why SBI accounts getting closed state bank of India
এটা নিৰ্দিষ্ট কাম সম্পন্ন নকৰাৰ বাবে ভাৰতীয় ষ্টেট বেংকে একাউণ্ট বন্ধ কৰি দিছে। জানো আহক সেই কামটো কি?
শেহতীয়াকৈ ভাৰতীয় ষ্টেট বেংকৰ কেইবাজনো ব্যৱহাৰকাৰীয়ে একাউণ্ট বন্ধ হোৱাৰ খবৰ দিছে।
এই সন্দৰ্ভত এটা কথা মন কৰিবলগীয়া যে দীৰ্ঘদিন ধৰি ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকক এই কামটো বিভিন্ন ধৰণেৰে সম্পূৰ্ণ কৰিবলৈ কৈ আহিছে। কিন্তু যিসকলে পৰ্যাপ্ত সময় দিও কৰিব নোৱাৰিলে তেওঁলোকৰ একাউণ্ট সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।১ জুলাইৰ পৰা বন্ধ হৈ আছে কেইবাটাও একাউণ্ট।
একাউণ্ট বন্ধ হোৱাৰ বাবে SBI ৰ গ্ৰাহকে লেনদেন কৰিব পৰা নাই। কিন্তু কিয় বন্ধ কৰিলে ভাৰতীয় ষ্টেট বেংকে এই একাউণ্টসমূহ?
ভাৰতীয় ষ্টেট বেংকে KYC বা ‘Know Your Customer’ ৰ নিয়ম আপডেট নকৰা সকলৰ একাউণ্ট বন্ধ কৰি দিছে।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati