এইখন পৃথিৱীৰ আটাইতকৈ ধনী গাঁও, প্ৰতিজন মানুহৰ দৰমহা ৮০ লাখ টকা

richest village in world china huaxi

richest village in world china huaxi : World records

সাধাৰণতে মানুহক গাঁওখনৰ বৰ্ণনা দিবলৈ কোৱা হয়, তেন্তে তেওঁলোকৰ মনত কেঁচা ঘৰ, জুপুৰি, কেঁচা ৰাস্তাৰ কথা মনলে আহে। খেতিয়কে গাঁৱত অৰ্থাৎ পথাৰত হাল বাই খেতি কৰে। কিন্তু আজি আমি আপোনালোকক এনে এখন গাঁৱৰ কথা ক’বলৈ ওলাইছো যি খন গাঁওৱে ভাৰতৰ মেট্ৰ’ চহৰবোৰকো পিছ পেলাই থৈ গৈছে৷ এই গাঁৱৰ সন্মুখত ডাঙৰ চহৰখনো ম্লান হ’বলৈ আৰম্ভ কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই গাঁৱত বসবাস কৰা মানুহখিনিৰ দৰমহা। এই গাঁৱত বসবাস কৰা প্ৰায় প্ৰতিজন ব্যক্তিৰ বাৰ্ষিক আয় আশী লাখ টকাৰো অধিক। আপুনি হয়তো ভাবিব যে আমি ধেমালি কৰিছো, কিন্তু এইয়াই সত্য ।

আমি কোৱা গাঁওখনক পৃথিৱীৰ আটাইতকৈ ধনী গাঁও বুলি কোৱা হয়। এইখন এখন কৃষিভিত্তিক গাঁও, অৰ্থাৎ ইয়াৰ মানুহবোৰ মূলতঃ কৃষিৰ লগত জড়িত। ইয়াৰ পিছতো তেওলোকৰ ঘৰ, তেওঁৰ জীৱনশৈলী, ডাঙৰ চহৰত বসবাস কৰা মানুহবোৰতকৈও অতি উত্তম। আমি চীনৰ জিয়াংয়িন চহৰৰ ওচৰত অৱস্থিত হুয়াঝি গাঁৱৰ কথা কৈছো। এই গাঁৱত বাস কৰা প্ৰতিজন লোকেই চহৰত বাস কৰাসকলৰ দৰেই ধনী।

সাধাৰণ কৃষকৰ দৰেই কাম

হুয়াঝি গাঁও এখন কৃষিভিত্তিক গাঁও। অৰ্থাৎ ইয়াত বসবাস কৰা লোকসকলে কৃষি কাম কৰি জীৱন অতিবাহিত কৰে। কিন্তু গাওঁখনৰ কৃষকসকলে এনে এটা ধাৰণা গ্ৰহণ কৰিলে, যাৰ বাবে আজি এই গাঁওখন পৃথিৱীৰ আটাইতকৈ ধনী গাঁৱৰ ভিতৰত গণ্য কৰা হ’ল। এই গাঁৱত বাস কৰা প্ৰতিজন ব্যক্তিয়ে এটা বিলাসী ঘৰৰ ভিতৰত আৰামৰ জীৱন অতিবাহিত কৰে । তেওঁলোকৰ আছে দামী গাড়ী । গাঁওখনত আছে পকা আৰু উন্নত মানৰ ৰাস্তা আৰু উপযুক্ত নলা-নৰ্দমা ব্যৱস্থা।

এটা কামে গঢ়ি তুলিলে ধনী 

যেতিয়া এই গাঁওখন প্ৰতিষ্ঠা হৈছিল তেতিয়া পৰিস্থিতি আজিৰ দৰে নাছিল। এই গাঁওখনত ১৯৬১ চনত বসতি স্থাপন কৰা হৈছিল। তেতিয়া এই গাঁওখন অতি দুখীয়া আছিল আৰু ইয়াত কৃষিৰ অৱস্থা অতি বেয়া আছিল। কিন্তু ইয়াৰ পিছত গাঁওখনত কমিউনিষ্ট পাৰ্টি সংগঠন গঠন হয়। ইয়াৰ সভাপতি ৱু ৰেনৱাওৱে গাঁওখনৰ মুখ সলনি কৰিলে। ইয়াত প্ৰতিজন কৃষকে নিজৰ মাটি খেতি কৰাৰ পৰিৱৰ্তে দলবদ্ধভাৱে খেতি কৰিবলৈ আৰম্ভ কৰিলে। সামূহিক খেতিৰ বাবে জনসাধাৰণৰ ভৱিষ্যৎ এনেদৰে সলনি হৈছে যে আজি সকলো কোটিপতি।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.