কোটি কোটি চাহাৰাৰ বিনিয়োগকাৰীৰ বাবে ভাল খবৰ, ঘূৰাই পাব টকা! কেন্দ্ৰীয় চৰকাৰৰ এক বৃহৎ পদক্ষেপ
Sahara groupৰ বিনিয়োগকাৰীৰ বাবে এটা ভাল খবৰ। অতি সোনকালে তেওঁলোকে নিজৰ ৰখা ধন ঘূৰাই পাবলৈ ওলাইছে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ৫০০০ কোটি টকা আবণ্টন দিবলৈ কৈছে। যাতে তেওঁলোকে ১.১ কোটি বিনিয়োগকাৰীৰ বাবদ ধন সহজে পৰিশোধ কৰিব পাৰে। Sahara groupৰ চাৰিখন সমবায় সমিতিৰ বিনিয়োগকাৰীৰ কষ্টোপাৰ্জিত উপাৰ্জন বছৰ বছৰ ধৰি আবদ্ধ হৈ আছে।
এই ধন ঘূৰাই পাবলৈ বিভিন্ন দুৱাৰত টোকৰ মাৰিছে। ২০১২ চনত উচ্চতম ন্যায়ালয়ে চাহাৰা হাউছিং এণ্ড চাহাৰা ৰিয়েল এষ্টেটক ২৫ হাজাৰ ৭৮১ কোটি টকা জমা কৰিবলৈ নিৰ্দেশ দিছিল। খবৰ অনুসৰি ২০০৮ চনৰ মাৰ্চৰ পৰা ২০৯৯ চনৰ অক্টোবৰৰ ভিতৰত তিনি কোটি বিনিয়োগকাৰীৰ পৰা এই ধন সংগ্ৰহ কৰিছিল। এই পৰ্যন্ত এই কোম্পানীসমূহে ১৫ হাজাৰ ৫৬৯ কোটি টকা জমা কৰিছে। ইয়াৰে ৯,৪১০ কোটি টকাৰ সুত লাভ কৰা হৈছে।
এইদৰে মুঠ ২৪ হাজাৰ ৯৭৯ কোটি টকা চাহাৰা-ছেবি পুঁজিত জমা হৈছে। টকা ঘূৰাই দিয়াৰ পিছতো একাউণ্টত জমা হৈছে ২৩ হাজাৰ ৯৩৭ কোটি টকা। সমবায় মন্ত্ৰালয়ৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভট্টিয়ে আদালতত কয় যে চাৰিখন বহুৰাজ্যিক সমবায়ই ৯ লাখ বিনিয়োগকাৰীৰ পৰা মুঠ ৮৬,৬৭৩ কোটি টকা সংগ্ৰহ কৰিছে।
এই সমবায়সমূহ হ’ল: চাহাৰা ক্ৰেডিট সমবায় সমিতি, চাহাৰা ইউনিভাৰ্চেল মাল্টিপাৰ্পজ ছ’চাইটি, হামাৰা ইণ্ডিয়া ক্ৰেডিট সমবায় সমিতি আৰু ষ্টাৰছ বহুমুখী সমবায় সমিতি। ইয়াৰে ৬২ হাজাৰ ৬৪৩ কোটি টকা আম্বি ভেলীত বিনিয়োগ কৰা হয়। দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো ছাহাৰা গোট সমবায় সমিতিসমূহে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা নাই বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে।
একে সময়তে তেওঁলোকে বিনিয়োগকাৰীক ধন ঘূৰাই দিবলৈ অস্বীকাৰ কৰিছিল। সংসদত কেন্দ্ৰই প্ৰদান কৰা তথ্য অনুসৰি ছেবিয়ে এই পৰ্যন্ত মুঠ ৮১.৭০ কোটি টকাৰ ৫৩,৬৪২ টা অৰিজিনেল বণ্ড চাৰ্টিফিকেট আৰু পাছ বুক জড়িত ১৯,৬৪৪ টা আবেদন লাভ কৰিছে। ইয়াৰে তেওঁলোকে ১৭ হাজাৰ ৫২৬ বণ্ডধাৰীক মুঠ ১৩৮.০৭ কোটি টকা ঘূৰাই দিছে। ৪৮ হাজাৰ ৩২৬ টা অৰিজিনেল বণ্ড চাৰ্টিফিকেট আৰু পাছ বুক ৰাখিছিল। বহু বণ্ডধাৰীয়ে ছেবিৰ প্ৰশ্নৰ উত্তৰ নিদিলে। সেয়ে তেওঁলোকৰ আবেদন নাকচ কৰা হৈছে।