এইবাৰ এক নতুন ৰুপত ভাৰতলৈ ঘূৰি আহিব এম্বেছাদৰ গাড়ী ambassador might make a re entry into the Indian market as an electric vehicle

ambassador might make a re entry into the indian market as an electric vehicle

ambassador might make a re entry into the Indian market as an electric vehicle : Buy this car

পুনৰ ঘূৰি আহিবলৈ ওলাইছে ভাৰতৰ বিখ্যাত এম্বেছাদৰ গাড়ীখন । পশ্চিমবংগৰ উত্তৰপাৰাত হিন্দুস্তান মটৰ্ছে নিৰ্মাণ কৰা এই গাড়ীখনে এসময়ত ভাৰতৰ বজাৰত আধিপত্য বিস্তাৰ কৰিছিল।

২০১৪ চনত এই গাড়ীখনৰ উৎপাদন বন্ধ কৰা হৈছিল। জানিব পৰা মতে এইখন গাড়ীৰ উৎপাদন পুনৰ আৰম্ভ হ’বলৈ গৈ আছে৷ যদিও এইবাৰ গাড়ীখন ইলেক্ট্ৰিক গাড়ী হিচাপে বজাৰলৈ অহাৰ সম্ভাৱনা আছে। জানিব পৰা মতে হিন্দুস্তান মটৰ্ছে ইউৰোপৰ গাড়ী নিৰ্মাতা কোম্পানী এটাৰ সৈতে সম্পৰ্ক স্থাপন কৰি পুনৰ উৎপাদন আৰম্ভ কৰিবলৈ ওলাইছে।

আগন্তুক তিনিমাহত দুয়োটা কোম্পানীৰ মাজত এই অংশীদাৰিত্ব সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। প্ৰথম অৱস্থাত দুখন ইলেক্ট্ৰিক মটৰ চাইকেল নিৰ্মাণ কৰা হ’ব আৰু এই অংশীদাৰিত্ব ৫১:৪৯ অনুপাতত হ’ব। অৱশ্যে হিন্দুস্তান মটৰ্ছৰ চেন্নাই প্লাণ্টত নিৰ্মাণ কৰা হ’ব এই নতুন মডেলটো। এইচ এম এফ চি আই(HMFCI)ৰ মালিকানাধীন এই কাৰখানাটো চি কে(CK) বিৰলা গ্ৰুপ, এইচ এম এফ চি আই(HMFCI)ৰ অংশ।

চেন্নাইৰ এই ফেক্টৰীটোত মিটছুবিচি গাড়ীখন আৰু পশ্চিমবংগৰ উত্তৰপাৰা ফেক্টৰীত এম্বেছাদৰ নিৰ্মাণ কৰা হৈছিল। ২০১৪ চনত শেষৰ খন এম্বেছাদৰ সৃষ্টি হোৱাৰ পিছত এই ব্ৰেণ্ডটো বিক্ৰী হৈ গৈছিল।

১৯৭০ চনত ভাৰতৰ গাড়ী বজাৰৰ ৭৫% ভাগ হিন্দুস্তান মটৰছ আছিল। মাৰুতি ৮০০ৰ দৰে কম দামী গাড়ী বজাৰত প্ৰৱেশ কৰাৰ লগে লগে এম্বেছাদৰ গাড়ীৰ বজাৰ অংশীদাৰিত্ব কমি যায়।

নিত্য পৰিৱৰ্তিত প্ৰযুক্তিৰ লগত খোজ মিলাব নোৱাৰাই হৈছে এম্বেছাদৰৰ জনপ্ৰিয়তা হেৰুওৱাৰ অন্য এক কাৰণ  । ২০১৬ চনত গ্ৰুপ পি এছ এ (Grupe PSA)য়ে একে সময়তে পেউগট এ(Peugot A) আৰু এম্বেছাদৰ ব্ৰেণ্ড ক্ৰয় কৰিছিল।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.