" দ্ৰৌপদী মুৰ্মুৱে ৰাজনীতিত গঢ়ি তুলিছিল এনে এক পৰিচয় , এসময়ত পঢ়াইছিল শিশুক

দ্ৰৌপদী মুৰ্মুৱে ৰাজনীতিত গঢ়ি তুলিছিল এনে এক পৰিচয় , এসময়ত পঢ়াইছিল শিশুক

presidential candidate draupadi murmu biography education political career

presidential candidate draupadi murmu biography education political career

দেশৰ সৰ্বোচ্চ পদ অৰ্থাৎ ৰাষ্ট্ৰপতিৰ বাবে ১৮ জুলাইত ভোটদান কাৰ্য অনুষ্ঠিত হ’ব।  ৰামনাথ কোবিন্দৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত  এতিয়া দেশত নতুন ৰাষ্ট্ৰপতি নিযুক্তি কৰা হব ।  ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপিৰ এগৰাকী মহিলা প্ৰাৰ্থী থকাৰ বিপৰীতে যশৱন্ত সিনহা হৈছে বিৰোধীৰ দলৰ প্ৰাৰ্থী ।বিজেপিৰ মহিলা প্ৰাৰ্থী গৰাকীৰ  নাম দ্ৰৌপদী মুৰ্মু। দ্ৰৌপদী মুৰ্মুৱে  ২৪ জুনত মনোনয়ন দাখিল কৰিব।  বিজেপিৰ মহিলা প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে  যদি নিৰ্বাচনত জয়ী হয় তেন্তে তেওঁ ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হব।  ইয়াৰ আগতে প্ৰতিভা পাটিলে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হোৱাৰ গৌৰৱ লাভ কৰিছিল।  আকৌ এবাৰ নাৰীৱে দেশৰ সৰ্বোচ্চ পদবী দখল কৰিবলৈ এখোজ দূৰত আছে ।  কিন্তু আপুনি জানেনে ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু কোন?  দ্ৰৌপদী মুৰ্মুৰ জীৱন আৰু ৰাজনৈতিক জীৱনৰ বিষয়ে জানি লওক।

দ্ৰৌপদী মুৰ্মু কোন?:

 ৰাষ্ট্ৰপতি পদৰ বাবে হব লগীয়া ভোটদানত এনডিএৰ  ফালৰ পৰা  দ্ৰৌপদী মুৰ্মুৰ নাম দিয়া হৈছে ।  তেওঁ  হৈছে  উৰিষ্যাৰ এগৰাকী জনজাতীয় মহিলা নেত্ৰী আৰু ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

দ্ৰৌপদী মুৰ্মুৰ জীৱনী:

দ্ৰৌপদী মুৰ্মুৱে ১৯৫৮ চনৰ ২০ জুনত ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ এটা জনজাতীয় পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।  দেউতাকৰ নাম আছিল বিৰঁচী নাৰায়ণ টুডু,  আৰু তেওঁ  তেওঁলোকৰ পৰম্পৰা অনুসৰি গাওঁ আৰু সমাজৰ মুৰব্বী আছিল।

 দ্ৰৌপদী মুৰ্মুৰ শিক্ষা:

দ্ৰৌপদী মুৰ্মুৱে  তেওঁৰ প্ৰাৰম্ভিক শিক্ষা গৃহ জিলাৰ পৰা সম্পূৰ্ণ কৰাৰ পিছত দ্ৰৌপদী ভুৱনেশ্বৰৰ ৰামদেৱী মহিলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।  পঢ়া-শুনা সমাপ্ত কৰাৰ পিছত দ্ৰৌপদী মুৰ্মুৱে শিক্ষক হিচাপে   নিজৰ জীৱন আৰম্ভ কৰি কিছুদিন শিক্ষকতা হিচাপে কাম কৰিছিল।

 দ্ৰৌপদী মুৰ্মুৰ জীৱনৰ  সংগ্ৰাম:

 দ্ৰৌপদী মুৰ্মুৱে শ্যাম চৰণ মুৰ্মুৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ  দুজন পুত্ৰ আৰু এজনী পুত্ৰী কন্যা সন্তান জন্ম হৈছিল।  পিছত দুয়োজন পুত্ৰৰ আৰু স্বামীৰ মৃত্যু হয়।  সন্তান আৰু স্বামী হেৰুৱাটো  দ্ৰৌপদী মুৰ্মুৰ বাবে এক কঠিন সময় আছিল যদিও তাই হাৰ নামানি সমাজৰ বাবে কিবা এটা কৰিবলৈ ৰাজনীতিত প্ৰৱেশ কৰিছিল।

 দ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক জীৱন:

 দ্ৰৌপদী মুৰ্মুৱে ওডিছিৰ পৰাই বিজেপিৰ সৈতে  তেওঁৰ ৰাজনৈতিক জীৱনৰ আৰম্ভ আৰম্ভ কৰিছিল।  বিজেপিত যোগদান কৰাৰ পিছত ১৯৯৭ চনত ৰাইৰাংপুৰ নগৰ পঞ্চায়তৰ কাউন্সিলাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰি জয়লাভ কৰে।  বিজেপিয়ে মুৰ্মুক  অনুসূচিত জনজাতি মৰ্চাৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়ে।  ইয়াৰ পিছত ২০০০ চনৰ পৰা ২০০২ চনলৈ ওড়িশাৰ বিজেপি আৰু বিজু জনতা দলৰ মিত্ৰজোঁট চৰকাৰত তেওঁ স্বতন্ত্ৰ দায়িত্বৰে বাণিজ্য আৰু পৰিবহণ মন্ত্ৰী আছিল।  ২০০২ চনৰ পৰা ২০০৪ চনলৈকে মীন আৰু পশু সম্পদ উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাম কৰিছিল।   তেওঁ ওড়িশাৰ ৰাইগঞ্জ বিধানসভাৰ আসনৰ পৰা বিধানসভা নিৰ্বাচনতো  জয়লাভ কৰে।  পৰৱৰ্তী সময়ত তেওঁক  ২০১৫ চনৰ পৰা ২০২১ চনলৈ ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপেও নিযুক্তি দিয়া হয় ।  আৰু তেওঁ  ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল হৈছিল।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

Previous Post Next Post

People Like