মৰিগাঁওত চুৰিয়া পিন্ধাৰ বাবে কাৰ্যালয়ত প্ৰৱেশত বাধা

মৰিগাঁও জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ কাণ্ডত ক্ষুব্ধ ৰাইজ

চুৰিয়া পিন্ধাৰ বাবে কাৰ্যালয়ত প্ৰৱেশত বাধা

It is forbidden to enter the office wearing a dhoti In Morigaon

চুৰিয়া পৰিধান কৰি মৰিগাঁও জিলাৰ শিক্ষা বিষয়াক সাক্ষাৎ কৰিবলৈ অহা জিলাখনৰ তৰাণী কলবাৰীৰ ৰাইজক শিক্ষা বিষয়াৰ কাৰ্যালয়ত সোমোৱাত বাধা প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাই আজি মৰিগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্রাপ্ত তথ্য অনুসৰি, মৰিগাঁও জিলাৰ তৰাণী কলবাৰী আদর্শ প্রাথমিক বিদ্যালয়ত ৪৫ জন ছাত্র ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰাৰ বিপৰীতে বিদ্যালয়খনত বৰ্তমান শিক্ষক হৈছে মাত্ৰ এজনহে। মৰিগাঁও জিলাৰ মায়ং শিক্ষা খণ্ডৰ অন্তৰ্গত তৰাণী কলবাৰী আদর্শ প্রাথমিক বিদ্যালয়খনত জিলা শিক্ষা বিষয়া কাৰ্যালয়ৰ পৰা এগৰাকী শিক্ষয়িত্ৰী নিযুক্তি দিছিল যদিও শিক্ষয়িত্ৰীগৰাকীয়ে আজিলৈকে বিদ্যালয়খনত উপস্থিত নহ'ল বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। ইফালে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ দিনত এখন আদর্শ বিদ্যালয়ত এনেকৈ শিক্ষকৰ অভাৱ হোৱাত দুখ আৰু ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ অভিভাৱকসকলে। 


 স্থানীয় ৰাইজৰ অভিযোগ মতে, তৰাণী কলবাৰীৰ ৰাইজে জিলা প্রাথমিক শিক্ষা বিষয়া বুলি গগৈ ভূঞাৰ ওচৰলৈ আহোতে চুৰিয়া পৰিধান কৰি অহাৰ বাবেই বিষয়াগৰাকীয়ে ৰাইজক গুৰুত্ব প্ৰদান নকৰি সাক্ষাৎ নিদিলে।

ইয়াৰ পাছতেই স্থানীয় ৰাইজে জিলা শিক্ষা বিষয়া আৰু মায়ং শিক্ষা খণ্ডৰ শিক্ষা বিষয়াৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰে। ইপিনে, তৰাণী কলবাৰীৰ ৰাইজে উত্থাপন কৰা অভিযোগ মতে, মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাই অস্বীকাৰ কৰা বুলি বিভাগীয় এক সূত্রই প্রকাশ কৰিছে। ইপিনে, এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি জিলাখনৰ বিভিন্ন মহলত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.