urfi javed wore a dress made of blue electric wires
উৰ্ফি জাভেদে সদায় মূলসুঁতিৰ ফেশ্বনক বুঢ়া আঙুলি দেখুৱাই নিজৰ অনন্য ফেশ্বন ট্ৰেণ্ড সৃষ্টি কৰিবলৈ ভাল পায়! বিগ বছৰ মঞ্চত সেই ধৰণে প্ৰভাৱ বিয়পাই দিব নোৱাৰিলেও ২৫ বছৰীয়া উৰ্ফীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি ফেশ্বন প্ৰভাৱশালী হিচাপে নিজকে সমগ্ৰ দেশতে জনপ্ৰিয় কৰি তুলিছে। প্ৰতিদিনে উৰ্ফি ৰ বিভিন্ন কাপোৰৰ ষ্টাইল ষ্টেটমেন্ট দেখি আচৰিত হৈ পৰে নেটিজেনসকল।
আৰু এইবাৰো নিজৰ স্বাভাৱিক স্বভাৱ অনুসৰণ কৰি উৰ্ফি জাভেদে গতানুগতিক শৈলীৰ পৰা ওলাই আহি সম্পূৰ্ণ বেলেগ ৰূপ এটা ধৰিলে। কিন্তু এইবাৰ লুকটোৱে আগৰ সকলো ধৰণৰ মানুহক আপ্লুত কৰিলে। কাপোৰৰ সলনি পিন্ধিলে নীলা ৰঙৰ তাৰ। সেই নীলা তাঁৰডাল গোটেই গাত মেৰিয়াই নিজৰ ওপৰৰ আৰু তলৰ অংগৰ লাজ ঢাকিলে অভিনেত্ৰীগৰাকীয়ে।
অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা ৰিল ভিডিঅ’টোৰ বিষয়ে কয়, ‘মই কেৱল তাইৰ সহায়ত মোৰ শৰীৰটো ঢাকি ৰাখিছিলো। মই ভাবো মোক বোমা যেন লাগিছিল। মই বিভিন্ন ৰং চেষ্টা কৰিব বিচাৰো। মোৰ বাবে ফেশ্বন মানে কিবা এটা নতুনত্বৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰা। নতুন কিবা এটা সৃষ্টি কৰাটোৱেই মোৰ ফেশ্বনৰ সংজ্ঞা।”
হয়! অভিনেত্ৰীগৰাকীয়ে ঠিকেই কৈছে। এনে ফেশ্বন ষ্টেটমেন্ট কেৱল উৰ্ফি জাভেদেহে দিব পাৰে। স্বাভাৱিকতে অভিনেত্ৰীগৰাকীৰ কেমেৰাত বন্দী কৰা এই ৰূপটো দেখি স্তম্ভিত হৈ পৰিছিল নেটিজেনসকল। নেটিজেন সকলে কমেন্ট বক্সত নিজৰ মনোভাৱ প্ৰকাশ কৰিবলৈ ভাষা হেৰুৱাইছে!
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati