world record for hair donation
১৮ বছৰ ধৰি অবিৰত প্ৰচেষ্টাৰ পিছত জাহাব খানে চুলি দীঘল কৰি তুলিলে। এই দীঘলীয়া সময়খিনিত কেঁচিখনে এবাৰো চুলিখিনি স্পৰ্শ কৰা নাছিল। ডেৰ বছৰৰ পাছত জাহাব খানে চুলি কাটিলে। কেৱল সেয়াই নহয়, কটা চুলিখিনি শিশুৰ কল্যাণৰ বাবে তেওঁ দান কৰিছিল। আৰু এই পদক্ষেপে তেওঁৰ বিশ্বব্যাপী স্বীকৃতি কঢ়িয়াই আনিছে। সৰ্বাধিক দীঘল চুলি দান কৰাৰ বিশ্ব অভিলেখ এতিয়া জাহাবৰ হাতত আছে।
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ৱেবছাইট অনুসৰি, পাকিস্তানী মূলৰ ৩১ বছৰীয়া জাহাব খান আমেৰিকাৰ ভাৰ্জিনিয়াৰ উত্তৰ অংশত বাস কৰে। পেছাত তেওঁ এজন স্কোয়াচ খেলুৱৈ, প্ৰশিক্ষক আৰু সমাজকৰ্মী। ১৩ বছৰ বয়সতে শেষ চুলি কাটিছিল জাহাবে। তেতিয়াৰ পৰাই আৰম্ভ হ’ল দীঘল চুলি পাবলৈ তেওঁৰ দীঘলীয়া যাত্ৰা।
ডেৰ বছৰত তেওঁৰ চুলিৰ দৈৰ্ঘ্য প্ৰায় ১৯০ চেণ্টিমিটাৰ বা ৬ ফুট ৩ ইঞ্চি দিঘল হ’ল। তেওঁ আটাইতকৈ দীঘল চুলিৰ খেলুৱৈ হিচাপে পৰিচিত আছিল। জাহাবে কয় যে নিয়মীয়া ৰক্ষণাবেক্ষণ আৰু আইতাকৰ দ্বাৰা নিৰ্মিত বিশেষ তেল ব্যৱহাৰ কৰাৰ বাবে তেওঁৰ চুলি দীঘল আৰু মজবুত হৈ পৰিল।
চলিত বৰ্ষৰ ২৬ আগষ্টত এটা ডাঙৰ উদ্দেশ্যত জাহাব নৰসুন্দৰলৈ গৈছিল। কেঁচিৰ তলত চখৰ দীঘল চুলিখিনি আগবঢ়াই দিলে। এই সময়ত জাহাবৰ মূৰৰ পৰা ১৫৫ চেন্টিমিটাৰ বা ৫ ফুট ১ ইঞ্চি চুলি কাটিছিল। পিছলৈ তেওঁ কটা চুলিখিনি শিশুৰ কল্যাণৰ বাবে দান কৰে।
জাহাবৰ এই অনুদানৰ জৰিয়তে বিভিন্ন ৰোগৰ চিকিৎসাধীন অৱস্থাত চুলি সৰা শিশুৰ বাবে বিনামূলীয়াকৈ চুলি সলনি কৰাৰ বাবে ব্যৱহাৰ কৰা হ’ব। আৰু এই মহান কাম কৰি জাহাবৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত উঠিছে। যোৱা মঙলবাৰে গিনিজ কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে তেওঁলোকৰ ৱেবছাইটত জাহাবৰ অভিলেখৰ কথা উল্লেখ কৰিছিল। কোৱা হয় যে জাহাবৰ আগতে আন কোনেও ইমান দীঘল চুলি দান কৰা নাছিল।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati
