" এজন সাধাৰণ মানুহ দেখিলে দিব্যাংগজনে অন্তৰত কেনে অনুভৱ কৰে আমি বাৰু ভাবি চাওঁনে ?

এজন সাধাৰণ মানুহ দেখিলে দিব্যাংগজনে অন্তৰত কেনে অনুভৱ কৰে আমি বাৰু ভাবি চাওঁনে ?

The first annual conference of parents of children with disabilities in Morigaon Jaluguti

 এজন সাধাৰণ মানুহ দেখিলে দিব্যাংগজনে অন্তৰত কেনে অনুভৱ কৰে আমি বাৰু ভাবি চাওঁনে ? এজন দিব্যাংগ লোকে নিজৰ চেষ্টাৰ ফলত কিমান ওপৰলৈ যাব পাৰে তাৰ অলেখ উদাহৰণ আছে |

মৰিগাওঁত দিব্যাংগ শিশুৰ অভিভাৱকসকলৰ প্ৰথম বাৰ্ষিক অভিবৰ্তন : উপস্থিত উপাযুক্ত দেৱাশীষ শৰ্মা

আজিৰ শিশু কালিলৈ দেশৰ ভৱিষ্যৎ, সেই শিশুৰ মাজৰে কিছু এনে শিশুও আছে যাক সৃষ্টি কৰ্তাই কৰবাত যেন ক্ৰুটি কৰিলে । তেনে শিশুক নৱ প্ৰেৰণাৰে সাহস আৰু আত্মবল দিয়াৰ দায়িত্বও দিলে মানুহকেই । মুখত আজি মিছিকিয়া হাহি এইসকল শিশুৰ । কাৰণ কেইজন মান ব্যক্তিৰ মহৎ আৰু পূন্য কামে কোনোটো শিশুৱে নেত্ৰ দান পাইছে , কোনোটো শিশুৱে শ্ৰৱন শক্তি ঘুৰাই পাইছে , আন কোনোৱে ভালদৰে খোজ কাঢ়িব পাৰিছে । 


হয় আমি সেই সকল শিশুৰ বিষয়ে কব বিচাৰিছো যাক সমাজে নাম দিছে দিব্যাংগ বুলিও ।  সমগ্ৰ বিশ্বতে প্ৰায় 93ৰ পৰা 150 মিলিয়ন প্ৰতিবন্ধী শিশু আছে ।  আজি কালি প্ৰতিবন্ধী শব্দটো সৰলীকৃত কৰি বিশেষ ভাৱে সক্ষম শিশু বুলি কোৱা হৈছে | সেই অনুসৰি আমাৰ অসমত প্ৰায় 81782 জন বিশেষ ভাৱে সক্ষম শিশু আছে । আমি বাৰু ভাবি চাওনে কিহৰ বিসংগতিৰ বাবে তেনে অৱস্থা হৈছে ? পাৰিম নে তেওঁৰ প্ৰতি সহমৰ্মিতা দেখুৱাব ? এজন সাধাৰণ মানুহ দেখিলে দিব্যাংগজনে অন্তৰত কেনে অনুভৱ কৰে আমি বাৰু ভাবি চাওঁনে ? এজন দিব্যাংগ লোকে নিজৰ চেষ্টাৰ ফলত কিমান ওপৰলৈ যাব পাৰে তাৰ অলেখ উদাহৰণ আছে | হেলেন কেলাৰ , ষ্টিফেন হকিং , মুনিবা মাজাৰি আদি তেনে বিখ্যাত আৰু সৰ্বজন প্ৰিয় , সৰ্বসমাদৃত দিব্যাংগ ব্যক্তি |


 নিজৰ সবল মনোবল থাকিলে বহু সাধাৰণ মানুহকো চেৰ পেলাই সমাজৰ শীৰ্ষ স্থান দখল কৰিব পাৰে | কেৱল আমাৰ পৰা লাগে সহযোগিতাৰ । সেই উদ্দেশ্য আগত ৰাখিয়েই মৰিগাওঁ জিলাৰ কপিলী শিক্ষাখণ্ডৰ অন্তৰ্গত দিব্যাংগ শিশুৰ অভিভাৱকসকলক লগত লৈ জালুগুটি ৰাজহুৱা ভৱনত কপিলী মিছন সমন্বয়ক কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীৰ সহযোগত প্ৰথম বাৰ্ষিক অভিবৰ্তন অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্টানত পতাকা উত্তোলন কৰে প্ৰাৰ্থমিক খণ্ড শিক্ষা বিষয়া ও খণ্ড মিছন সমন্বয়ক শ্ৰী যুত সমৰ বৰুৱাই । বিদ্যালয়ৰ পৰিদৰ্শক বুলি গগৈৰ সভাপতিত্বত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই কপিলী খণ্ড মিছনৰ সহকাৰী সমল ব্যক্তি গিৰেন বৰা দেৱে । বৃহস্পতিবাৰে অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে মৰিগাওঁ জিলাৰ নৱ নিযুক্ত উপাযুক্ত দেৱাশীষ শৰ্মা ।




 নিজৰ সবল মনোবল থাকিলে বহু সাধাৰণ মানুহকো চেৰ পেলাই সমাজৰ শীৰ্ষ স্থান দখল কৰিব পাৰে | কেৱল আমাৰ পৰা লাগে সহযোগিতাৰ । সেই উদ্দেশ্য আগত ৰাখিয়েই মৰিগাওঁ জিলাৰ কপিলী শিক্ষাখণ্ডৰ অন্তৰ্গত দিব্যাংগ শিশুৰ অভিভাৱকসকলক লগত লৈ জালুগুটি ৰাজহুৱা ভৱনত কপিলী মিছন সমন্বয়ক কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীৰ সহযোগত প্ৰথম বাৰ্ষিক অভিবৰ্তন অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্টানত পতাকা উত্তোলন কৰে প্ৰাৰ্থমিক খণ্ড শিক্ষা বিষয়া ও খণ্ড মিছন সমন্বয়ক শ্ৰী যুত সমৰ বৰুৱাই । বিদ্যালয়ৰ পৰিদৰ্শক বুলি গগৈৰ সভাপতিত্বত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই কপিলী খণ্ড মিছনৰ সহকাৰী সমল ব্যক্তি গিৰেন বৰা দেৱে । বৃহস্পতিবাৰে অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে মৰিগাওঁ জিলাৰ নৱ নিযুক্ত উপাযুক্ত দেৱাশীষ শৰ্মা । ৰাজ্যিক আঁচনি বিষয়া, সর্বাত্মক শিক্ষা, সমগ্র শিক্ষা, অসমৰ মোছা পার্লী । ৰাজ্যিক প্ৰালোচক, সর্বাত্মক শিক্ষা, সমগ্র শিক্ষা, অসমৰ শ্রীযুত দিগন্ত শৰ্মা । লগতে অতিৰিক্ত উপায়ুক্ত (শিক্ষা), মৰিগাঁও জিলা শ্ৰীযুতা অৰুন্ধতী নৰহ মিপুন । জিলা সমাজ কল্যান বিষয়া, মৰিগাঁওৰ শ্ৰীযুত সন্তোষ কুটুম । যুটীয়া স্বাস্থ্য সঞ্চালক, মৰিগাঁওৰ ডাঃ ফনী পাঠক ।

ডাঃ চন্দ্ৰচিং দেউৰী, উপ অধীক্ষক, ভূৰবন্ধা আদর্শ চিকিৎসালয়, মৰিগাঁও। শ্ৰীযুতা সীমা দেৱী য়েইন, অ.অ.সে., খণ্ড উন্নয়ন বিষয়া, কপিলী উন্নয়ন খণ্ড, মৰিগাঁও। শ্ৰীযুত ৰাজেন গোস্বামী, জিলা আঁচনি বিষয়া, সমাজ জড়িতকৰণ, সমগ্ৰ শিক্ষা, মৰিগাঁও ৷

শ্ৰীযুত দেৱ কুমাৰ মেধী, সভাপতি, সদৌ অসম সর্বাত্মক শিক্ষাকর্মী সস্থা। শ্রীযুত কীর্তিকমল কলিতা, খণ্ড আঁচনি সহায়ক, আৰ.বি.এচ.কে.. ভৰবন্ধা আদর্শ চিকিৎসালয়। এই অনুষ্ঠানতেই সকলো সমল ব্যক্তিৰ সাৰুৱা ভাষনৰে সকলো শিশুৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে এই সকল শিশুৰ অধিকাৰৰ বিষয়ে আলোকপাত কৰে

মৰিগাও চৰাইবাহীৰ পৰা পুলক নাথ ৭০০২২৩৪৭৩১ 

Post a Comment

Previous Post Next Post

People Like