চিণ্ডিকেটৰ নামত জিলিকিছে অসমৰ বন বিভাগ : MARGHERITA SAND SYNDICATE : News of Assam : Times Guwahati

চিণ্ডিকেটৰ নামত জিলিকিছে অসমৰ বন বিভাগ ! ৰাজ্যত  শিল,বালি,ইটাৰ  বৃহৎ চিণ্ডিকেট৷ মৌন  অসম চৰকাৰৰ বিয়াগোম বনবিভাগ ৷ মাৰ্ঘেৰিটাত শিল বালিৰ বৃহৎ চিণ্ডিকেট

MARGHERITA SAND SYNDICATE


চিণ্ডিকেট দুৰ্নীতিৰ কথা কৈ ভাগৰি যাব বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত ৷ মাৰ্ঘেৰিটাত চলিছে শিল,বালি, ইটাৰ বৃহৎ চিণ্ডিকেট!    ডিগবৈৰ বন সংমণ্ডলৰ অধিনষ্ঠ মাৰ্ঘেৰিটাৰ  বিভিন্ন স্থানত অবাধ হাৰত  চলিছে বনজ সম্পদৰ ব্যাপক লুন্ঠন  ৷ মহকুমাটোৰ দিহিং আৰু টিৰাপ নৈত শেন চকু পৰিছে  দুস্কৃতিকাৰীৰ  ৷ নৈ দুখনৰ বুকুত  অবৈধ ভাৱে  বালি খনন কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে চোৰাং ব্যৱসায়ীয়ে ৷ নাই বৈধ কোনো অনুজ্ঞা পত্ৰ ৷

বৰ্তমান  মহকুমাৰটোৰ  পূব, পশ্চিম, জাগুন আৰু লেখাপানী বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন দিহিং আৰু টিৰাপ নদীৰ বিভিন্ন ঘাটৰ পৰা  অবৈধভাৱে শিল-বালিৰ খনন আৰু সৰবৰাহ অব্যাহত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ  ৷   বৰ্তমান মাৰ্ঘেৰিটাৰ  লামা ঘাত,  বৰগোলাইৰ  জামদাৰবস্তি, লিডুৰ মোলাং অঞ্চলৰ কেইবাটাওঁ নদীৰ ঘাতত অবৈধ ভাৱে জেচিবিৰে একাংশ চোৰাং ব্যৱসায়ীয়ে বালিৰ অবৈধ খনন অব্যাহত ৰাখিছে ৷৷ 

( মাৰ্ঘেৰিটাৰ বৰগোলাইত আজি স্থানীয় ৰাইজে পথ অৱৰোধ কৰি অবৈধ বালি খনন বন্ধৰ দাবী উত্থাপন কৰে)  

★ মাৰ্ঘেৰিটাৰ পৰা উজ্জ্বল চৌধুৰীৰ প্ৰতিবেদন Times Giwahati ★

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.