" ভাৰতে কম দামত ক্ৰয় কৰি আনিব ৰাছিয়াৰ পৰা তেল, কমিব তেলৰ দাম India will buy cheap oil import from Russia

ভাৰতে কম দামত ক্ৰয় কৰি আনিব ৰাছিয়াৰ পৰা তেল, কমিব তেলৰ দাম India will buy cheap oil import from Russia

india asks its oil companies to increase cheap oil import from russia

India asks its oil companies to increase cheap oil import from russia

ভাৰতে দেশীয় তেল কোম্পানীসমূহক ৰাছিয়াৰ পৰা অধিক পৰিমাণে  খাৰুৱা তেল ক্ৰয় কৰিবলৈ উপদেশ দিয়ে আৰু কোম্পানী সমূহক   ৰাছিয়াই তেলৰ ওপৰত দিয়া বৃহৎ ৰেহাইৰ সুবিধা ল’বলৈ কোৱা  হয়।  কেৱল যোৱা কেইমাহমানৰ ভিতৰতে  ভাৰতে ৰাছিয়াৰ পৰা  তেল ক্ৰয় কৰাৰ পৰিমাণ প্ৰায় ২৫ গুণ বৃদ্ধি কৰিছে।  ইয়াৰ ফলত ৰাছিয়াৰ ৰাজহৰো লাভৱান হৈছে।

এইফালে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰা আক্ৰমণৰ বাবে পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা কটকটীয়া কৰাৰ বিপৰীতে ভাৰতৰ সৈতে ৰাছিয়াৰ বাণিজ্যিক সম্পৰ্ক দিনক-দিনে  বৃদ্ধি পোৱা দেখা গৈছে।  ভাৰতীয় তেল উদ্যোগৰ বিষয়াসকলৰ মতে, ভাৰত চৰকাৰে দেশৰ তেল কোম্পানীসমূহক ৰাছিয়াৰ সস্তীয়া তেল  বৃহৎ পৰিমাণৰ  ক্ৰয় কৰিবলৈ  উপদেশ দিয়ে ।

ৱাল ষ্ট্ৰীট জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি  ভাৰতীয় তেল উদ্যোগৰ বিষয়াসকলে কয় যে যোৱা কেইটামান সপ্তাহত চৰকাৰী বিষয়াসকলে তেওঁলোকক ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিবলৈ আৰু ৰাছিয়াই তেলৰ ওপৰত দিয়া ৰেহাইৰ সুবিধা উপভোগ কৰিবলৈ উৎসাহিত কৰিছে। 

এজন বিষয়াৰ মতে, চৰকাৰী ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনে(indian oil corporation) ৰাছিয়াৰ শক্তিৰ দৈত্য ৰ’ছনেফ্ট অইল (rosneft oil of russia) ৰ সৈতে যোগান বৃদ্ধিৰ বাবে কেইবাটাও চুক্তিত আলোচনা কৰে।

অৱশ্যে ভাৰত চৰকাৰৰ এজন বিষয়াই কৈছে যে চৰকাৰে কোম্পানী সমূহক ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয় কৰিবলৈ কোনো ধৰণৰ নিৰ্দেশ দিয়া নাই।  কিন্তু ,তেওঁ লগতে কয় যে ৰাছিয়াৰ খাৰুৱা তেল কোনো ধৰণৰ নিষেধাজ্ঞাৰ অধীনত নাই আৰু সেয়েহে বহু দেশে ইয়াক ক্ৰয় কৰি আছে।

পশ্চিমীয়া দেশসমূহ হৈছে  ৰাছিয়াৰ তেল আৰু গেছৰ সৰ্বাধিক ক্ৰেতা।  ইউৰোপৰ প্ৰায় সকলোবোৰ দেশেই ৰাছিয়াৰ তেল আৰু গেছৰ ওপৰত নিৰ্ভৰশীল আছিল যদিও ইউক্ৰেইন  ওপৰত কৰা আক্ৰমণৰ বাবে এই   দেশসমূহে ইউক্ৰেইনৰ প্ৰতি সঁহাৰি জনাই ৰাছিয়াৰ তেল আৰু গেছ ক্ৰয় কৰাটো পৰ্যায়ক্ৰমে কম কৰা দেখা গৈছে।  ইয়াৰ ফলত ৰাছিয়াৰ তেল আৰু গেছৰ যথেষ্ট ক্ষতি হৈছে।সেয়েহে ভাৰতে ৰাছিয়াৰ তেল ক্ৰয়  কৰাৰ পৰিমাণ বৃদ্ধি কৰিছে।  যদি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ পৰিমাণ  বৃদ্ধি কৰি থাকে তেন্তে পশ্চিমীয়া দেশসমূহে কৰা  নিষেধাজ্ঞাৰ ফলত ৰাছিয়াৰ তেল আৰু গেছৰ ক্ষতিৰ প্ৰভাৱ কম হ’ব।  ভাৰতৰ লগতে চীন আৰু তুৰস্ক ৰাছিয়াৰ তেলৰ প্ৰধান ক্ৰেতা হিচাপে আত্মপ্ৰকাশ কৰিছে যিয়ে ৰাছিয়াক বহুখিনি লাভৱান কৰি তুলিছে।  কিন্তু যুদ্ধৰ পিছত ৰাছিয়াৰ  ৰপ্তানিৰ শক্তি হ্ৰাস  পোৱা দেখা গৈছে।

তথ্য অনুসৰি যুদ্ধৰ আৰম্ভণিৰে পৰা ভাৰতে ৰাছিয়াৰ পৰা  তেল ক্ৰয় কৰাৰ পৰিমাণ  ২৫ গুণতকৈও অধিক বৃদ্ধি কৰিছে।  ফেব্ৰুৱাৰী মাহত  যত ভাৰতে দিনটোত ৩০ হাজাৰ বেৰেল খাৰুৱা তেল ক্ৰয় কৰাৰ বিপৰীতে জুন মাহত গড়ে প্ৰতিদিনে ১০ লাখ বেৰেললৈ বৃদ্ধি পাইছে।

ভাৰতে নিজৰ ব্যৱসায়িক স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে:

ৰাছিয়াই ইউক্ৰেইন ওপৰত আক্ৰমণ কৰাৰ পিছতে ৰাছিয়াৰ খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে।  ৰাছিয়াৰ খাৰুৱা তেলক উৰালছ নামেৰেও জনা যায়।যুদ্ধৰ পূৰ্বে তেলৰ চাহিদা অধিক আছিল যদিও যুদ্ধৰ পিছৰে পৰা ই ব্ৰেণ্টৰ মানদণ্ড ৩৭ $ ৰ তললৈ নামি আহিছে। বিশ্লেষকসকলে কয় যে ইয়াৰ মূল্য এতিয়া  লাহে লাহে উন্নত হৈ আছে।

 ৰাছিয়াৰ তেল ৰেহাই মূল্যত ক্ৰয় কৰি ভাৰতে বহুখিনি লাভৱান হৈছে।  তেলৰ দামত প্ৰভাৱিত হোৱা দেশসমূহৰ ভিতৰত ভাৰতো বিশ্বৰ অন্যতম যদিও ৰাছিয়াৰ তেল ক্ৰয় কৰি সকাহ পাইছে।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ভাৰতে নিৰপেক্ষতাৰ নীতি গ্ৰহণ কৰিছে।  আনকি ইৰাণ-আমেৰিকাৰ উত্তেজনাৰ সময়তো ভাৰতে ইৰাণৰ পৰা তেল ক্ৰয় কৰি আছিল।  ৰাছিয়াৰ তেলৰ ওপৰত  কৰা কঠোৰ পশ্চিমীয়া নিষেধাজ্ঞাৰ পাছতো ভাৰতীয় কোম্পানীসমূহে ৰাছিয়াৰ তেল ক্ৰয়ৰ পৰিমাণ বৃদ্ধি কৰি ইয়াৰ পৰা হাত সাৰিবলৈ নতুন উপায় বিচাৰিছে।

 আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

Previous Post Next Post

People Like