এতিয়ালৈকে মানুহে জানিছিল যে তেওঁলোকৰ পূৰ্বপুৰুষবোৰ আচলতে বান্দৰ। কিন্তু বিজ্ঞানীসকলৰ মতে এশ বছৰতকৈও অধিক সময়ৰ আগতে পোৱা এটা জীৱাশ্মই সেই ইতিহাস সলনি কৰিব পাৰে।
দৰাচলতে ১০০ বছৰতকৈও অধিক পূৰ্বে The Scottish Quarryৰ পৰা এটা জীৱাশ্ম আৱিষ্কাৰ হৈছিল। শৰীৰটো আছিল দাঁতবিহীন ইল (EAL)ৰ দৰে। বিজ্ঞানীসকলে ইয়াক Palaeospondylus gunni বুলি কয়। এতিয়া প্ৰায় ১৩০ বছৰৰ পাছত High-resolution imaging ব্যৱহাৰ কৰি গৱেষকসকলে অৱশেষত আৱিষ্কাৰ কৰিছে যে এই ৰহস্যময় মাছটো হয়তো আমাৰ অন্যতম পুৰণি পূৰ্বপুৰুষ।
নেচাৰ নামৰ আলোচনীখনত প্ৰকাশ পাইছে এই নতুন অধ্যয়ন। টকিঅ’ বিশ্ববিদ্যালয়ৰ পুৰাজীৱ বিজ্ঞানী তথা গৱেষক লেখিকা তাটছুয়া হিৰাছাৱাই কয় যে এই সৰু মাছটো ইমান ৰহস্যময় হোৱাৰ দুটা কাৰণ আছে। প্ৰথমতে, ইয়াৰ সৰু আকাৰ, যিটো মাত্ৰ ২.৪ ইঞ্চি। দ্বিতীয়টো হ’ল জীৱাশ্মটোৰ সংকোচিত আকাৰ।
এই নতুন অধ্যয়নৰ পূৰ্বে বিজ্ঞানীসকলে জানিছিল যে Palaeospondylu মধ্য ডেভ’নিয়ান যুগত পোৱা গৈছিল। অৰ্থাৎ প্ৰায় ৩৯.৮ৰ পৰা ৩৬.৫ কোটি বছৰৰ আগৰ কথা। এই মাছৰ পাখিবোৰ ভালদৰে বিকশিত হৈছিল, কিন্তু হাত-ভৰি নাছিল। আমোদজনক কথাটো হ’ল ইয়াৰ দাঁতও নাছিল। কিন্তু সেই সময়ৰ প্ৰায়বোৰ মেৰুদণ্ডী প্ৰাণীৰ দাঁত আছিল।
বছৰ বছৰ ধৰি এই মাছটোক লৈ বিজ্ঞানীসকল চিন্তিত হৈ আহিছে ২০০৪ চনত গৱেষকসকলে American Scientist জাৰ্নেলত প্ৰকাশ কৰিছিল যে পেলিঅ’স্পণ্ডাইলাছ এটা প্ৰাচীন মাছ আছিল।
Journal of Zoological Lettersত প্ৰকাশিত ২০১৬ চনত প্ৰকাশিত এক অধ্যয়নৰ মতে, ই প্ৰকৃততে হগফিছৰ দৰে মাছৰ প্ৰজাতি। ইয়াৰ এবছৰৰ পাছত Australian National Universityৰ এটা দলে কয় যে এতিয়া ই এটা কাৰ্টিলেজিনাছ মাছ, শ্বাৰ্কৰ দৰেই।
Australian National Universityৰ এজন পদাৰ্থ বিজ্ঞানৰ গৱেষকে জনোৱা মতে, ১৮৯০ চনত প্ৰথমবাৰৰ বাবে এই প্ৰাণীটো আৱিষ্কাৰ কৰা হৈছিল। এতিয়ালৈকে কোনেও নিখুঁত সমাধান পঠাব পৰা নাছিল, যিটো আচৰিত কথা নহয়।
এই Paleospondylusৰ ৰহস্য উন্মোচন কৰিবলৈ Micro-computed tomography (CT) স্কেনিং প্ৰযুক্তি ব্যৱহাৰ কৰি উচ্চ ৰিজ’লিউচনৰ ডিজিটেল ছবি তৈয়াৰ কৰা হয়। স্কেন কৰি বহুত কথা জানিব পাৰি। উদাহৰণস্বৰূপে, এই প্ৰাণীটোৰ ভিতৰৰ কাণত বহুতো অৰ্ধবৃত্তাকাৰ খাল আছিল। যেনে আজিৰ মাছ, চৰাই-চিৰিকটি আৰু স্তন্যপায়ী প্ৰাণী। গৱেষকসকলে ক্ৰেনিয়াল বৈশিষ্ট্যও বিচাৰি পাইছে যিয়ে Palaeospondylus is a tetrapodomorph ৰ গোটত ৰাখে।
এই গোটত কেৱল চাৰিঠেঙীয়া জীৱ-জন্তু আৰু ইহঁতৰ দৰে জীৱ-জন্তুহে ৰখা হয়। এই অধ্যয়নৰ পৰা বিজ্ঞানীসকলে অনুমান কৰিছে যে পেলিঅ’স্পণ্ডাইলাছ হয়তো কেৱল এটা সাধাৰণ টেট্ৰাপ’ড’মৰ্ফ নহ’বও পাৰে। ই হয়তো সকলো Tetrapodomorphsৰ পূৰ্বপুৰুষ।
তেতিয়াও কিছুমান প্ৰশ্ন গৱেষকৰ মনত ৰৈ যায়। উদাহৰণস্বৰূপে, Tetrapodomorphsৰ সাধাৰণতে দাঁত থাকে। কিন্তু পেলেঅ’স্পণ্ডাইলাছৰ ক্ষেত্ৰত সেয়া নাছিল। গৱেষকসকলে কয় যে সময়ৰ লগে লগে পেলিঅ’স্পণ্ডাইলাছৰ দাঁত আৰু ভৰি নোহোৱা হৈ যাব পাৰে। সম্ভৱতঃ পেলেঅ’স্পণ্ডাইলাছৰ এই জীৱাশ্মটো সৰু আছিল। বিজ্ঞানীসকলে দাবী কৰিছে যে এই সন্দৰ্ভত এতিয়াও বহু গৱেষণা কৰিবলগীয়া আছে।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati