ৰিজাৰ্ভ বেংকে কিমান খৰচ কৰে এটা নোট প্ৰিন্ট কৰিবলৈ ? জানক এই তথ্য RBI

 how much money rbi have to spend to print denominations of 200 500 and 2000

how-much-money-rbi-have-to-spend-to-print-denominations-of-200-500-and-2000-dgtl-photogallery


দৈনন্দিন ব্যৱহাৰিক বস্তুৰ দামৰ বিষয়ে আমি সচেতন। এটা বস্তুৰ দাম কিমান বাঢ়িছে সেই বিষয়েও আমি সচেতন। কিন্তু চৰকাৰে এই টকা বনাবলৈ কিমান খৰচ হয় জানেনে?

তথ্যৰ অধিকাৰ (আৰ টি আই) সম্পৰ্কীয় এটা গোচৰত ৰিজাৰ্ভ বেংকক এই বিষয়ে সোধা হৈছিল। সংশ্লিষ্ট এটা প্ৰশ্নৰ উত্তৰত ৰিজাৰ্ভ বেংকে এই তথ্য প্ৰদান কৰিছে।

পণ্যৰ মূল্যবৃদ্ধিয়ে কেৱল জনসাধাৰণক প্ৰভাৱিত কৰাই নহয়, ধন উপাৰ্জনৰ ক্ষেত্ৰতো প্ৰভাৱ পেলায়। পণ্যৰ দাম বৃদ্ধি হোৱাৰ লগে লগে ধন ঘটাৰ বাবে কেঁচামালৰ দামও বৃদ্ধি পায়। যাৰ বাবে ৰিজাৰ্ভ বেংকে ধন ছপা কৰিবলৈ বহুত টকা খৰচ কৰিবলগীয়া হয়।

বিজনেছলাইনে প্ৰকাশ কৰা আৰ টি আইৰ প্ৰতিবেদন অনুসৰি ৫০০ টকীয়া নোট প্ৰিন্ট কৰাতকৈ ২০০ টকাৰ নোট প্ৰিন্ট কৰিবলৈ অধিক খৰচ হয়। আৰ টি আইৰ উত্তৰত ৰিজাৰ্ভ বেংকে এই কথা প্ৰকাশ কৰিছে।

how-much-money-rbi-have-to-spend-to-print-denominations-of-200-500-and-2000-dgtl-photogallery


আৰ বি আইৰ মতে, ২০২১-২২ বিত্তীয় বৰ্ষত ১০ টকাৰ নোটতকৈ ২০ টাকা নোট প্ৰিন্ট কৰিবলৈ অধিক খৰচ হৈছিল।

সেই বিত্তীয় বৰ্ষত ১০ টকাৰ এহেজাৰ নোট ছপা কৰাৰ খৰচ আছিল ৯৬০ টকা।

২০ টকাৰ এহেজাৰ নোট প্ৰিন্ট কৰিবলৈ ৯৫০ টকা খৰচ হয়।

৫০০ টকীয়া নোট এখন প্ৰিন্ট কৰিবলৈ খৰচ হয় ২২৯০ টকা। তাত ২০০ টকাৰ নোট এখন প্ৰিন্ট কৰিবলৈ খৰচ হয় ২৩৬০ টকা।

১০০ টকাৰ এহেজাৰ নোট ছপা কৰাৰ বাবে আৰ বি আইয়ে ব্যয় কৰিছে ১১৬০ টকা।

২০১৮-১৯ বিত্তীয় বৰ্ষত ২০০০ টকাৰ এহেজাৰ নোট ছপা কৰিবলৈ ৩৫৩০ টকা খৰচ হৈছিল।

১০০০ টকাৰ ছপা বন্ধ হোৱাৰ বাবে।

এবছৰত নোট ছপা কৰাৰ ব্যয় বৃদ্ধি পোৱাৰ বাবেই আটাইতকৈ বেছি প্ৰভাৱ পৰিছে ৫০ টকা ছপা মূল্যত।

২০২০-'২১ বিত্তীয় বৰ্ষত এক হাজাৰ ৫০ টকাৰ নোট ছপা কৰাৰ বাবে ব্যয় হৈছিল ৯২০ টাকা। ২০২১-২২ বিত্তীয় বৰ্ষত আৰ বি আইৰ ৫০ টকাৰ এহেজাৰ  নোট ছপা কৰাৰ ব্যয় ২৩ শতাংশ বৃদ্ধি পাই ১১৩০ টকা হৈছে।

২০ টকাৰ নোট ছপা কৰাত দামৰ সৰ্বনিম্ন প্ৰভাৱ পৰিছে। ২০২০-২০২১ বিত্তীয় বৰ্ষত এক হাজাৰ ২০ টাকা নোট ছপা কৰাৰ বাবে ব্যয় হৈছিল ৯৪০ টকা। চলিত বিত্তীয় বৰ্ষত এক হাজাৰ ২০ টকাৰ নোট ছপা কৰিবলৈ ৯৫০ টকা খৰচ হৈছে।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.