railway TT accused of urinating near passenger birth directed to installing a water cooler in thane station
এগৰাকী মহিলা যাত্ৰীৰ সন্মুখত ৰেলৰ ডবাত প্ৰস্ৰাৱ কৰে এজন টিটি য়ে। সেই ছবি ভাইৰেল হৈ পৰিল। দাখিল কৰা হৈছিল এফ আই আৰ। বোম্বাই উচ্চ ন্যায়ালয়ত উত্থাপন হৈছে এই গোচৰ।
দীৰ্ঘ দূৰত্বৰ ৰেল চলি আছে। তাৰ পিছত মাজনিশা পানী পৰা শব্দ শুনি মহিলা যাত্ৰীগৰাকীয়ে কোঠাটোৰ দুৱাৰৰ ফালে চাওঁতে । তেওঁ দেখিলে যে ৰেলৰ টিকট পৰীক্ষকজনে ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰি আছে। তেতিয়ালৈকে আন যাত্ৰীসকলো উঠি গৈছিল। টিটিইৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল। বোম্বাই উচ্চ ন্যায়ালয়ে মঙলবাৰে এই গোচৰৰ অভিযুক্তক এক “অদ্ভুত” শাস্তি প্ৰদান কৰে।
বোম্বাই উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে টিটি ক অন্তৱৰ্তীকালীন জামিন। অৱশ্যে ন্যায়াধীশ ভাৰতী ডাংৰে তেওঁক ২৫ হাজাৰ টকা জৰিমনা বিহা হয়। নিৰ্দেশ দি সেই ধনেৰে থানে ৰে’লৱে ষ্টেচনত ‘ৱাটাৰ কুলাৰ’ যন্ত্ৰ স্থাপন কৰিব টিটিইয়ে।
বোম্বাই উচ্চ ন্যায়ালয়ৰ মতে, এজন অভিযুক্তই ৰে’ল শ্ৰমিক হিচাপে ৰে’লত কাম কৰাটো এক ক্ষমা কৰিব নোৱাৰা অপৰাধ। কিন্তু ইয়াৰ বাবে তেওঁ জেল যাব নালাগে। কিন্তু অপৰাধৰ শাস্তি দিব লাগিব। ইয়াৰ পিছত অহা চাৰি সপ্তাহৰ ভিতৰত টিটিইয়ে ২৫ হাজাৰ টকা দিব লাগিব বুলিও ন্যায়াধীশ ডাংৰে কয়৷ আৰু সেই টকাৰে তিনিমাহৰ ভিতৰত থানে ষ্টেচনত এটা খোৱাপানী শীতল কৰা মেচিন স্থাপন কৰিব লাগিব।
প্ৰসংগক্ৰমে ঘটনা সংঘটিত হোৱাৰ সময়ত যাত্ৰীসকলে টিটিইৰ এটা ভিডিঅ’ কৰিছিল। ৰে’লৱে আৰক্ষীয়ে তেওঁলোকৰ অভিযোগৰ ভিত্তিত এফ আই আৰ দাখিল কৰে।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati