মৰিগাঁও মহাবিদ্যালয়ৰ সমস্যা সমাধানৰ দাবীত যুৱ -ছাত্ৰ পৰিষদৰ মহাবিদ্যালয় অধ্যক্ষক স্মাৰক পত্ৰ প্ৰদান


 মৰিগাঁও মহাবিদ্যালয়ৰ সমস্যা সমাধানৰ দাবীত যুৱ -ছাত্ৰ পৰিষদৰ মহাবিদ্যালয় অধ্যক্ষক স্মাৰক পত্ৰ প্ৰদান 

মৰিগাঁও ,৩ মাৰ্চ ২০২৩- আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও মহাবিদ্যালয় শাখা সমিতিৰ উপদেষ্টাদ্বয় বনজিত কিশোৰ ভূঞা আৰু কৃশানু কুমাৰ ডেকা নেতৃত্বত যোৱা এটি সঁজাতি দলে মৰিগাঁও মহাবিদ্যালয়ৰ সমস্যা সমাধানৰ দাবীত মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লীলাকান্ত বৰঠাকুৰক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে । পৰিষদৰ মহাবিদ্যালয়ৰ শাখা সমিতি সভাপতি সুৰজিৎ বৰা আৰু সাধাৰণ সম্পাদক চিন্ময় মেধি স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰে যে ,মহাশয় জাতীয়তাবাদী সম্ভাষণ গ্ৰহণ কৰিব।

 মৰিগাঁও জিলাৰ একমাত্র উচ্চ শিক্ষানুষ্ঠান মৰিগাঁও মহাবিদ্যালয় ১৯৬৪ চনতে স্হাপিত হৈছিল। ৫৯ বছৰ গৰকা মহাবিদ্যালয় খনত বৰ্তমানেও বিভিন্ন সমস্যা ৰে জৰ্জৰিত হৈ আছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ মৰিগাঁও মহাবিদ্যালয় ৰ শাখা সমিতিৰ জৰিয়তে শাখা সমিতিৰ এই স্মাৰক পত্ৰ ৰ জৰিয়তে নিম্ন উল্লেখিত দাবী সমূহ পূৰণ কৰিবলৈ অনুৰোধ জনালো

 দাবী সমূহ:-

১. মৰিগাঁও মহাবিদ্যালয় ৰ চৌহদৰ ভিতৰত থকা ছাত্র আৱাসত অতি শীঘ্রে দুটা ডাষ্টবিনৰ ব্যবস্থা কৰক। 

২. মৰিগাঁও মহাবিদ্যালয় চৌহদৰ ভিতৰত থকা ছাত্ৰ আৱাসৰ ৫ নম্বৰ কোঠাত চিলিং ফেনৰ ব্যবস্থা কৰক। 

৩.মৰিগাঁও মহাবিদ্যালয় ৰ চৌহদৰ ভিতৰত থকা ছাত্রী আৱাসৰ সমস্যা সমূহ সমাধান কৰা ব্যৱস্থা কৰক ।

৪. মৰিগাঁও মহাবিদ্যালয় ৰ ছাত্ৰ আৱাসত সন্ধিয়া সময়ত পোহৰৰ যি অসুবিধা সেই অসুবিধা দূৰ কৰিবলৈ নিদিষ্ট ঠাই বাল্ব লগোৱাৰ ব্যবস্থা কৰক। 

৫. পৰিস্কাৰ পৰিচ্চন্নতাৰ ক্ষেত্রত মৰিগাঁও পৌৰসভাৰ জৰিয়তে মৰিগাঁও মহাবিদ্যালয় খন পৰিস্কাৰ কৰাৰ ব্যবস্থা কৰক।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.