শাক-পাচলি বিক্ৰেতাই লাভ কৰে আয়কৰৰ জাননী, একাউণ্টত জমা ১৭২ কোটি টকা

 

172 crore Rupees in Vegetable Vendor Account

শাক-পাচলি বিক্ৰেতাই লাভ কৰে আয়কৰৰ জাননী, একাউণ্টত জমা ১৭২ কোটি টকা

শাক-পাচলি বিক্ৰী কৰি বাৰু আপুনি কিমান টকাৰ উপাৰ্জন কৰিব পাৰে ?

শাক-পাচলি বিক্ৰেতাৰ একাউণ্টত ১৭২ কোটি টকা কেনেকৈ ?

কেনেকৈ উপাৰ্জন কৰিলে ইমানবোৰ টকা ?

প্ৰায়ে মানুহে অনুভৱ কৰে যে ক্ষুদ্ৰ ব্যৱসায় কৰি বা সৰু সৰু বস্তু বিক্ৰী কৰি দোকানীসকলে কিমান উপাৰ্জন কৰিলেহেঁতেন। বহু সময়ত আপুনি শাক-পাচলি কিনাৰ সময়ত দোকানীৰ পৰা পাতবোৰো উভতাই নিদিলেহেঁতেন। কিন্তু যদি এজন শাক-পাচলি বিক্ৰেতাৰ একাউণ্টত আপুনি আশা কৰাতকৈ বেছি টকা থাকে তেন্তে কি হ’ব? 

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ পৰা এটা আশ্চৰ্যজনক গোচৰ পোহৰলৈ আহিছে, য’ত শাক-পাচলি বিক্ৰী কৰা এজন ব্যক্তিয়ে হঠাতে আয়কৰৰ জাননী লাভ কৰিছে। এই জাননীত লিখা আছিল যে আপোনাৰ একাউণ্টত জমা হোৱা কোটি টকাৰ কৰ পৰিশোধ কৰা হোৱা নাই ।

বিষয়াসকলৰ মতে, এই শাক-পাচলি ব্যৱসায়ীৰ একাউণ্টত আছে ১৭২ কোটি টকা। কিন্তু পাচলি বিক্ৰেতাজনে মানি লব পৰা নাছিল এই কথা । তেও আৰক্ষীৰ কাষ চাপি সহায় বিচাৰিছিল ।

এমাহ আগৰ কথা, যেতিয়া Income Tax ৰ দলটোৱে আয়তকৈ অধিক ধন স্থানান্তৰৰ তালিকা পাইছিল। এক প্ৰতিবেদন অনুসৰি, গোচৰটো গাজীপুৰৰ গহমাৰ থানা এলেকাৰ সৈতে জড়িত, য’ত ৰায়পট্টি অঞ্চলৰ বাসিন্দা বিনোদ ৰাষ্টোগীয়ে শাক-পাচলিৰ ব্যৱসায় কৰে। এদিন বিনোদক হঠাৎ আয়কৰৰ দ্বাৰা প্ৰেৰণ কৰা জাননী পালে, তাৰ পিছত পোহৰলৈ আহিল যে তেওঁৰ নামত থকা একাউণ্টত ১৭২ কোটি ৮১ লাখ ৫৯ হাজাৰ টকা জমা হৈছে।

কিন্তু বিনোদে কয় যে এই টকা তেওঁৰ নহয়। বিনোদে গহমাৰ কোতৱালিত আবেদন দি সহায় বিচাৰিছে। বিনোদে থানাত জনাইছে যে কোনোবাই তেওঁৰ আধাৰ আৰু পান কাৰ্ডৰ অপব্যৱহাৰ কৰি এই একাউণ্টটো খুলিছে। কোৱা হৈছে যে চেক যোগে একাউণ্টত কোটি কোটি টকাৰ পৰিমাণ জমা কৰা হৈছে। আৰক্ষীৰ চাইবাৰ চেলৰ তদন্তত সকলো তথ্য পোহৰলৈ আহিব । কিন্তু আপুনিও সাৱধান হওক । আপোনাৰ Aadhaar Card , PAN CARD ব্যৱ হাৰ কৰিও আনে এনে  ধৰনৰ Cyber Fraud কৰিব পাৰে ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.