how check confirmation probability waiting ticket irctc see process you can easily get information
যদি আপুনিও ভাৰতীয় ৰেলৱেৰে যাতায়ত কৰে তেন্তে এই খবৰটো আপোনালোকৰ বাবে অতি উপযোগী হবলৈ গৈ আছে। যদি আপোনাৰ টিকট Waiting ত আছে তেন্তে আপুনি সহজেই জানিব পাৰিব যে আপোনাৰ waiting টিকট নিশ্চিত হোৱাৰ সম্ভাৱনা কিমান, IRCTC ৱেবছাইটৰ পৰা। প্ৰক্ৰিয়াটো জানি লওঁ আহক।
ভাৰতীয় ৰেলৱেই হৈছে ভাৰতৰ মেৰুদণ্ড। লাখ লাখ লোকে প্ৰতিদিনে ৰে’লেৰে যাত্ৰা কৰে, যাৰ বাবে হাজাৰ হাজাৰ ৰে’ল থকাৰ পিছতো প্ৰায়ে নিশ্চিত টিকট পোৱাটো কঠিন হৈ পৰে। যাত্ৰীসকলৰ সুবিধাৰ্থে ৰে’লৱেই বহুতো অনলাইন সুবিধা প্ৰদান কৰে। ভাৰতীয় ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেশ্যনৰ ৱেবছাইট আৰু এপৰ পৰা মানুহে টিকট বুকিঙৰ পৰা ৰে’লৰ আপডেটৰ সুবিধা লাভ কৰে।
ৰে’লৱেৰ অধিকাংশ সা-সুবিধা অনলাইনত থকাৰ বাবে যাত্ৰীৰ লগতে কৰ্মচাৰীসকলো উপকৃত হৈছে। এতিয়া IRCTC য়ে ইয়াৰ ব্যৱহাৰকাৰী সকলৰ বাবে এমাহত অনলাইন টিকট বুকিং কৰাৰ সীমা দুগুণ বৃদ্ধি কৰিছে। এতিয়া আধাৰক IRCTC ID ৰ সৈতে লিংক কৰি প্ৰতিমাহে ২৪ খন টিকট বুকিং কৰিব পাৰিব। ৰে’লৱেৰ ৱেবচাইটত গৈ ৰে’লখনৰ অৱস্থাও চাব পাৰিব
অপেক্ষাৰ টিকট নিশ্চিত হ’ব নে নহয় জানি লওক
ৰেলৰ টিকট বুকিং কৰাৰ অৰ্থ এইটো নহয় যে আপোনাৰ টিকট নিশ্চিত হৈছে এনে অৱস্থাত আপুনি সহজেই জানিব পাৰিব যে আপোনাৰ টিকট নিশ্চিত হোৱাৰ সম্ভাৱনা কিমান? টিকট নিশ্চিতকৰণৰ বাবে অপেক্ষা কৰাৰ সম্ভাৱনাৰ বিষয়ে জানিব লৈ PNR নম্বৰটোৱেই যথেষ্ট ,গোটেই প্ৰক্ৰিয়াটো নাজানে যদি শিকি লওক।
প্ৰক্ৰিয়াটো শিকো আহঁক
১. ইয়াৰ বাবে আপুনি প্ৰথমে IRCTC ৱেবছাইটলৈ যাব।
২. এতিয়া আপোনাৰ আইডি আৰু পাছৱৰ্ড লৈ লগ ইন কৰক।
৩. এতিয়া আপোনাৰ সন্মুখত এটা পেজ খোল খাব, তাত PNR নম্বৰ দি Get Status ত ক্লিক কৰক।
৪. এতিয়া আপুনি তললৈ স্ক্ৰল কৰি তললৈ আহক।
৫. এতিয়া নিশ্চিতকৰণৰ সুযোগ পাবলৈ Click Here to Get Confirmation Chance ইয়াত ক্লিক কৰক।
৬.আপোনাৰ সন্মুখত এটা নতুন পপ-আপ উইণ্ড’ খোল খাব। ইয়াৰ দ্বাৰা আপোনাৰ টিকট নিশ্চিত হোৱাৰ সম্ভাৱনাৰ বিষয়ে জানিব পৰা যাব।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati