ৰাষ্ট্ৰীয় ঘাইপথত দেখিবলৈ পোৱা গৈছে এনে বৃহৎ গাত। আপোনাৰ বাৰু বিশ্বাস হৈছেনে? National Highway

 can you believe this is the national highway?

can-you-believe-this-is-the-national-highway


শূন্য নে আঠ! এনে এটা প্ৰশ্ন ছবিখন চোৱাৰ পিছত মনলৈ আহে। নাই, ই কোনো প্ৰহেলিকা নহয়। এইখন এখন ৰাস্তাৰ ছবি। এনে লাগিব পাৰে যেন এই ছবিখন এখন গ্ৰাম্য অঞ্চলৰ। নাই, এই চিন্তাক আঁতৰাই ৰখাই ভাল।

ৰাস্তাৰ দুৰৱস্থাৰ ছবিখন গাঁৱৰ বা চহৰৰ কোনো আলি নহয়। শুনি আচৰিত হ’ব, এয়া ৰাষ্ট্ৰীয় ঘাইপথ। কথাটো জানি নিজৰ চকু দুটাক বিশ্বাস কৰিব পৰা নাযায়!

 অনুমান কৰক্চোন ঠাইখন ক’ত হব পাৰে? এই দৃশ্য বংগৰ নহয়। এইখন বিহাৰৰ এখন ছবি। ৰাষ্ট্ৰীয় পথ নং ২২৮। বিহাৰৰ মধুবনী জিলালৈ গ’লে এই দৃশ্যই চকু কপালত তুলিব। ড্ৰ’নৰ সহায়ত তোলা হৈছে ছবিখন। ফটো ‘দৈনিক ভাস্কৰ’ৰ সাংবাদিক প্ৰবীণ ঠাকুৰৰ।

প্ৰতিবেদন অনুসৰি ২০১৫ চনৰ পৰা ২২৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা একেই আছে। তিনিবাৰকৈ নিবিদা আহ্বান কৰা হৈছে। কিন্তু প্ৰতিবাৰেই ঠিকাদাৰ সকলে কামটো আধৰুৱা কৰি থৈ  তেওঁলোক নোহোৱা হৈ গৈছিল। আনকি বিহাৰৰ অৱস্থাক পথটোৰ লগত তুলনা কৰিছে একাংশই। ভোটাৰ প্ৰশান্ত কিশোৰে পুনৰ পথটোৰ সন্দৰ্ভত টুইট কৰি কয়, ‘ৰাষ্ট্ৰীয় ঘাইপথৰ এই ছবিখনে নব্বৈৰ দশকৰ বিহাৰৰ জংগল ৰাজৰ স্মৃতি উদঙাই দিছিল। শেহতীয়াকৈ নীতিশ কুমাৰে ৰাজহুৱা নিৰ্মাণ বিভাগৰ কৰ্মচাৰীসকলক জনাইছিল যে বিহাৰৰ ৰাস্তা-ঘাট মহান। ৰাজ্যৰ জনসাধাৰণে এই কথা মানি লোৱা উচিত।

দুসপ্তাহমান পূৰ্বে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে বিহাৰৰ পথৰ বিষয়টো উত্থাপন কৰিছিল। তেওঁ দাবী কৰে যে ২০২৪ চনলৈ বিহাৰৰ ৰাস্তা-ঘাটসমূহ আমেৰিকাৰ পথৰ দৰে কৰা হ’ব৷ তেতিয়াৰ পৰা বিহাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই ছবিখনে বহু প্ৰশ্নৰ উত্থাপন কৰিছে।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.