মানুহে ছোৱালী বা মহিলাকলৈ বহু ব্যংগাত্মক কথা লিখে।
কিন্তু এজনী ছোৱালী/মহিলাৰ মনবেদনা কোনে বুজে বা উপলব্ধি কৰে।
তেনে এগৰাকী পত্নীৰ কেইটামান সহজ-সৰল প্ৰশ্ন,নিজ পতিক উদ্দেশ্যি-
দেহটো মোৰ কিন্তু হালধীখিনি তোমাৰ নামৰ...
হাতৰ পটা মোৰ কিন্তু মেহেন্দি তোমাৰ নামত...
খোপা মোৰ,ওৰণি তোমাৰ নামৰ...
শিৰ মোৰ,সেন্দুৰ তোমাৰ নামৰ...
কপাল মোৰ,ৰঙা ফোঁটটি তোমাৰ নামৰ...
নাক মোৰ,নাকফুলী তোমাৰ নামৰ...
ডিঙি মোৰ কিন্তু মংগলসুত্ৰ তোমাৰ...
হাতদুখন মোৰ,খাৰুবোৰ তোমাৰ নামৰ...
দুভৰি মোৰ কিন্তু জুনুকা বা পায়েলযোৰ তোমাৰ নামৰ...
আঙুলি মোৰ আঙুঠি তোমাৰ নামত.....
জেষ্ঠজনক সেৱা মই কৰো,
আৰু বৈবাহিক জীৱন দীৰ্ঘায়ু হোৱাৰ আশীৰ্বাদ তোমাৰ নামত...
কৰবাচোথৰ ব্ৰতো তোমাৰ বাবেই...
আনকি...কোষ মোৰ,তেজ মোৰ,গাখীৰ মোৰ আৰু সন্তান ?
সন্তান তোমাৰ নামৰ...
ঘৰৰ দোৱাৰ/গেটত ওলমি থকা নেমপ্লেটখনো তোমাৰ নামত...
সেইটো হয়েই,মোৰ নিজৰ নামৰ আগত/পিছত লিখা গোত্ৰওঁ তোমাৰ নামৰ...
তোমাৰ লগত কি আছে,
মোৰ নামৰ ??
এজনী ছোৱালী শহুৰেকৰ ঘৰলৈ গ'ল,
কালিৰ ছোৱালীজনী আজিৰ বোৱাৰী হৈ গ'ল..
কালিলৈ মজ-মস্তি কৰা ছোৱালীজনী
আজি শহুৰৰ ঘৰৰ সেৱা কৰিবলৈ শিকি গ'ল..
কালিলৈ T-Shirt আৰু Jeans পিন্ধা ছোৱালীজনী
আজি মেখেলা-চাদৰ পিন্ধিব শিকি গ'ল..
সদায়ে ফূৰ্তিত টকা খৰছ কৰা ছোৱালী
আজি শাক-চবজীৰ বজাৰ কৰিবলৈ শিকিলে..
কালিলৈ Full Speed Scooty চলোৱা ছোৱালীজনী
আজি বাইকৰ পিছত বহিবলৈ শিকি গ'ল..
কালিলৈ তিনিটা সময় খানা খোৱা ছোৱালীজনী
আজি তিনিটা সময়ত খানা বনাবলৈ শিকি গ'ল..
সদায়ে জেদ ধৰা ছোৱালীজনী
আজি গিৰীয়েকক সুধিবলৈ শিকিলে...
কালিলৈকে মাকৰ হতুৱাই কাম কৰোৱা ছোৱালীজনী
আজি শাহুৱেকৰ কাম কৰিবলৈ শিকি গ'ল...
কালিলৈ ভাই-ভনীৰ লগত কাজিয়া কৰা ছোৱালীজনীয়ে
আজি ননদক আদৰ কৰিবলে শিকিলে...
কালিলৈ নিজ বৌয়েকৰ লগত ধেমালি কৰা ছোৱালীজনীয়ে
আজি নিজেই বৌয়েক হৈ দেৱৰ-ননদৰ সূখ-দূখৰ সমভাগী হ'ৱলৈ শিকি গ'ল...
দেউতাকৰ চকুৰপানী,
শহুৰেকৰ গিলাচৰ পানী হৈ গ'ল...
তথাপিওঁ মানুহে কয়,
ছোৱালী শহুৰেকৰ ঘৰত যাব শিকিলেই...
এইবিলাক বলিদান কেৱল ছোৱালীহে কৰিব পাৰে।
এইকাৰনে সদায় ছোৱালীক প্ৰেম-প্ৰণয়ৰ কোলা ভৰাই ৰাখিব লাগে।
কথা ওলালেই যেতিয়া দূৰলৈকে যাব লাগে....
শ্বেয়াৰ কৰক আৰু ছোৱালীক সন্মান জনাওঁক।....
মোৰ নম্বৰ : ৭০০২২৩৪৭৩১