woman gave birth to a child amidst waves without medical intervention video went viral
ছ’চিয়েল মিডিয়াত আপলোড কৰা ভিডিঅ’বোৰ কেতিয়া দৰ্শকৰ চকুত আহি চৰ্চাৰ বিষয় হৈ পৰে সেয়া কোনেও নিশ্চিতভাৱে ক’ব নোৱাৰে। শেহতীয়াকৈ এনে এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যিটো ফেব্ৰুৱাৰী মাহত আপলোড কৰা হৈছিল কিন্তু চাৰি মাহৰ পিছত এই ভিডিঅ’টো দৰ্শকৰ চকুত ভাইৰেল হৈ পৰাত এতিয়া ভাইৰেলৰ শিতানত আহিছে। কিছু দিন ধৰি নিকাৰাগুয়াত বাস কৰা এগৰাকী মহিলাই তেওঁৰ ভিডিঅ’টোক লৈ ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে । এই মহিলাগৰাকীৰ নাম জোছি, যাৰ বয়স ৩৭ বছৰ। তেওঁক আলোচনাৰ কাৰণ হৈছে সাগৰৰ ঢৌৰ মাজত এটি সন্তান জন্ম দিয়া। জোছিয়ে তেওঁৰ প্ৰসৱৰ নাম দিছে ফ্ৰী বাৰ্থ। চিকিৎসকৰ সহায় নোলোৱাকৈ সন্তান জন্ম দিছে জোছিয়ে।
জোছিয়ে তেওঁৰ প্ৰসৱৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছে। পানীৰ ঢৌৰ মাজতে প্ৰশান্ত মহাসাগৰত জন্ম দিলে জোছিয়ে। জোছিয়ে ফেব্ৰুৱাৰী মাহত ইনষ্টাগ্ৰামত এই ভিডিঅ’টো আপলোড কৰিছিল যদিও এতিয়া ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। জোছি ইতিমধ্যে ৪টা সন্তানৰ মাতৃ।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati