বাতিল কৰা হ'ব ৬ লাখ আধাৰ কাৰ্ড ! আপোনাৰো নাম আছে নেকি চাওক

 6 lacs aadhaar cards cancelled by uidai

6-lacs-aadhaar-cards-cancelled-by-uidai


মোদী চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা কেন্দ্ৰীয় চৰকাৰে ফটো আইডি আধাৰ কাৰ্ডক লৈ কিছু কঠোৰ স্থিতি গ্ৰহণ কৰিছে। আধাৰ কাৰ্ডক ভাৰতৰ আটাইতকৈ প্ৰয়োজনীয় পৰিচয় পত্ৰ হিচাপে উজ্জ্বল কৰাৰ পৰা আৰম্ভ কৰি আধাৰ কাৰ্ডক সকলো সেৱাৰ সৈতে সংযোগ কৰালৈকে, এয়া মোদী চৰকাৰৰ অন্যতম কাৰ্যকলাপ হৈ আহিছে। কিন্তু এইবাৰ ভুৱা আধাৰ কাৰ্ডেৰে পুনৰ সক্ৰিয় হৈ উঠিছে কেন্দ্ৰীয় চৰকাৰ। সূত্ৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে প্ৰায় সাড়ে ছয় লাখ আধাৰ কাৰ্ড অবৈধ ঘোষণা কৰিছে। এই সকলোবোৰ আধাৰ কাৰ্ড আছিল সম্পূৰ্ণ ভুৱা আধাৰ কাৰ্ড।

কেন্দ্ৰীয় চৰকাৰৰ The Unique Identification Authority of India (UIDAI)য়ে এই  ছটা টাৰ্গেট আধাৰ কাৰ্ডক অবৈধ ঘোষণা কৰিছে। ভুৱা আধাৰ কাৰ্ড সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত তথ্য প্ৰযুক্তিৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে ২০ জুলাইত সংসদত জনাইছিল যে মুঠ ৫,৯৮,৯৯৯ খন ভুৱা আধাৰ কাৰ্ড বাতিল কৰা হৈছে। তাৰ লগতে প্ৰৱঞ্চনা ৰোধ কৰিবলৈ আধাৰ কাৰ্ডত অধিক নিৰাপত্তা সংযোজন কৰা হৈছে বুলিও তেওঁ কয়।

যোৱা কেইবছৰমানৰ পৰা ভাৰতত সঘনাই ভুৱা আধাৰ কাৰ্ডৰ অভিযোগ উত্থাপন হৈ আহিছে। বিভিন্ন ঠাইত ইয়াক ব্যৱহাৰ কৰি প্ৰৱঞ্চনা কৰাৰো বহু অভিযোগ উত্থাপন হৈছে। এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ ইউআইডিএআই কৰ্তৃপক্ষই সেই সন্দৰ্ভত অতি সক্ৰিয় হৈ পৰিছে। আধাৰ কাৰ্ড জালিয়াতি ৰোধ কৰিবলৈ অতিৰিক্ত সুৰক্ষা ব্যৱস্থা সংযোজন কৰা হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নতুনকৈ নামভৰ্তিৰ বাবে ‘ফেচ’ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। লগতে নতুন আধাৰ কাৰ্ডৰ ক্ষেত্ৰত ফিংগাৰপ্ৰিণ্ট আৰু বায়মেট্ৰিক সকলো ধৰণৰ ব্যৱস্থা ৰখা হৈছে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.