jio offers 20 GB of free data on my jio app lucky draw
ৰিলায়েন্স JIO ই নিয়মিতভাৱে গ্ৰাহকক ধৰি ৰাখিবলৈ নতুন নতুন অফাৰ আগবঢ়ায়। BSNL আৰু AIRTEL ৰ অহৰহ হেঁচাত মুকেশ আম্বানীৰ কোম্পানীয়ে এই অফাৰসমূহ আগবঢ়াই আহিছিল। শেহতীয়া অফাৰত JIO ৰ গ্ৰাহকে 20 GB ডাটা একেবাৰে বিনামূলীয়াকৈ লাভ কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ বাবে কোনো ধৰণৰ ৰিচাৰ্জৰ প্ৰয়োজন নহ’ব। এটকাও খৰচ নকৰাকৈ পাব 20 GB ডাটা। কিন্তু ইয়াৰ বাবে কিছু পদক্ষেপ গ্ৰহণ কৰিব লাগিব। 20 GB ডাটা ফ্ৰী পাবলৈ জিঅ’ৰ গ্ৰাহকে কি কৰিব লাগিব ? জানো আহক কি এই অফাৰ ?
জিঅ’ৰ pre-paid গ্ৰাহকে 20 GB ডাটাৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইয়াৰ বাবে আপোনাৰ স্মাৰ্টফোনত My Jio app ইনষ্টল কৰাটো প্ৰয়োজন। যদি আপোনাৰ ফোনত এই এপটো ইনষ্টল কৰা নাই তেন্তে এণ্ড্ৰইড ব্যৱহাৰকাৰীয়ে প্লে ষ্ট’ৰৰ পৰা এই এপটো ডাউনলোড কৰিব পাৰিব আৰু IOS ৰ গ্ৰাহকে এপ ষ্ট’ৰৰ পৰা লগ ইন কৰিব পাৰিব। টেলিকম কোম্পানীটোৱে মাই জিঅ’ এপত লাকী ড্ৰ’ৰ জৰিয়তে একাংশ ভাগ্যৱান গ্ৰাহকক নিৰ্বাচন কৰিব। জিঅ’ই এই গ্ৰাহকসকলৰ একাউণ্টত দিব সম্পূৰ্ণ ২০জিবি ডাটা। ১৫ জুলাইলৈকে এই লাকী ড্ৰ’ত অংশগ্ৰহণৰ সুযোগ থাকিব। মুঠ ৫ গৰাকী ভাগ্যৱান বিজয়ী নিৰ্বাচিত কৰা হ'ব। এই ৫ জন চাবস্ক্ৰাইবাৰে 20 GB 4G ডাটা বিনামূলীয়াকৈ লাভ কৰিব।
কেনেকৈ অংশগ্ৰহণ কৰিব ? Jio Offer
১)লাকী ড্ৰ’ত অংশগ্ৰহণ কৰিবলৈ প্ৰথমে স্মাৰ্টফোনত মাই জিঅ’ এপ খুলিব লাগিব।
২) App ৰ হোম স্ক্ৰীণত লগ ইন কৰক আৰু তললৈ স্ক্ৰল কৰি Play & Win Option টো লৈ যাওঁক।
৩)এই শিতানৰ আৰম্ভণিতে আপুনি 20GB ডাটা lucky draw ৰ option দেখিব
৪)এই Option select কৰাৰ পিছত আপুনি এতিয়া অংশগ্ৰহণ কৰিব পাৰিব।
৫)এই Option টো ক্লিক কৰাৰ পিছত এটা সহজ প্ৰশ্নৰ উত্তৰ দিব লাগিব।
৬)ইয়াৰ পিছত লাকী ড্ৰ’ৰ বাবে পঞ্জীয়ন সম্পূৰ্ণ হ’ব।
৭)১৫ জুলাইত বিজয়ী ঘোষণা কৰিব Jio ই।
চলিত বৰ্ষৰ এপ্ৰিল মাহত জিঅ’ৰ গ্ৰাহকৰ সংখ্যা ৩৭.৮৯ কোটিৰ পৰা ৩৭.৮৮ কোটিলৈ হ্ৰাস পাইছে। অৰ্থাৎ মুম্বাইস্থিত কোম্পানীটোৱে এমাহত প্ৰায় ১ লাখ সক্ৰিয় গ্ৰাহক হেৰুৱাইছে। TRAI ৰ তথ্য অনুসৰি এই সময়ছোৱাত ১৬ লাখ নতুন গ্ৰাহকে Jio ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। যদিও নতুন গ্ৰাহকে নেটৱৰ্কত যোগদান কৰিছে, তথাপিও মুঠ সক্ৰিয় গ্ৰাহকৰ সংখ্যা হ্ৰাস পাইছে।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati