" মাত্ৰ ১৬ বছৰ বয়সতে গঢ়িলে এইগৰাকী কিশোৰীয়ে ৩ টা বিশ্ব অভিলেখ , প্ৰবল স্মৃতি শক্তিৰ গৰাকী

মাত্ৰ ১৬ বছৰ বয়সতে গঢ়িলে এইগৰাকী কিশোৰীয়ে ৩ টা বিশ্ব অভিলেখ , প্ৰবল স্মৃতি শক্তিৰ গৰাকী

 

She set 3 world records at the age of 16 , has a strong memory

She set 3 world records at the age of 16 , has a strong memory

বয়স মাত্ৰ ১৬ বছৰ। ইয়াৰ মাজতে লাৰা নুনানে তিনিবাৰকৈ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম স্থান লাভ কৰিছে। এইবাৰ তেওঁ মাত্ৰ ৩০ ছেকেণ্ডতে আমেৰিকাৰ ৪০ জন ৰাষ্ট্ৰপতি চিনাক্ত কৰি অভিলেখ গঢ়িলে।

প্ৰবল স্মৃতিশক্তি থকা এই কিশোৰীজন অষ্ট্ৰেলিয়াৰ ছিডনীৰ বাসিন্দা। ২০২২ চনৰ ১ জুলাইত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ৱেবছাইটত লাৰাৰ বিষয়ে এটা প্ৰতিবেদন প্ৰকাশ পাইছিল। কোৱা হৈছে যে ১৬ বছৰীয়া লাৰা নুনানে মাত্ৰ ৩০ ছেকেণ্ডতে ছবি চাই ৪০ গৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতিক চিনাক্ত কৰি নামকৰণ কৰিবলৈ সক্ষম হৈছিল।

ইমান কম সময়ৰ ভিতৰতে ইমানবোৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নাম কোনেও কেতিয়াও উল্লেখ কৰা নাছিল। যোৱা বছৰ আন্না সিঙে ৩০ ছেকেণ্ডত ২৮ গৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি চিনাক্ত কৰি নামকৰণ কৰি বিশ্ব অভিলেখ গঢ়িছিল। অৱশ্যে একে সময়ছোৱাত আনাতকৈ ১২টা বেছি নাম কোৱাৰ বিশ্ব অভিলেখ লাৰাৰ হাতত আছে।

এই অনন্য কৃতিত্বৰ বাবে লাৰাক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে ‘মেম’ৰী মাষ্টাৰ’ হিচাপে নিযুক্তি দিছে। কিন্তু এইটো প্ৰথমবাৰৰ বাবে নহয়, ইয়াৰ পূৰ্বেও দুবাৰকৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত লাৰাৰ নাম প্ৰকাশ পাইছে। প্ৰথমবাৰৰ বাবে লাৰাই মাত্ৰ ১ মিনিটতে ৮৮টা জনপ্ৰিয় মাৰ্ভেলৰ চৰিত্ৰ চিনাক্ত কৰি নামকৰণ কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।

পিছৰবাৰ ১ মিনিটত ১০২টা কাৰ্টুন চৰিত্ৰৰ নাম ল’ব পৰাৰ বাবে লাৰাৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত প্ৰকাশ পাইছিল। এই কিশোৰগৰাকীয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলৰ নাম এইবাৰ তৃতীয়বাৰৰ বাবে ৰাখিছে।

লাৰাই কয়, ‘মই আমেৰিকাৰ নাগৰিক নহয়। গতিকে দেশৰ ৰাষ্ট্ৰপতি সকলৰ নাম মনত ৰখা, চিনি পোৱাটো মোৰ বাবে বৰ কঠিন হৈ পৰিছিল। কিন্তু ঘণ্টাৰ পিছত ঘণ্টা অনুশীলন কৰি মই সম্ভৱ কৰি তুলিলোঁ। মই আপ্লুত হৈ পৰিছো কাৰণ এতিয়া মোৰ তিনিটা গিনিজ ৰেকৰ্ড আছে।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

Previous Post Next Post

People Like