do you know what is solo-gamy and why more and more women are marrying themselves by choosing solo gamy
আপুনি হয়টো নিশ্চয় Monogamy বা Polygamy শুনিছে, কিন্তু কেতিয়াবা Sologamy নামটো শুনিছেনে? শেহতীয়া দিনবোৰত একক বিবাহৰ উল্লেখ সকলোতে স্পষ্টকৈ দেখা পোৱা গৈ আছে। এককবিবাহৰ বাবেও ক্ষমা বিন্দু নামৰ এগৰাকী মহিলাই এক আলোৰনৰ সৃষ্টি কৰিছে। কিন্তু, এককবিবাহ কি আৰু ইয়াৰ বিষয়ে সকলোতে কিয় আলোচনা কৰা হৈছে? আমি জানো আহক যে কিয় বেছিভাগ মহিলাই এককবিবাহ গ্ৰহণ কৰিছে।
একক বিবাহ কি
মূলতঃ একক বিবাহ মানে এজন ব্যক্তিক নিজাববীয়াকৈ বিয়া কৰাই দিয়া। একক বিবাহক আত্মবিবাহ বুলিও কোৱা হয়। একক বিবাহ গ্ৰহণ কৰাসকলে কয় যে ই নিজৰ মূল্য বুজি পোৱা আৰু নিজকে ভালপোৱাৰ দিশত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াক ইংৰাজীত Self Marriage বুলিও ক’ব পাৰি।
বিশ্বজুৰি ই প্ৰায়বোৰ মহিলাৰ মাজত প্ৰচলিত, অৰ্থাৎ ইয়াক গ্ৰহণ কৰাৰ দিশত নাৰীসকল অধিক আকৰ্ষিত যেন লাগে। গুজৰাটৰ বাসিন্দা ক্ষমা বিন্দুৰ বয়স ২৪ বছৰ আৰু আগন্তুক ১১ জুনত নিজৰ বিবাহপাশত আবদ্ধ হ’ব, য’ত তেওঁ নিজৰ শিৰত সেন্দুৰো লব আৰু অগ্নীৰ চাৰিওকাষে ঘূৰিবও ।ক্ষমাই কয় যে তাই কেতিয়াও ল’ৰাৰ লগত বিবাহ পাশত আৱদ্ধ হব বিচৰা নাছিল কিন্তু তাই কইনা হ’ব বিচাৰিছিল । ক্ষমাৰ বাবে একক বিবাহ হৈছে এক প্ৰকাৰৰ আত্মগ্ৰহণ, অৰ্থাৎ নিজকে গ্ৰহণ কৰাৰ এক উপায়, যাৰ বাবে তাই এই পদক্ষেপ ল’বলৈ ওলাইছে।
কিয় মহিলাসকলে একক বিবাহ গ্ৰহণ কৰিছে
এতিয়া প্ৰশ্ন উত্থাপন হয় যে কিয় বেছিভাগ মহিলাই একক বিবাহৰ দিশে আগবাঢ়িছে বা কিয় নিজেই নিজক বিয়া কৰাইছে। আচলতে এই পদক্ষেপ লোৱাৰ বহু কাৰণ থাকিব পাৰে।
- বহু মহিলাই একক বিবাহ গ্ৰহণ কৰে কাৰণ তেওঁলোকে বিশ্বাস কৰে যে তেওঁলোকে নিজৰ লগত যিমান সুখ অনুভৱ কৰে, সেইখিনি তেওঁলোকে কেতিয়াও কোনো সংগীৰ সৈতে কৰিব নোৱাৰিব।
- কাৰোবাৰ বাবে একক বিবাহৰ অৰ্থ হ’ল তেওঁলোকে জীৱনৰ সৈতে আৰু নিজৰ লগত জড়িত অনুভৱ কৰা, যিটো কোনো ব্যক্তিৰ সৈতে নহয়।
- ল’ৰাক বিয়া কৰাবলৈ ইচ্ছা নকৰা ছোৱালীয়েও একক বিবাহো গ্ৰহণ কৰিছে।
- উপযুক্ত ল’ৰাৰ সন্ধানত কোনো ফল নেপালেওঁ বহু মহিলাই নিজে বিয়া কৰি সকাহৰ হুমুনিয়াহ কাঢ়িব পাৰে।
- বছৰ বছৰ ধৰি চলি অহা বিশ্বাসবোৰত আবদ্ধ হৈ থকাৰ পৰিৱৰ্তে নাৰীয়ে যে আগবাঢ়িছে তাত কোনো সন্দেহ নাই, এককবিবাহ তেওঁলোকৰ বাবে এক উপায় হ’ব পাৰে যিসকলে বিবাহ কৰাইহে কেৱল নিষ্পত্তি পাব পৰা যায় কথাৰ পৰা আতৰি থাকিব বিছাৰে ।