" সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যা আছে যদি নিৰ্মুল কৰক ঘৰুৱা উপায়েৰে, এইবোৰ অনুসৰণ কৰক Home remedies for frequent urination

সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যা আছে যদি নিৰ্মুল কৰক ঘৰুৱা উপায়েৰে, এইবোৰ অনুসৰণ কৰক Home remedies for frequent urination

try these home remedies for frequent urination

try these home remedies for frequent urination

যদি আপুনিও সঘনাই প্ৰস্ৰাৱ কৰাৰ বাবে অতিশয় অসুবিধাত আছে, তেন্তে এই ঘৰুৱা উপায়বোৰে আপোনাক সহায় কৰিব পাৰে।  

বহু সময়ত মানুহে এনে সমস্যাৰ সন্মুখীন হয়,যত  সঘনাই প্ৰস্ৰাৱ লগাৰ অনুভৱ কৰে আৰু বাৰে বাৰে শৌচাগাৰলৈ যোৱা দেখা যায়।  এই ক্ষেত্ৰত প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা দেখা যায়।  কেতিয়াবা সংক্ৰমণৰ বাবে এনে হয়।   আৰু কেতিয়াবা জ্বলা-পোৰাৰ লগতে পেটৰ তলৰ অংশত বিষৰ দৰে সমস্যাও অতি সাধাৰণ।  সংক্ৰমণৰ উপৰিও যিসকল লোকে পৰ্যাপ্ত পৰিমাণে পানী নাখায়, তেওঁলোকৰ প্ৰস্ৰাৱত জ্বলা-পোৰাৰ অনুভৱ হ’ব পাৰে।  প্ৰতিজন ব্যক্তিয়ে দৈনিক কমেও  ডাঙৰ গিলাচৰে   ৮ গিলাচ  বা তিনি লিটাৰ পৰ্যন্ত পানী খাব লাগে। কেতিয়াবা অধিক মছলা খালে প্ৰস্ৰাৱত জ্বলা-পোৰা  হোৱা দেখা যায় ।গতিকে  এনে ধৰণৰ সমস্যাবোৰ  কিছুমান ঘৰুৱা উপায়ৰে অতি সহজে  নাইকীয়া কৰিব পৰা যায়।  সেইবোৰ হৈছে 

 প্ৰচুৰ পৰিমাণে পানী খাব লাগে:

প্ৰস্ৰাৱত জ্বলা-পোৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰথমে পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰিব  লাগিব।  নেমু পানী আৰু পদিনা ব্যৱহাৰ কৰিলে  সংক্ৰমণ বৃদ্ধি হোৱা ৰোধ কৰিব পৰা যায।

নহৰু ব্যৱহাৰ কৰক:

প্ৰস্ৰাৱ  জ্বলা-পোৰা হোৱা  আৰু সংক্ৰমণ দূৰ কৰিবলৈ নহৰুৰ সেৱন কৰিব পাৰে।  ইয়াত এন্টিফাংগেল আৰু এন্টিবেক্টেৰিয়েল গুণ আছে, যিয়ে বীজাণুৰ বিৰুদ্ধে যুঁজ কৰাৰ কাম কৰে আৰু লগতে সংক্ৰমণ দূৰ কৰাত নহৰু অতি সহায়ক হিচাপে জনা যায়।

ফলৰ ৰস খাব লাগে:

ঋতু অনুসৰি ফলৰ ৰস খাব লাগে।  ইয়াৰ লগতে অধিক পৰিমাণে সেউজীয়া শাক-পাচলি সেৱন কৰিব লাগে।  ফলমূলৰ ৰস আৰু সেউজীয়া শাক-পাচলিয়ে আপোনাৰ শৰীৰত থকা পুষ্টিকৰ উপাদানৰ অভাৱ পূৰণ কৰাৰ লগতে পানীৰ মাত্ৰা বজাই ৰাখিবলৈ সহায় কৰে। 

নাৰিকলৰ পানী খাব লাগে:

প্ৰস্ৰাৱৰ সৈতে জড়িত কিবা সমস্যা হ’লে নিয়মিতভাৱে নাৰিকলৰ পানী সেৱন কৰিব লাগে।  নাৰিকলৰ পানীত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থৰ প্ৰাকৃতিক উৎস দেখা যায়।   ইয়াৰ লগতে ই শৰীৰক হাইড্ৰেটেড কৰি ৰখাৰো কাম কৰে ।যদি নিয়মিতভাবে নাৰিকলৰ পানী খাই তেনেহ’লে প্ৰস্ৰাৱত জ্বলা-পোৰা হোৱা সমস্যাটো নাইকীয়া হব ।  

পৰামৰ্শকে ধৰি এই সামগ্ৰীয়ে কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে।  ই কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয়।  অধিক জানিবলৈ সদায় বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লওক।  

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

Previous Post Next Post

People Like