাৰৰ পৰা পেঞ্চন পোৱাত  মৰিগাঁও জিলা সাহিত্য সভাৰ দিশৰ পৰা জাগীৰোড কলেজত এওঁক সম্বৰ্দ্ধনা জনালে ২০০৮ চনত। জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাই মুন আলী ঠাকুৰীয়াৰ সহযোগত জালুগুটি হাইস্কুল প্রাঙ্গণত এইজন নছিব আহমেদক সম্বৰ্দ্ধনা জনাই মান পত্র দিলে ৭/০৫/২০০৯ তাৰিখে।



ইংলিছৰ বাতৰি কাকত “দি-আছাম ট্ৰিবিউন” কাকতখনত এইজন নছিব আহমেদলৈ প্ৰশংসা লেখনি প্রকাশ পাইছিল ১০/০৩/২০০৯ তাৰিখে। উত্তৰ-পূৰ্বাঞ্চলৰ পৰা নিয়োগ সংবাদ সাহিত্য প্রেষণা বঁটা দিলে গুৱাহাটী চান্দমাৰি তীৰ্থনাথ শৰ্মা সভা ভৱনত জন বহুল সমাজত ২০০৯ চনত। মৈৰাবাৰী কলেজত ষ্টেট লোভেল চেমিনাৰত অসমৰ জনগোষ্ঠী সমাজ সংস্কৃতিৰ ওপৰত অসমৰ বহু কলেজৰ অধ্যাপক-অধ্যাপিকাসকলৰ লগত এইখন চেমিনাৰত এইজন নছিব আহমেদেও মৰিগাঁও জিলাত খিলঞ্জীয়া মুছলমানৰ অৱদানৰ ওপৰত লেখি ফেৰ মাৰি দেখুৱালে ২৫, ২৬/২০১০ তারিখে।

“দৈনিক অগ্রদূত” কাকতখনত শ্ৰীময়ী পৃষ্ঠাত এইজন নছিব আহমেদৰ ফটোসহঃ তেওঁৰ জীৱন কৰ্ম্মৰ ওপৰত প্ৰকাশ কৰিলে প্ৰদীপ কুমাৰ বৰ্মণে ১৩/০৫/২০১২ তাৰিখে। মৰিগাঁৱৰ ডালিম ফুকনৰ সহযোগত আকাশবাণী গুৱাহাটী প্ৰচাৰ ভাৰতী বসন্ত উৎসৱ বুধবৰীয়া আবেলিৰ বেলা শিতানলৈ মতাই নি ২০ মিনিট সময় সাক্ষাৎকাৰ লৈ এইজন নছিব আহমেদক দুহেজাৰ সাতশ দহ টকাৰ এখন চেক্‌ লগতে দিলে ১৯/৩/২০১৪ তাৰিখে। সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ দশম মধ্যকালীন মৰিগাঁও অধিবেশনত মৰিগাঁও গান্ধী ভৱনত এইজন নছিৰ আহমেদক জন সমাজত সম্বৰ্দ্ধনা জনাই মান পত্র দিলে ২০,২১/২০১৪ তাৰিখে।



সাংবাদিক পুলক নাথ চৰাইবাহী দুয়োজনে এইজন নছির আহমেদক মতাই নি. ৪০  মিনিট সাক্ষাৎকাৰ লৈ লৈ ফেচবুকত দেখুৱাই দেখুৱাই প্ৰচাৰ কৰি দিলে ৯/১২/২০১৪ তাৰিখে। জিলা প্রশাসনে | পোন্ধৰ আগষ্ট দিনা মৰিগাওঁ তৰুণৰাম ফুকন ফিল্ডদত পতাকা উত্তোলন অনুষ্ঠানত জিলা উপায়ুক্ত মহোদয়ৰ আগত এইজন নছিল আহমেদক বিধায়ক ৰমাকান্ত দেউৰীয়ে জন সমাজত গামোছা পিন্ধাই সম্বৰ্দ্ধনা জনালে ১৫/৮/২০১৬ তারিখে। সদৌ অসম কবি সম্মিলন কেন্দ্রীয় কার্যালয় যোৰহাট হৈ মৰিগাঁৱৰ অশোক ডেকাৰ ঘৰৰ মহললৈ নি সাংবাদিক

ৰাতুল ডেকা আৰু জয়ফুল নাথে, পহিলা বহাগ ২০২১ দিনা ঘৰৰ পৰা নি এইজন নছিব আহমেদক আৰু মমী নাথক গামোছা পিন্ধাই স্নেহ পত্ৰ আৰু সুন্দৰ বহু ৰঙীণ মান পত্ৰ উপহাৰ দিলে সদৌ অসমৰ হৈ ভূৰবন্ধা শাখা সাহিত্য সভাৰ উদ্যোগত সতীৰ্থ সমাৰোহ আৰু কবি সন্মিলনলৈ আমন্ত্ৰণ কৰাই নি এইজন নছিব আহমেদক কবিতা পাঠ করাই জনসমাজত গামোছা পিন্ধাই সুন্দৰ ৰঙীণ অভিনন্দন পত্র দি সম্বৰ্দ্ধনা জনালে ১২/৯/২০২১ তাৰিখে।



মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক নন্দ নিঙে ফেচবুকৰ সাংবাদিক ৰাতুল ডেকাক এই নছিব আহমেদৰ ঘৰলৈ পঠাই দি নছির আহমেদক সাক্ষাৎকাৰ আৰু ফটো লৈ গৈ নন্দ সিঙক দিয়াত অধীক্ষক নন্দ সিঙে এইজন নছিব আহমেদৰ জীৱন কৰ্ম্মৰ ওপৰত আনন্দিত হৈ প্ৰশংসা কৰি কৰি ফেচবুকত দেখুৱাই দিলে। বাঙ্গালোৰৰ পৰা সাপমারী চাৰি আলিৰ সোণটি নামৰ এটা ল'ৰা আৰু চৰাইবাহীৰ দুটা ল'ৰা এই তিনিটা ল'ৰাই ফেচবুকত দেখা পাই বাঙ্গালোৰৰ পৰা এইজন নছিব আহমেদক হাঁহি হাঁহি ফোনটে বাসালোবৰ পৰা ধন্যবাদ জনালে ২০২১ চনত। গুৱাহাটী গণঅধিকাৰ কাকতখনত মাইনা গোস্বামীয়ে এইজন নছিব আহমেদৰ সৃষ্টিশীলতা আৰু জীৱনৰ ৰঙীণ | দিনবোৰ বুলি ফটো সহঃ লেখি প্ৰচাৰ কৰিছিল ৮/৮/২০১৯ তাৰিখে।

জাপৰীৰ সাংবাদিক মহিবুর রহমানে “নিয়মীয়া বাৰ্তা কাকত" খনত কবি ঔপন্যাসিক নছিব আহমেদৰ জীৱনৰ | সায়াহু পৰতো চাইকেল খনেই মাৰ সম্বল বুলি ফটো সহঃ লেখিছিল ৯/৭/২০১৯ তাৰিখে। উমেশ মহন্তৰ সাপ্তাহিক পবিত্র অসম কাকতখনত আৰু বৰ্তমানেও "দময়ন্তীদেৱীৰ সাপ্তাহিক মৰিগাঁও" আৰু বিৰিঞ্চি কুমাৰ শৰ্মাৰ "সাপ্তাহিক বৰ অসম” কাকত দুখনত পূর্ণভাৱে লেখা-মেলা কৰিয়ে আছে এইজন নছিব আহমেদে ৮২ বছৰ বয়সটো। : 

*৬০ - মামনী ৰয়ছম গোস্বামী স্মৃতিত, মহাশয় প্ৰকাশন পৰিষদ অসম লখিমপুৰ জিলাৰ ঢকুৱাখানাত এইজন সাহিত্যিক পেঞ্চনাৰ মহম্মদ নছিৰ আহমেদক জন সমাজত গামোছা-ছেলেং ছাদৰ পিন্ধাই সাহিত্য সুৰভি বটা দিলে (৫/৭/২০২৩ তাৰিখে)

বিশ্বাস নহবও পাৰে কিন্তু সত্যৰ ওপৰিও সত্য এই তথ্যঃ

Nasir Ahmed Morigaon Assam (Sapmari)


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.